প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ ধৰ্মপুৰৰ শ্ৰীমদ ৰাজচন্দ্ৰ মিছনৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ


গুজৰাটৰ ভালছাদৰ ধৰ্মপুৰত শ্ৰীমদ ৰাজচন্দ্ৰ হাস্পতাল উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

গুজৰাটৰ ভালছাদস্থিত শ্ৰীমদ ৰাজচন্দ্ৰ মহিলাৰ উৎকৰ্ষ কেন্দ্ৰ আৰু শ্ৰীমদ ৰাজচন্দ্ৰ পশু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

“নতুনচিকিৎসালয়ত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সবকা প্ৰয়াসৰ মনোভাৱ শক্তিশালী কৰিছে”

“‘ৰাষ্ট্ৰ শক্তি’ হিচাপে ‘নাৰী শক্তি’ক সমুখলৈ অনাটো আমাৰ দায়িত্ব”

“মহিলা, জনজাতীয়, বঞ্চিত শ্ৰেণীৰ সবলীকৰণৰ বাবে জীৱন উচৰ্গা কৰা লোকসকলে দেশৰ চেতনাক জীয়াই ৰাখিছে”

Posted On: 04 AUG 2022 5:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ ভালছাদ জিলাৰ ধৰ্মপুৰত শ্ৰীমদ ৰাজচন্দ্ৰ মিছনৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে অন্যান্য অতিথিসকলৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত থাকে।

সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চিকিৎসালয়ৰ প্ৰকল্পসমূহে মহিলা আৰু সমাজৰ অন্যান্য আৰ্ত শ্ৰেণীৰ যথেষ্ট সেৱা আগবঢ়াবলৈ সক্ষম হ’ব। তেওঁ শ্ৰীমদ ৰাজচন্দ্ৰ মিছনৰ নীৰৱ সেৱাৰ মনোভাৱক প্ৰশংসা কৰে।

মিছনৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সেৱাৰ অভিলেখৰ প্ৰশংসা কৰি কয় যে বৰ্তমান আজাদী কা অমৃত মহোৎসৱৰ সময়ত এই কৰ্তব্যৰ মনোভাৱটোৱেই হৈছে সময়ৰ আহ্বান। গুজৰাটৰ গ্ৰাম্য স্বাস্থ্যৰ ক্ষেত্ৰত পূজ্য গুৰুদেৱৰ নেতৃত্বত শ্ৰীমদ ৰাজচন্দ্ৰ মিছনে কৰা প্ৰশংসনীয় কাম-কাজক লৈ প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে নতুন চিকিৎসালয়খনৰ দ্বাৰা দৰিদ্ৰসকলৰ সেৱাৰ প্ৰতি মিছনৰ দায়বদ্ধতা শক্তিশালী কৰিছে। এই চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰই সুলভ মূল্যৰ স্বাস্থ্যসেৱা সকলোৰে বাবে সুলভ কৰি তুলিব। ‘এইটোৱে ‘অমৃত কাল’ত এখন সুস্থ ভাৰতৰ দৃষ্টিভংগীক শক্তি প্ৰদান কৰিবলৈ গৈ আছে। ইয়াৰ দ্বাৰা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সবকা প্ৰয়াসৰ (সকলোৰে প্ৰচেষ্টা) মনোভাৱো শক্তিশালী হৈছে”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে “আজাদী কা অমৃত মহোৎসৱত দেশে ইয়াৰ সন্তানসকলক স্মৰণ কৰি আছে, যিসকলে ভাৰতক দাসত্বৰ পৰা মুক্ত কৰিবলৈ প্ৰচেষ্টা চলাইছিল। শ্ৰীমদ ৰাজচন্দ্ৰ জী এনে এগৰাকী সাধু আছিল যাৰ মহান অৱদান এই দেশৰ ইতিহাসৰ অংশ।” শ্ৰীমদ ৰাজচন্দ্ৰ জীক মহাত্মা গান্ধীয়ে কৰা প্ৰশংসাৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ শ্ৰীমদৰ কাম-কাজ অব্যাহত ৰখাৰ বাবে শ্ৰী ৰাকেশ জীক কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলা, জনজাতীয় লোক আৰু বঞ্চিত শ্ৰেণীৰ সবলীকৰণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা এনে লোকে দেশৰ চেতনাক জীয়াই ৰাখিছে। মহিলাৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ ৰূপত লোৱা ডাঙৰ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীমদ ৰাজচন্দ্ৰ জীয়ে শিক্ষা আৰু দক্ষতাৰ জৰিয়তে কন্যা সন্তানক সবলীকৰণৰ ক্ষেত্ৰত অত্যন্ত জোৰ দিছিল। শ্ৰীমদে অতি কম বয়সতে নাৰী সবলীকৰণৰ বিষয়ে আন্তৰিকতাৰে কৈছিল। আজাদী কা অমৃত মহোৎসৱত দেশৰ নাৰী শক্তিক জাতীয় ক্ষমতাৰ ৰূপত চৰ্চালৈ অনাটো আমাৰ সকলোৰে দায়িত্ব বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ভগ্নী-কন্যাসকলে সন্মুখীন হৈ থকা প্ৰতিটো বাধা দূৰ কৰিবলৈ চেষ্টা কৰি আছে, যাৰ বাবে তেওঁলোকে আগবাঢ়িব পৰা নাছিল। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতে আজি যি স্বাস্থ্য নীতি মানি চলিছে, সেইটোৱে আমাৰ চৌপাশৰ প্ৰতিটো প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰে। কেৱল মানুহৰ বাবেই নহয়, জীৱ-জন্তুৰ বাবেও ভাৰতে দেশজোৰা টিকাকৰণ অভিযান চলাই আছে।

প্ৰকল্পটোৰ বিষয়েঃ

ভালছাদৰ ধৰ্মপুৰস্থিত শ্ৰীমদ ৰাজচন্দ্ৰ হাস্পতালৰ প্ৰকল্পৰ ব্যয় প্ৰায় ২০০ কোটি টকা। অত্যাধুনিক চিকিৎসা আন্তঃগাঁথনিৰে সৈতে ২৫০খন বিচনাযুক্ত মাল্টিস্পেচিয়েটী হাস্পতালখনে বিশেষকৈ দক্ষিণ গুজৰাট অঞ্চলৰ জনসাধাৰণক বিশ্বমানৰ চিকিৎসাৰ সুবিধা প্ৰদান কৰিব।

শ্ৰীমদ ৰাজচন্দ্ৰ পশু চিকিৎসালয়খন ১৫০ খন বিছনাযুক্ত চিকিৎসালয় হ’ব আৰু প্ৰায় ৭০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। ইয়াত উন্নত মানৰ সুবিধা আৰু পশু চিকিৎসক আৰু আনুষংগিক কৰ্মচাৰীৰ এটা নিষ্ঠাবান দল থাকিব। চিকিৎসালয়খনে জীৱ-জন্তুৰ যত্ন আৰু ৰক্ষণাবেক্ষণৰ বাবে গতানুগতিক ঔষধৰ সমান্তৰালভাৱে সামগ্ৰিক চিকিৎসা সেৱা আগবঢ়াব।

শ্ৰীমদ ৰাজচন্দ্ৰ মহিলাৰ উৎকৰ্ষ কেন্দ্ৰটো প্ৰায় ৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। ইয়াত বিনোদনৰ বাবে সুবিধা, আত্ম-বিকাশ পৰ্বৰ বাবে শ্ৰেণীকোঠা আৰু জিৰণি লোৱাৰ সুবিধা থাকিব। ইয়াত সাত শতাধিক জনজাতীয় মহিলাক নিয়োগ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত আন হাজাৰ হাজাৰ লোকক জীৱিকাৰ ব্যৱস্থা কৰা হ’ব।

 

***

DS/AK/TS/DB



(Release ID: 1848680) Visitor Counter : 92