প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ ৭৬ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা মল্লযুঁজাৰু পূজা সিহাগক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 AUG 2022 8:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত ২০২২ বৰ্ষৰ কমনৱেল্থ গেমছৰ মহিলাৰ ৭৬ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা মল্লযুঁজাৰু পূজা সিহাগক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“"পূজা সিহাগে এগৰাকী প্ৰতিভাৱান মল্লযুঁজাৰু হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে। তেওঁ কেতিয়াও হতাশ নোহোৱা গুণৰ বাবেই বহু প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। তেওঁ ২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। তেওঁক অভিনন্দন জনাইছো। মই নিশ্চিত যে তেওঁ আগন্তুক দিন ভাৰতক গৌৰৱান্বিত কৰি থাকিব।" #Cheer4India"”

 

***

DS/ST/DB


(ৰিলিজ আই ডি : 1849615) অতিথি কক্ষ : 118