প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সবৰকণ্ঠৰ সবৰ দুগ্ধ পামত একাধিক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী পাঠ

Posted On: 28 JUL 2022 5:26PM by PIB Guwahati

ভাৰত মাতা কি-জয়, ভাৰত মাতা কি-জয়!

গুজৰাটৰ জনপ্ৰিয় আৰু মৃদুভাষী মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ জ্যেষ্ঠ সহকৰ্মী আৰু গুজৰাট ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী চি আৰ পাটিল, গুজৰাটৰ বিধান সভাৰ উপাধ্যক্ষ শ্ৰী জেঠাভাই, গুজৰাট চৰকাৰৰ সকলো মন্ত্ৰী, বিধায়ক, সাংসদ, সবৰ দুগ্ধপামৰ কাৰ্য্যালয় বিষয়া আৰু পশুপালনৰ সৈতে জড়িত সকলো কৃষক আৰু ভাতৃ-ভগ্নীসকল!

আজি সবৰ দুগ্ধপাম আৰু অধিক সম্প্ৰসাৰিত হৈছে। ইয়াত কোটি কোটি টকাৰ নতুন প্ৰকল্প স্থাপন কৰা হৈছে। আধুনিক প্ৰযুক্তিৰে সজ্জিত মিল্ক পাউডাৰ প্ৰকল্প আৰু এচেপ্টিক পেকিং শাখাত আৰু এটা লাইন সংযোজিত হোৱাৰ ফলত সবৰ দুগ্ধপামৰ ক্ষমতা আৰু বৃদ্ধি হ'ব। নতুন প্ৰকল্পটোৱে, যাৰ ভেটি আজি স্থাপন কৰা হৈছে, সবৰ দুগ্ধপামৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব। মই সবৰ দুগ্ধপাম আৰু এই সমবায় আন্দোলনৰ সৈতে জড়িত সকলো কৃষক ভাই-ভনী, দুগ্ধপামৰ অধ্যক্ষ আৰু সকলো সঞ্চালকক অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আৰু যেতিয়াই সবৰ দুগ্ধপামৰ কথা আহে, ভূৰাভাইক স্মৰণ নকৰাকৈ ই অসম্পূৰ্ণ হৈ থাকে। ভূৰাভাই পেটেলে দশকৰ পূৰ্বে আৰম্ভ কৰা পদক্ষেপে আজি লাখ লাখ লোকৰ জীৱন সলনি কৰাত সহায় কৰিছে। কোনো লোক সবৰ দুগ্ধপামলৈ আহিলে একো নতুন যেন নালাগে, কিন্তু প্ৰতিদিনে ইয়াত কিবা নতুন হোৱাটো নিশ্চয়কৈ পৰিলক্ষিত হয়। সবৰ দুগ্ধপামৰ কোনো এক অংশ নাই যিটো মই ভ্ৰমণ কৰা নাই। আৰু সবৰ দুগ্ধপাম ভ্ৰমণ কৰোঁতে সকলো সজীৱ হৈ পৰে। যদি বাছ আস্থানত থিয় হয় তেন্তে খেৰ, খেৰ–ৱাডালি, ৱাডালি, ৱাডালি, খেৰ-ৱাডালি, খেৰ-ভিলোদা আদি শব্দই কাণত বাজি থাকিব। যেতিয়াই মই সবৰ দুগ্ধপামলৈ যাওঁ, এই কণ্ঠস্বৰ মোৰ কাণত প্ৰতিধ্বনিত হৈ থাকে। যেতিয়াই মই ইয়ালৈ আহো মোৰ বহুতো বন্ধুৰ স্মৃতি সজীৱ হৈ উঠে। দুখৰ কথা যে মোৰ কিছুমান বন্ধুৰ মৃত্যু হৈছে। মই শ্ৰীৰাম সংখলা, জয়েন্দ্ৰ সিংভাই ৰাথোড়, এছ.এম. খাণ্ট, ধীমন্ত পেটেল, মোৰ ভাতৃ গজানন্দ প্ৰজাপতি, বিনোদ খিলজীভাইক স্মৰণ কৰিছোঁ। বহুতো পুৰণি বন্ধু আছিল আৰু আজিও তেওঁলোকৰ মুখবোৰ মোৰ সন্মুখত জিলিকি আছে। ভালজীভাই, প্ৰবীণ সিং দেওৰা, বা মোদাছাৰ ৰাজাবালিয়ে হওঁক। বহুতো মানুহ আৰু পৰিয়ালৰ বহুতো সদস্যৰ স্মৃতিয়ে মোক আমনি কৰে, কিয়নো তেওঁলোকৰ সৈতে মোৰ এক গভীৰ সম্পৰ্ক আছিল। দয়াভাই ভট্ট, মুলজীভাই পাৰমাৰ আৰু এনে বহুতো জ্যেষ্ঠ আৰু বন্ধুৰ দৰে অতি সন্মানীয় নাম আছে। মই তেওঁলোকৰ বহুতৰ সৈতে কাম কৰিছিলোঁ। যেতিয়াই মই এই ঠাইখন ভ্ৰমণ কৰাৰ সুযোগ পাওঁ মই প্ৰায়ে ৰামনীকভাইক লগ পাও। মই আন বহুতো পৰিয়ালক লগ পাম। কিন্তু এতিয়া আপোনালোক সকলোৱে মোক এনেকুৱা এটা দায়িত্ব অৰ্পণ কৰিছে যিটো মই কেৱল পুৰণি দিনবোৰ মনত ৰাখি উপভোগ কৰোঁ।

 

বন্ধুসকল,

আপোনাসৱে ইয়াত দুটা দশক আগৰ পৰিস্থিতিবোৰৰ বিষয়ে ভালদৰে অৱগত আৰু ময়ো ইয়াক দেখিছোঁ। আজিকালি, আমি গুজৰাটৰ বহু ঠাইত অত্যাধিক বৰষুণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। এজন গুজৰাটীৰ বাবে বৰষুণ নিজেই ইমান আনন্দ আৰু সন্তুষ্টি, যিটো ৰাজ্যৰ বাহিৰৰ মানুহে বুজিব নোৱাৰে। কিয়নো ইয়াত পাঁচ আৰু দহ বছৰ ধৰি দুৰ্ভিক্ষ হয় আৰু মানুহে বৰষুণৰ বাবে অপেক্ষা কৰিবলগা হয়। ধাৰাসাৰ বৰষুণে ইয়াত মানুহক আৱেগিক কৰি তোলে। দুৰ্ভিক্ষৰ সময়ত কোনো শস্য সম্ভৱ নহয়। পশুপালনৰ বাবেও এটা সমস্যা আছে, কিয়নো পশুখাদ্য পোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান। আমি সেই দিনবোৰ দেখিছোঁ যেতিয়া মানুহে তেওঁলোকৰ সন্তানক চহৰলৈ পঠিয়াবলৈ আৰু তেওঁলোকৰ বাকী জীৱন গাঁৱত কটোৱাৰ বাবে বুজাপৰা কৰিবলগা হৈছিল। আৰু সেই সময়ত মই আপোনাসৱৰ সহযোগিতা আৰু অটল বিশ্বাসেৰে এই পৰিস্থিতি সলনি কৰাৰ সংকল্প লৈছিলোঁ। আৰু গুজৰাটত জলসিঞ্চনৰ সুবিধা বিস্তাৰিত হোৱাৰ লগে লগে আমি কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ আৰু দুগ্ধপাম এক বৃহৎ শক্তি হিচাপে প্ৰমাণিত হৈছে। দুগ্ধপামে অৰ্থনীতিক স্থিৰতা প্ৰদান কৰিছিল, সুৰক্ষা প্ৰদান কৰিছিল আৰু লগতে নিযুক্তিৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছিল। যেতিয়া মই ভগ্নীসকলৰ সৈতে বহি আছিলোঁ মই তেওঁলোকৰ খা-খবৰ সুধিছিলোঁ। মই তেওঁলোকক সুধিছিলোঁ তেওঁলোকে কিদৰে আছে আৰু তেওঁলোকে কিমান উপাৰ্জন কৰিছে। তেতিয়া মই তেওঁলোকক সুধিছিলোঁ যে তেওঁলোকে লাভেৰে কি কৰে। তেওঁলোকে মোক কৈছিল যে তেওঁলোকে লাভেৰে সোণ ক্ৰয় কৰে। তেওঁলোকে কৰা প্ৰথম কামটো হ'ল সোণ ক্ৰয় কৰা।

 

বন্ধুসকল,

গুজৰাট দেশৰ এনে এখন ৰাজ্য য'ত আমি বহু বছৰ আগতে জন্তুৰ বাবে স্বাস্থ্য কাৰ্ড জাৰী কৰিছিলোঁ আৰু পশু স্বাস্থ্য মেলা আৰম্ভ কৰিছিলোঁ। আমি আনকি জন্তুৰ ছানি পৰা আৰু দাঁতৰ চিকিৎসাৰ যত্ন লৈছিলোঁ। আপোনাসৱে অৱগত, পশু স্বাস্থ্য মেলাত অস্ত্ৰোপচাৰৰ সময়ত গৰুবোৰৰ পেটৰ পৰা ১৫ৰ পৰা ২০ কিলোগ্ৰাম প্লাষ্টিক আৱৰ্জনা ওলাই আহিছিল। ই মানুহৰ চকুলো বোৱাইছিল। সেয়েহে, আমি প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ এটা অভিযান আৰম্ভ কৰিছোঁ। প্লাষ্টিক আমাৰ জন্তুৰ শত্ৰুৰ দৰে। আনহাতে, জন্তুবোৰৰ বিষয়ে চিন্তা কৰা উচিত যাতে তেওঁলোকে ভাল পুষ্টি লাভ কৰে। আজি মোৰ ভগ্নীসকলে মোৰ সৈতে কিবা এটা ভাগ বতৰা কৰিছে যিটো অতি আনন্দদায়ক। এইটোৱে খুব কম প্ৰচাৰ পাইছে। তেওঁলোকে মোক কৈছিল যে তেওঁলোকে আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা অসুস্থ জন্তুবোৰক আৰোগ্য কৰে। অৰ্থাৎ জীৱ-জন্তুৰ আৰোগ্যৰ বাবে আমাৰ পৰম্পৰাগত আদিম পৰম্পৰাবোৰ পুনৰুজ্জীৱিত কৰা হৈছে। গুজৰাটৰ দুগ্ধ খণ্ড আৰু সবৰ দুগ্ধপামৰ লোকসকলক মই অন্তৰেৰে অভিনন্দন জনাইছোঁ যে তেওঁলোকে আয়ুৰ্বেদ ঔষধৰ সহায়ত জীৱ-জন্তুৰ চিকিৎসাত সহায় কৰিছে।

যেতিয়া মই ইয়াত ২০০১ চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ, মানুহে মোক অন্তত ৰাতিৰ আহাৰৰ সময়ত বিদ্যুৎ যোগান ধৰিবলৈ অনুৰোধ কৰিছিল। সন্ধিয়া গুজৰাটত বিদ্যুৎ নাছিল। আমি জ্যোতিগ্ৰাম যোজনাৰ অভিযান আৰম্ভ কৰিছিলোঁ। আজি, ২০-২২ বছৰীয়া ল'ৰা আৰু ছোৱালীয়ে আনকি অন্ধকাৰ কাক কয় সেয়াও নাজানিব। আমি গুজৰাটত জ্যোতিগ্ৰাম আঁচনি আৰম্ভ কৰিছিঁলো। আৰু জ্যোতিগ্ৰাম আঁচনিয়ে কেৱল গুজৰাটৰ ঘৰলৈয়ে নহয়, টিভিবোৰো আলোকিত কৰিছিল। ই গাওঁবোৰত শীতল গাখীৰ গোট স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু যাৰ ফলত গাখীৰ সংগ্ৰহ বৃদ্ধি পাইছিল আৰু গাখীৰ নষ্ট হোৱা বন্ধ হৈছিল। গাড়ী অহালৈকে গাখীৰবোৰ শীতল কেন্দ্ৰসমূহত সুৰক্ষিত হৈ আছিল। ফলস্বৰূপে, লোকচানো হ্ৰাস হ'বলৈ আৰম্ভ কৰে আৰু বিদ্যুতৰ বাবে ই সম্ভৱ হয়। যোৱা দুটা দশকত গুজৰাটত বিকশিত কৰা প্ৰণালীবোৰে আজি উন্নত ফলাফল লাভ কৰিছে। আজি গুজৰাটৰ দুগ্ধ বজাৰ এক লাখ কোটি টকাত উপনীত হৈছে।

 

বন্ধুসকল,

যেতিয়া মই ২০০৭ চনত আৰু ২০১১ চনত ক্ষমতালৈ ঘূৰি আহিছিলোঁ, মোৰ মনত আছে দুগ্ধ খণ্ডত মোৰ বন্ধুবৰ্গৰ সৈতে প্ৰকল্পৰ প্ৰক্ৰিয়াকৰণৰ বিষয়ে কথা পাতিছিলোঁ। মই তেওঁলোকক মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ কৈছিলোঁ। দুগ্ধ সমিতিৰ মহিলাসকলৰ আগতে কম কাম আছিল, কিন্তু মই সুখী যে আজি সেই সমিতিবোৰত কমেও তিনিগৰাকী মহিলা কাৰ্যবাহী আছে আৰু কিছুমান ঠাইত মহিলাৰ সংখ্যা পুৰুষতকৈ বেছি। আমি তেতিয়া গুজৰাটত এটা নিয়ম কৰিছিলোঁ আৰু মই আজি লগ পোৱা ভগ্নীসকলকো এই বিষয়ে সোধা-পোছা কৰিছিলোঁ। সেই সময়ত, মই এটা নিয়ম কৰিছিলোঁ যে যিয়ে গাখীৰ কিনিবলৈ আহে, তেওঁ কেৱল মহিলাসকলকহে টকা দিব লাগে, কোনো পুৰুষক নহয়। যদি এই ধন মহিলাৰ হাতলৈ যায় তেন্তে ইয়াক সঠিক ৰূপত ব্যৱহাৰ কৰা হ'ব। ই পৰিয়ালৰ উন্নতি আৰু জীৱ-জন্তুৰ কল্যাণৰ বাবে হ'ব। আজি কেৱল গুজৰাটত গাখীৰৰ ধন মহিলাইহে লাভ কৰে আৰু ইয়াৰ ফলস্বৰূপে, মোৰ মহিলা, ভগ্নী আৰু মাতৃসকলকো ক্ষমতা প্ৰদান কৰা হৈছে।

গুজৰাটত সমবায় আৰু সংস্কৃতিৰ এক সমৃদ্ধ পৰম্পৰা আছে। কেৱল সমবায়ৰ বাবেহে সমৃদ্ধি আছে। আমি গাখীৰ সমবায় আন্দোলনৰ সফলতা কৃষিৰ অন্যান্য ক্ষেত্ৰলৈও সম্প্ৰসাৰিত কৰি আছোঁ। আমি ১০,০০০ কৃষক উৎপাদক সংগঠন (এফপিঅ') স্থাপনৰ বাবে দ্ৰুতগতিত কাম কৰি আছোঁ। ক্ষুদ্ৰ কৃষকসকলে এই এফপিঅ'বোৰৰ সহায়ত খাদ্য প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজিত ৰপ্তানি আৰু যোগান শৃংখলাৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব। ই গুজৰাটৰ মোৰ কৃষক ভাই-ভনীসকলক যথেষ্ট উপকৃত কৰিব।

 

ভাই-ভনীসকল,

যোৱা আঠ বছৰত কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰচেষ্টাৰ ফলত গুজৰাটকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি পাইছে। উদ্যানশস্য পালন, পশুপালন আৰু মৎসপালনে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিছে। আৰু লক্ষণীয়ভাৱে, ভূমিহীন কৃষকসকল, যিসকল আটাইতকৈ দৰিদ্ৰ, তেওঁলোকৰ উপাৰ্জন সৰ্বাধিক বৃদ্ধি হৈছে। একেদৰে, অতি কম মাটি থকা কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি পাইছে। এক প্ৰকাৰে, শস্য ৰোপণৰ বাহিৰে আন উপাৰ্জনৰ বিকল্প উৎসৰ ওপৰত কাম কৰাৰ কৌশলে আজি সহায় কৰিছে।

খাদী আৰু গ্ৰামোদ্যোগো ইয়াৰ এক ভাল উদাহৰণ। খাদী আৰু গ্ৰামোদ্যোগোৰ টাৰ্ণ অ'ভাৰে প্ৰথমবাৰৰ বাবে ১ লাখ কোটি টকা অতিক্ৰম কৰিছে। এই কাৰণেই যোৱা আঠ বছৰত এই খণ্ডৰ গাওঁসমূহত ১.৫ কোটিতকৈও অধিক নতুন চাকৰি সৃষ্টি হৈছে। একেদৰে, ২০১৪ চনৰ আগৰ ৭-৮ বছৰৰ তুলনাত যোৱা আঠ বছৰত মৌৰ উৎপাদন বৃদ্ধি পাইছে। সবৰ দুগ্ধপামৰ মানুহে মোক কৈছিল যে তেওঁলোকে কৃষকসকলক বাকচ দি গোটেই সবৰ কণ্ঠত মৌ উৎপাদনৰ বাবে প্ৰস্তুতি চলাই আছে। ইমান কম সময়ৰ ভিতৰত মৌৰ উৎপাদন প্ৰায় দুগুণ হ'বলৈ গৈ আছে। আন এটা সুবিধা আছে। যদি পথাৰত মৌমাখি থাকে, ই খেতিয়কৰ দৰে আপোনাৰ সংগী হিচাপেও কাম কৰে। মৌমাখি কৃষিৰ পৰিপূৰক।

তদুপৰি, আজি পেট্ৰ'লত ইথানল মিহলি হোৱাৰ সংখ্যা ১০ শতাংশতকৈও অধিক। এই ইথানল কেনেদৰে তৈয়াৰ কৰা হয়? ই কুঁহিয়াৰ আৰু মাকৈৰ পৰা তৈয়াৰ কৰা হয়। এতিয়ালৈকে, উপসাগৰৰ পৰা খাৰুৱা তেল আমদানি কৰা হৈছিল। এতিয়া খাৰুৱা তেল উৎপাদনৰ বাবে তুঁহ ব্যৱহাৰ কৰা হৈছে। ই কেৱল আমাৰ সম্পদতে সহায় নকৰে,  পৰিৱেশো সুৰক্ষিত কৰা হৈছে। ২০১৪ চনলৈকে, দেশত ৪০ কোটি লিটাৰৰ কম ইথানল মিশ্ৰণ কৰা হৈছিল। আজি ই প্ৰায় ৪০০ কোটি লিটাৰ। আমাৰ চৰকাৰে যোৱা দুবছৰত এটা বিশেষ অভিযান চলাই ৩ কোটিৰো অধিক কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰিছে। প্ৰথমবাৰৰ বাবে কৃষক আৰু মাছমৰীয়াসকলকো কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে।

 

ভাই-ভনীসকল,

আমি নিম আৱৰণযুক্ত ইউৰিয়াৰ দৰে পদক্ষেপেৰে কৃষিৰ ব্যয় হ্ৰাস কৰিবলৈ, বন্ধ সাৰ কাৰখানাবোৰ পুনৰ আৰম্ভ কৰিবলৈ আৰু নেনো সাৰৰ ওপৰত কাম কৰি নিৰন্তৰ চেষ্টা কৰি আছোঁ। সাৰৰ মোনাৰ বিপৰীতে, নেনো সাৰ বটলএ টাত আহে আৰু সমানে উপযোগী হয়। ই কম প্ৰচেষ্টাৰে অধিক লাভ। আজি নেনো সাৰৰ ওপৰত কাম চলি আছে। যোৱা কেইমাহমানত সমগ্ৰ বিশ্বতে ইউৰিয়াৰ মূল্য বহুগুণে বৃদ্ধি পাইছে, কিন্তু আমি এই বোজা দেশৰ কৃষকসকলৰ ওপৰত পৰিবলৈ নিদিলো। সাৰ আমদানি কৰিব লাগিব। হঠাতে, দাম বহুগুণে বাঢ়ি গ'ল। কিন্তু দিল্লীত আপোনাসৱৰ এই চৰকাৰে এই বোজা আমাৰ কৃষকসকলৰ ওপৰত পৰিবলৈ নিদিলে। ভাৰত চৰকাৰে আজি ইয়াৰ বোজা বহন কৰি আছে।

ইউৰিয়াৰ এটা ৫০ কিলোগ্ৰাম মোনাৰ বাবে চৰকাৰৰ ৩,৫০০ টকা ব্যয় হয়। কিমান? এটা মোনাৰ মূল্য ৩,৫০০ টকা। কিমান? ৩,৫০০ টকা! আৰু চৰকাৰে কৃষকসকলৰ পৰা কিমান মাচুল লয়? মাত্ৰ ৩০০ টকা! ৩,৫০০ টকা মূল্যৰ মোনাটোৱে মোৰ কৃষক ভাতৃসকলক বোজা দিব নালাগে, আৰু সেয়েহে, এইটো তেওঁলোকক সমগ্ৰ দেশত মাত্ৰ ৩০০ টকাত দিয়া হয়। আগতে চৰকাৰে ডিএপিৰ ৫০ কিলোগ্ৰামৰ মোনাত ৫০০ টকাৰ বোজা বহন কৰিছিল। আজি, বিশ্বত বৰ্ধিত মূল্যৰ বাবে, চৰকাৰে ২,৫০০ টকাৰ বোজা বহন কৰিব লাগিব। কিন্তু আমি কৃষকসকলক এই বোজা বহন কৰিবলৈ নিদিওঁ।

 

বন্ধুসকল,

গুজৰাটৰ কৃষকসকলেও এই সকলো আঁচনিৰ সুবিধা লাভ কৰিছে। বিগত বছৰবোৰত, আৰ্ভালীৰ ৫০,০০০ৰো অধিক কৃষকৰ ক্ষেত্ৰবোৰ ক্ষুদ্ৰ জলসিঞ্চন সুবিধাৰ সৈতে সংযুক্ত হৈছে। আৰু মই এই ক্ষেত্ৰত আৰ্ভালী জিলাৰ কৃষক ভাতৃসকলক বিশেষভাৱে অভিনন্দন জনাব বিচাৰো। আজি আৰ্ভালীৰ বহুতো গাওঁ আছে য'ত কৃষকসকলে ১০০% ড্ৰিপ জলসিঞ্চনৰ সৈতে তেওঁলোকৰ ভূমিত পানী লাভ কৰি আছে। সুজলাম-সুফলাম আঁচনিৰ বাবে সবৰকণ্ঠৰ এনে বহুতো তহচিলত পানী যোগান ধৰা হৈছে, য'ত ইয়াৰ কথা আগতে কল্পনাও কৰিব পৰা নাছিল। হাঠমতী খালৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্প সম্পূৰ্ণ হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধি পাইছে। চহৰসমূহৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ হৰ ঘৰ জল অভিযানৰ অধীনত কোটি কোটি টকাও খৰচ কৰা হৈছে।

 

বন্ধুসকল,

আজি, সবৰকণ্ঠ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰত ৰে'ললাইন বহল কৰা, ৰে'লৱে দলং নিৰ্মাণ, ঘাইপথ বহল কৰা আৰু সেইবোৰৰ দৈৰ্ঘ্য বৃদ্ধিৰ সৈতে এক অভূতপূৰ্ব সংযোগ আন্তঃগাঁথনি আছে। ১৫০ কিলোমিটাৰ দীঘল চাৰি লেনৰ শামলাজী-মোদাচা পথটোৱে দক্ষিণ গুজৰাটৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰে। ই সবৰকণ্ঠক দক্ষিণ আৰু মধ্য গুজৰাটৰ সৈতে সংযোগ কৰিব। ফলস্বৰূপে, সমগ্ৰ জনজাতীয় এলেকা, খেদব্ৰহ্ম, মেঘৰাজ, মালপুৰ বা ভিলোদাই হওঁক, দ্ৰুতগতিত উন্নয়নৰ সৈতে সংযুক্ত হৈ আহিছে। হিম্মত নগৰৰ পৰা খেদব্ৰহ্ম ব্ৰডগজ লাইনৰ কাম দ্ৰুত গতিত চলি আছে। ভাই-ভনীসকল, আপোনাসৱৰ মনত থাকিব যে যদিহে আপোনাসৱে হিম্মত নগৰৰ পৰা মেহছানালৈ যাব লগা হয় তেন্তে আপোনাসৱে সাতবাৰ ভাবিব লগা হৈছিল। ইয়াৰ বাবে কেইবা ঘণ্টা লাগিছিল, কিন্তু এতিয়া নতুন ৰাস্তা নিৰ্মাণৰ বাবে, আপোনাসৱে চাৰে তিনি ঘণ্টাৰ ভিতৰত তাত উপস্থিত হ'ব পাৰিব। আপোনাসৱে কম সময়তে হিম্মত নগৰ, মেহছানা আৰু বিজাপুৰ পাব।

চাৰি লেনৰ পথটো হিম্মত নগৰৰ পৰা অম্বাজীলৈ নিৰ্মাণ কৰা হৈছিল। উত্তৰ গুজৰাট, দক্ষিণ গুজৰাট বা মধ্য গুজৰাটৰ পৰা মা অম্বা ভ্ৰমণ কৰা সকলো লোকে এই পথটো বাছনি কৰে। অৰ্থাৎ, এই অঞ্চলবোৰৰ চাৰিওফালৰ লোকসকলেও তেওঁলোকৰ জীৱিকা উপাৰ্জন কৰি আছে। আৰু এতিয়া শ্বামলাজীৰ পৰা আহমেদাবাদলৈ ছয় লেনৰ ঘাইপথ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে। ইয়াৰ বাবে ১৩০০ কোটি টকা খৰচ কৰা হৈছে। আপোনাসৱে জানে যে কৰোনাৰ বিৰুদ্ধে যুঁজৰ সময়ত হিম্মত নগৰৰ চিকিৎসা মহাবিদ্যালয়খন যথেষ্ট সহায়ক বুলি প্ৰমাণিত হৈছিল। আমি বহুত ধন্য হৈছিলোঁ।

 

বন্ধুসকল,

যেতিয়া যাতায়াত ব্যৱস্থা আৰু আন্তঃগাঁথনি উন্নত হয়, পৰ্যটন যথেষ্ট লাভান্বিত হয় আৰু আমাৰ যুৱ প্ৰজন্মই নিযুক্তি লাভ কৰে। সবৰকণ্ঠ আৰু বনসকণ্ঠ হৈছে বিশ্বাস, জনজাতীয় পৰম্পৰা আৰু প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ ঠাই। আৰু মই সৌভাগ্যৱান যে মই শামলাজী মন্দিৰৰ নৱীকৰণৰ সৌভাগ্য লাভ কৰিছিলোঁ। আজি যিয়ে তালৈ যায় তেওঁ শামলাজীৰ অৱস্থা নাজানিব। আৰু এই অঞ্চলত হোৱা উন্নয়নৰ বাবে, জীৱিকাৰ সুযোগৰ লগতে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে।

 

ভাই-ভনীসকল,

মই এনে এটা সময়ত সবৰকণ্ঠলৈ আহিছোঁ যি সময়ত দেশখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে আৰু স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে। স্বাধীনতাৰ এই অমৃত বৰ্ষত বাল চিতাৰিয়া জনজাতীয় গণহত্যাৰ ঘটনাৰো ১০০ বছৰ সম্পূৰ্ণ হৈছে। জনজাতীয় নায়ক মতিলাল তেজাৱতজীৰ নেতৃত্বত জনজাতীয় সম্প্ৰদায়সমূহে ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল। সবৰকণ্ঠৰ মানুহে ব্ৰিটিছসকলৰ মাজত কঁপনি তুলিছিল, যিয়ে জনজাতীয় লোকসকলক হত্যা কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ, স্বাধীনতাৰ পিছত এই ঘটনাটো পাহৰণিৰ গৰ্ভত আছিল। ভৱিষ্যত প্ৰজন্মৰ আগত জনজাতীয় সম্প্ৰদায়ৰ ত্যাগক সন্মুখলৈ অনাটো মোৰ সৌভাগ্য আছিল। আৰু সেইকাৰণে আমি বাল চিতাৰিয়া শ্বহীদ স্মাৰক পুনৰ নিৰ্মাণত সফল হৈছিলোঁ। আজি শ্বহীদ স্মৃতি বনে সেই অমৰ ত্যাগৰ অনুপ্ৰেৰণাৰে নতুন প্ৰজন্মক দেশপ্ৰেমৰ পথ দেখুৱাইছে।

মোৰ সৌভাগ্য যে প্ৰধানমন্ত্ৰী হিচাপে, স্বাধীনতাৰ বাবে জনজাতীয় সমাজৰ অৱদানক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াৰ সুযোগো মই লাভ কৰিছোঁ। আমি ১৫ নৱেম্বৰত ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ চৰকাৰে সমগ্ৰ দেশতে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত বিশেষ সংগ্ৰহালয় নিৰ্মাণ কৰি আছে।

 

বন্ধুসকল,

স্বাধীনতাৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত আন এটা গুৰুত্বপূৰ্ণ কাকতালীয় ঘটনা ঘটিছে। প্ৰথমবাৰৰ বাবে, জনজাতীয় সমাজৰ পৰা অহা দেশৰ কন্যা এগৰাকী ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হৈছে। দেশে শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ইয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰিছে। ই ১৩০ কোটিতকৈও অধিক ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত। স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰা আমাৰ পূৰ্বপুৰুষসকলে সপোন দেখি থকা সামগ্ৰিক গণতন্ত্ৰ আজি উপলব্ধি কৰা হৈছে।

 

বন্ধুসকল,

আজি মই গুজৰাটৰ সকলো লোক আৰু দেশবাসীক এই পবিত্ৰ ভূমি সবৰকণ্ঠৰ পৰা অনুৰোধ জনাইছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰীয়েও উল্লেখ কৰিছে যে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানত, দেশৰ প্ৰতিটো ঘৰে ১৩ আগষ্টৰ পৰা ত্ৰিৰংগা উত্তোলন কৰিব। আমি সবৰকণ্ঠ, আৰ্ভালীৰ লগতে সমগ্ৰ গুজৰাট আৰু সমগ্ৰ দেশতে এই ত্ৰিৰংগা উত্তোলন কৰি 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ এই সৎ সংকল্প ল'ব লাগিব। যিসকলে দেশৰ স্বাধীনতাৰ বাবে ত্যাগ কৰিছিল তেওঁলোকে আপোনাসৱৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰা দেখি আপোনাসৱক আশীৰ্বাদ দিব।

আজি, সবৰকণ্ঠই মোক যি সন্মান প্ৰদান কৰিছে আৰু ইমান বৃহৎ সংখ্যক মোৰ মাতৃ আৰু ভগ্নীসকলে মোক যি আশীৰ্বাদ দিছে সেয়া হৈছে মোৰ শক্তি আৰু অনুপ্ৰেৰণা। আপোনাসৱৰ আশীৰ্বাদেৰে মই গুজৰাটে মোক দিয়া মূল্যবোধৰ সৈতে জনসাধাৰণৰ কল্যাণৰ বাবে যাতে প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰোঁ! ভাৰতৰ প্ৰতিখন গাঁৱত যাতে কল্যাণমূলক প্ৰচেষ্টাই স্পৰ্শ কৰে! আপোনাসৱৰ আশীৰ্বাদ মোৰ আটাইতকৈ ডাঙৰ সম্পদ। মই আপোনাসৱৰ প্ৰতি গভীৰভাৱে কৃতজ্ঞ আৰু সবৰ দুগ্ধপামৰ গোটেই দলটোক তেওঁলোকৰ নিৰন্তৰ সম্প্ৰসাৰণ আৰু বিকাশ অভিযানৰ বাবে অভিনন্দন জনাইছোঁ। বহুত ধন্যবাদ। আপোনাসৱৰ দুয়োখন হাত দাঙক আৰু মোৰ সৈতে ডাঙৰকৈ কওঁকঃ

 

ভাৰত মাতা কি-জয়!

ভাৰত মাতা কি-জয়!

ভাৰত মাতা কি-জয়!

ধন্যবাদ!

 

 ***

DS/VJ/VK/AK/KG



(Release ID: 1846712) Visitor Counter : 352