প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৩০ জুলাইত শক্তি খণ্ডৰ পুনর্গঠিত বিতৰণ খণ্ড আঁচনি শীৰ্ষক ঐতিহাসিক পদক্ষেপৰ শুভাৰম্ভ কৰিব


আঁচনিৰ পাঁচ বছৰৰ ব্যয়ঃ ৩ লাখ কোটি টকাৰো অধিক

আঁচনিখনৰ লক্ষ্য হৈছে ‘ডিস্কম’ আৰু শক্তি বিভাগৰ কাৰ্য্যকৰী দক্ষতা আৰু বিত্তীয় বহনক্ষমতাৰ অগ্ৰগতি সাধন

প্ৰধানমন্ত্ৰীয়ে ‘উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যৎ – Power @2047’ ৰ গ্ৰেণ্ড ফাইনেলত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে ৫২০০ কোটি টকাৰো অধিক মূল্যৰ এনটিপিচিৰ একাধিক সেউজ শক্তি প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে নেশ্যনেল চ’লাৰ ৰুফটপ পৰ্টেলৰ শুভাৰম্ভ কৰিব

Posted On: 29 JUL 2022 2:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুলাইৰ দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যৎ – Power @2047’ ৰ গ্ৰেণ্ড ফাইনেলত অংশগ্ৰহণ কৰিব। এই কার্যসূচীতে প্রধানমন্ত্রীয়ে পুনৰ্গঠিত বিতৰণ খণ্ড আঁচনি (Revamped Distribution Sector Scheme) ৰ শুভাৰম্ভ কৰিব। তেখেতে এনটিপিচিৰ একাধিক সেউজ শক্তি প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তেখেতে লগতে নেশ্যনেল চ’লাৰ ৰুফটপ পৰ্টেলৰ শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত চৰকাৰখনে শক্তি খণ্ডটোত একাধিক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই সংস্কাৰৰাজিয়ে সকলোৰে বাবে সুলভ মূল্যত শক্তি উপলব্ধকৰণত গুৰুত্ব আৰোপেৰে খণ্ডটোৰ ৰূপান্তৰ সাধন কৰিছে। পূৰ্বতে বিদ্যুতৰ সুবিধা নথকা প্ৰায় ১৮,০০০ খন গাঁৱৰ বৈদ্যুতীকৰণে অন্তিম প্ৰান্তকো সংযোজিতকৰণৰ অৰ্থে চৰকাৰখনৰ অংগীকাৰকে সূচিত কৰে।

এক ঐতিহাসিক পদক্ষেপৰ সূচনাৰে প্ৰধানমন্ত্ৰীয়ে শক্তি মন্ত্ৰালয়ৰ ধ্বজাবাহী পুনৰ্গঠিত বিতৰণ খণ্ড আঁচনিৰ শুভাৰম্ভ কৰিব। ইয়াৰ লক্ষ্য হৈছে ‘ডিস্কম’ (DISCOM) আৰু শক্তি বিভাগসমূহৰ কাৰ্য্যকৰী দক্ষতা আৰু বিত্তীয় বহনক্ষমতাৰ অগ্ৰগতি সাধন কৰা। ২০২১-২২ বিত্তীয় বৰ্ষৰপৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে পাঁচ বছৰৰ বাবে ৩ লাখ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে আঁচনিখনৰ লক্ষ্য হৈছে বিতৰণ আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু সুদৃঢ়কৰণৰ অৰ্থে ‘ডিস্কম’ সমূহক আৰ্থিক সাহায্য প্ৰদান, প্ৰান্তীয় উপভোক্তাসকলক যোগানৰ নিৰ্ভৰযোগ্যতা আৰু মানদণ্ডৰ অগ্ৰগতি সাধনত গুৰুত্ব আৰোপ কৰা। ইয়াৰোপৰি, সকলো ৰাজ্যিক-খণ্ডৰ ‘ডিস্কম’ আৰু শক্তি বিভাগৰ কাৰ্য্যকৰী দক্ষতা আৰু বিত্তীয় বহনক্ষমতাৰ অগ্ৰগতি সাধনেৰে ২০২৪-২৫ ৰ ভিতৰত এটিএণ্ডচি (এগ্ৰিগেট টেকনিকেল আৰু কমাৰ্চিয়েল) লোকচান সৰ্ব-ভাৰতীয় স্তৰত ১২-১৫% আৰু এচিএছ-এআৰআৰ (এভাৰেজ কষ্ট অৱ চাপ্লাই - এভাৰেজ ৰেভিনিউ ৰিয়েলাইজড) ব্যৱধান শূন্যলৈ হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এই কার্য্যসূচীতে প্রধানমন্ত্রীয়ে তদুপৰি ৫২০০ কোটিৰো অধিক টকা মূল্যৰ এনটিপিচিৰ একাধিক সেউজ শক্তি প্রকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তেখেতে তেলেংগানাত ১০০ মেগাৱাটৰ ৰামগুণ্ডম ভাসমান সৌৰ প্ৰকল্প আৰু কেৰেলাত ৯২ মেগাৱাটৰ কায়ামকুলাম ভাসমান সৌৰ প্ৰকল্প উদ্বোধন কৰিব। তেখেতে ৰাজস্থানত ৭৩৫ মেগাৱাটৰ নোখ সৌৰ প্ৰকল্প, লেহত সেউজ হাইড্ৰ’জেন মবিলিটি প্ৰকল্প আৰু গুজৰাটত কাৱাছ সেউজ হাইড্ৰ’জেন মিশ্ৰণ আৰু প্ৰাকৃতিক গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

ৰামগুণ্ডম প্ৰকল্পটো হৈছে ভাৰতৰ সৰ্ববৃহৎ ভাসমান (floating) সৌৰ পিভি প্ৰকল্প য’ত ৪.৫ লাখ ‘মেড ইন ইণ্ডিয়া’ সৌৰ পিভি মডিউল আছে। কায়ামকুলাম প্ৰকল্পটো হৈছে পানীত ওপঙি থকা ৩ লাখ ‘মেড ইন ইণ্ডিয়া’ সৌৰ পিভি পেনেলৰে গঠিত দ্বিতীয় সৰ্ববৃহৎ ভাসমান সৌৰ পিভি প্ৰকল্প।

ৰাজস্থানৰ জয়ছালমেৰৰ নোখস্থিত ৭৩৫ মেগাৱাটৰ সৌৰ পিভি প্ৰকল্পটো হৈছে একক স্থানত ১০০০ মেগাৱাট শক্তিৰে ভাৰতৰ সৰ্ববৃহৎ ঘৰুৱা উপাদানৰ প্ৰয়োজনীয়তা আধাৰিত সৌৰ প্ৰকল্প। ইয়াত ট্ৰেকাৰ ব্যৱস্থাৰে উচ্চ-ৱাট ক্ষমতাৰ বাইফেচিয়েল পিভি মডিউল সংস্থাপন কৰা হৈছে। লাডাখৰ লেহস্থিত সেউজ হাইড্ৰ’জেন মবিলিটি প্ৰকল্পটো হৈছে এটি পাইলট প্ৰজেক্ট আৰু ইয়াৰ লক্ষ্য হৈছে লেহত আৰু ইয়াৰ আশে-পাশে পাঁচখন ফুৱেল চেল বাছ চলোৱা। এই পাইলট প্ৰকল্পটোৰ জৰিয়তে ভাৰতত ৰাজহুৱা ব্যৱহাৰৰ অৰ্থে ফুৱেল চেল বৈদ্যুতিক বাহনৰ প্ৰথম মোতায়েন কৰা হ’ব। এনটিপিচি, কাৱাছ টাউনশ্বিপৰ সেউজ হাইড্ৰ’জেন মিশ্ৰণ পাইলট প্ৰকল্পটো হ’ব ভাৰতৰ প্ৰথম সেউজ হাইড্ৰ’জেন মিশ্ৰণ প্ৰকল্প যিয়ে প্ৰাকৃতিক গেছৰ ব্যৱহাৰ হ্ৰাসত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে নেশ্যনেল চ’লাৰ ৰুফটপ পৰ্টেলৰ শুভাৰম্ভ কৰিব, যাৰ ফলত আৱেদন পঞ্জীয়নৰপৰা আৰম্ভ কৰি প্ৰকল্প স্থাপন আৰু পৰিদৰ্শনৰ পিছত আৱাসিক উপভোক্তাসকলৰ বেংক একাউন্টত ৰাজসাহায্য প্ৰদানলৈকে ছাদৰ ওপৰত সৌৰ প্ৰকল্প স্থাপনৰ প্ৰক্ৰিয়াৰ অনলাইন অনুসৰণ প্ৰশস্ত হ’ব।

উদযাপিত হৈ থকা ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ অংশ হিচাপে ২৫ জুলাইৰপৰা ৩০ জুলাইলৈ ‘উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যৎ – Power @2047’ অনুষ্ঠিত কৰা হৈছে। সমগ্ৰ দেশতে আয়োজিত এই কাৰ্য্যসূচীত বিগত আঠটা বছৰত শক্তি খণ্ডটোত সাধিত ৰূপান্তৰৰাজিক থূপাই প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে চৰকাৰৰ বিভিন্ন শক্তি সম্পৰ্কীয় পদক্ষেপ, আঁচনি আৰু কাৰ্য্যক্ৰম সন্দৰ্ভত নাগৰিকসকলৰ মাজত সজাগতা আৰু অংশগ্ৰহণ বৃদ্ধিৰে তেওঁলোকক সবল কৰা।

 

***



(Release ID: 1846226) Visitor Counter : 185