প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী হৰমোহন সিং যাদৱৰ ‘দশম পূণ্যতিথি’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 25 JUL 2022 6:54PM by PIB Guwahati

নমস্কাৰ!

মই স্বৰ্গীয় হৰমোহন সিং যাদৱ জীক তেখেতৰ পূণ্যতিথিত আদৰপূৰ্বক প্ৰণাম জনাইছো, মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মই সুখৰাম জীৰ প্ৰতিও কৃতজ্ঞতা ব্যক্ত কৰিছো, কিয়নো তেখেতে এই কাৰ্যক্ৰমৰ বাবে মোক চেনেহৰে আমন্ত্ৰিত কৰিছে। একান্তভাবেই এই কাৰ্যক্ৰমৰ বাবে কানপুৰলৈ গৈ আপোনালোকৰ মাজত উপস্থিত হবলৈ মোৰো খুবেই ইচ্ছা আছিল। কিন্তু আজি, আমাৰ দেশৰ বাবে এক বহুত ডাঙৰ গণতান্ত্ৰিক কাৰ্য সম্পন্ন হ’ল। আজি আমাৰ নতুন ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে শপত গ্ৰহণ কৰিলে। স্বাধীনতাৰ পিচত প্ৰথমবাৰৰ বাবে আদিবাসী সমাজৰ এগৰাকী মহিলা ৰাষ্ট্ৰপতিয়ে দেশৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ ওলাইছে। এয়া আমাৰ গণতন্ত্ৰৰ শক্তিৰ, আমাৰ সৰ্বসামাৱেশী চিন্তাৰ জীৱন্ত উদাহৰণ। এই উপলক্ষত আজি দিল্লীত বহুকেইটা জৰুৰী কাৰ্যক্ৰম অনুষ্ঠিত হৈছে। সাংবিধানিক দায়িত্ব বহণ কৰাৰ বাবে স্বাভাৱিকতেই মই দিল্লীত থকাতো বহুত প্ৰয়োজন হোৱাৰ লগতে জৰুৰীও হয়। সেয়ে মই আপোনালোকৰ সৈতে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰেই আজি সংযোজিত হৈছো।

বন্ধুসকল,

আমাৰ দেশৰ মান্যতা অনুসৰি শৰীৰৰ প্ৰস্থানৰ পিচতো জীৱন সমাপ্ত নহয়। গীতাত ভগবান শ্ৰকৃষ্ণই কৈছিল- নৈনঁ ছি্ন্দন্তি শস্ত্ৰাণি নৈনঁ দহতি পাৱকঃ। অৰ্থাত্, আত্মা নিত্য, আত্মা অমৰ। সেয়ে, যিসকলে সমাজ আৰু সেৱাৰ বাবে জীৱন ব্ৰতীত কৰে তেওঁলোক মৃত্যুৰ পিচতো অমৰ হৈ ৰয়। স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়েই হওক অথবা স্বাধীনতাৰ পিচত পণ্ডিত দীনদয়াল উপাধ্যায় জী, ৰামমনোহৰ লোহিয়া জী, জয়প্ৰকাশ নাৰায়ণ জী, এনে অনেক মহান আত্মাৰ অমৰ চিন্তাই আমাক আজিও অনুপ্ৰেৰণা দি আহিছে। লোহিয়া জীৰ চিন্তাৰে উত্তৰ প্ৰদেশ আৰু কানপুৰৰ ধৰাৰ পৰা হৰমোহন সিং যাদৱ জীয়ে নিজৰ দীঘলীয়া ৰাজনৈতিক জীৱনক আগুৱাই আনে। তেখেতে উত্তৰ প্ৰদেশ আৰু দেশৰ ৰাজনীতিত যি অৱদান দিলে, সমাজৰ বাবে যি কাৰ্য সম্পাদিত কৰিলে, সেইসমূহৰ দ্বাৰা আগন্তুক প্ৰজন্মসমূহে, নিৰন্তৰ মাৰ্গদৰ্শন পাই আহিছে।

বন্ধুসকল,

চৌধুৰী হৰমোহন সিং যাদৱ জীয়ে তেখেতৰ ৰাজনৈতিক জীৱন গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰিছিল। তেখেতে গাঁও সভাৰ পৰা ৰাজ্যসভা পৰ্যন্ত যাত্ৰা সম্পূৰ্ণ কৰে। তেখেত প্ৰধানৰ পদত আসীন হয়, বিধান পৰিষদৰ সদস্য হয়, সাংসদ হয়। এটা সময়ত মেহেৰবান সিঙৰ পূৰৱাৰ পৰা উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে গতি লাভ কৰিছিল। ৰাজনীতিৰ শিখৰত উপনীত হৈয়ো  হৰমোহন সিং জীৰ বাবে প্ৰাথমিকতা সদয়ে সমাজয়েই আছিল। তেখেতে সমাজৰ বাবে সক্ষম নেতৃত্ব গঢ়ি তোলাৰ বাবে কাম কৰিছিল। তেখেতে যুৱ-প্ৰজন্মক আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল, লোহিয়া জীৰ সংকল্পসমূহ আগুৱাই নিয়াৰ কাম কৰিছিল। তেখেতৰ শক্তিশালী ব্যক্তিত্বৰ নিদৰ্শন আমি ১৯৮৪তো দেখিছিলো। হৰমোহন সিং যাদৱ জীয়ে কেৱল শিখ নৰ-সংহাৰৰ বিৰুদ্ধে ৰাজনৈতিক স্থিতিয়েই গ্ৰহণ কৰা নাছিল, বৰঞ্চ শিখ ভাই-ভনীক ৰক্ষাৰ বাবে সন্মুখৰ পৰা যুদ্ধও কৰিছিল। নিজৰ প্ৰাণৰ কথা চিন্তা নকৰি তেওঁ কিমান যে শিখ পৰিয়ালক, নিৰীহজনৰ প্ৰাণ ৰাক্ষা কৰিছিল। দেশেও তেখেতৰ এই নেতৃত্বৰ শলাগ লৈছিল, তেখেতক ‘শৌৰ্য চক্ৰ’ৰে সন্মানিত কৰা হৈছিল। সামাজিক জীৱনত হৰমোহন সিং জীয়ে যি আদৰ্শৰ নিদৰ্শন দাঙি ধৰিছিল, সেয়া নিতান্তই অতুলনীয় আছিল।

বন্ধুসকল,

হৰমোহন জীয়ে সংসদত শ্ৰদ্ধেয় অটল জীৰ দৰে নেতাৰ সমসাময়িক ভাবে কাম কৰিছিল। অটল জীয়ে কৈছিল-চৰকাৰ আহিব, চৰকাৰ যাব, দল গঠিত হব, দল ভাগিব, কিন্তু এইখন দেশ সুদৃঢ় হৈ থাকিব লাগিব- এয়াই আমাৰ গণতন্ত্ৰৰ আত্মা। ব্যক্তিতকৈ ডাঙৰ হৈছে দল, দলতকৈ ডাঙৰ দেশ। কিয়নো দলৰ অস্তিত্ব গণতন্ত্ৰৰ সুবাদতহে সম্ভৱ হয়, আৰু গণতন্ত্ৰৰ অস্তিত্ব সম্ভৱ হয় দেশৰ বাবেহে। আমাৰ দেশৰ সৰহ সংখ্যক দলেই, বিশেষকৈ অনা-কংগ্ৰেছী দলসমূহে, এই বিচাৰধাৰক, দেশৰ বাবে সহযোগ আৰু সমন্বয়ৰ আদৰ্শক প্ৰতিপালনো কৰিছে। মোৰ মনত আছে, ১৯৭১ চনত যেতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল, তেতিয়া দেশৰ প্ৰতিটো প্ৰধান দলে চৰকাৰৰ সৈতে একত্ৰে থিয় দিছিল। সেইদৰে, জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত যেতিয়া দেশৰ গণতন্ত্ৰক উত্খাত কৰাৰ অপচেষ্টা চলোৱা হৈছিল তেতিয়া সকলো প্ৰধান দলেই, আমি সকলোৱে একগোট হৈ সংবিধানক ৰক্ষা কৰাৰ বাবে যুদ্ধতো অৱতীৰ্ণ হৈছিলো। চৌধুৰী হৰমোহন সিং যাদৱ জীও সেই সংঘৰ্ষৰ এগৰাকী যুজাৰু সৈনিক আছিল। অৰ্থাত্, আমাৰ দেশ আৰু সমাজৰ হিত, বিচাৰধাৰসমূহৰে জড়িত হৈ আহিছিল। পিচে, শেহতীয়া সময়ছোৱাত বিচাৰধাৰা অথবা ৰাজনৈতিক স্বাৰ্থক সমাজ আৰু দেশৰ হিততকৈয়ো উচ্চ স্থান দিয়াৰ এক ধৰা আৰম্ভ হৈছে। বহু সময়ততো চৰকাৰৰ কাম-কাজত কেতবোৰ বিৰোধী দলে এই বাবেই বাধা দিব বিচাৰে, কিয়নো তেওঁলোক শাসনত থাকোতে গ্ৰহণ কৰা সিদ্ধান্ত তেওঁলোকে বাস্তৱায়িত কৰিব পৰা নাছিল। এতিয়া সেয়ে সেইবোৰ সিদ্ধান্তৰ বাস্তৱায়নত তেওঁলোকে বাধা আৰোপ কৰিব। দেশৰ ৰাইজে এনে বিচাৰধাৰাক কেতিয়াও পচন্দ নকৰে। দলৰ বিৰোধ, ব্যক্তিৰ বিৰোধক দেশৰ বিৰোধলৈ যাতে ৰূপান্তৰিত কৰা নহয় সেয়া নিশ্চিত কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰে দায়িত্ব হোৱা উচিত। বিচাৰধাৰাসমূহৰ নিজা স্থান থাকে, আৰু সেয়া হোৱাও উচিত। ৰাজনৈতিক উচ্চাকাংক্ষাও নিশ্চয় থাকিব পাৰে। কিন্তু দেশ সকলোৰে আগত, সমাজ সকলোৰে আগত। ৰাষ্ট্ৰ প্ৰথম।

বন্ধুসকল,

সমাজবাদক সমতাৰ সংকল্প বুলি গণ্য কৰিছিল লোহিয়া জীয়ে। তেখেতে সমাজবাদৰ পতনে সমাজক অসামতালৈ পৰিবৰ্তিত কৰিব বুলি সঁকীয়াই দিছিল। আমি ভাৰতত এই দুয়োটা পৰিস্থিতিকে প্ৰত্যক্ষ কৰিছিলো। ভাৰতৰ মূল চেতনাত সমাজ, বাদ আৰু বিবাদৰ বিষয় কেতিয়াও নহয় বুলিয়েই আমি দেখি আহিছো। আমাৰ বাবে সমাজ সামূহিকতা আৰু সহযোগিতাৰ সংৰচনাহে। আমাৰ বাবে সমাজ আমাৰ সংস্কাৰ, সংস্কৃতি, আমাৰ স্বভাৱ হয়। সেয়ে, লোহিয়া জীয়ে ভাৰতৰ সাংস্কৃতিক সামৰ্থ্যৰ কথা কৈছিল। তেখেতে ‘ৰামায়ণ মেলা’ আৰম্ভ কৰি আমাৰ ঐতিহ্য আৰু ভাৱনাত্মক একতাৰ বাবে বুনিয়াদ তৈয়াৰ কৰিছিল। তেখেতে গংগাৰ দৰে সাংস্কৃতিক নদীসমূহৰ সংৰক্ষণৰ চিন্তাৰ কথা প্ৰথমে কৰিছিল। আজি ‘নমামী গংগে’-ৰ দৰে সাংস্কৃতিক অভিযানৰ জৰিয়তে দেশে সেই সপোনকে পূৰা কৰি আছে। আজি দেশে আমাৰ সমাজৰ প্ৰতীকসমূহকে পুনৰুদ্ধাৰ কৰি আছে। এই প্ৰায়সে সমাজৰ সাংস্কৃতিক চেতনাক জীৱন্ত কৰি আছে, সমাজৰ শক্তিক, আমাৰ পাৰস্পৰিক আন্তৰিকতাক শক্তিশালী কৰি আহিছে। এইদৰেই নতুন ভাৰতৰ বাবে দেশে নিজৰ অধিকাৰতকৈয়ো আজি কৰ্তব্যৰ কথা ক’বলৈ লৈছে। কৰ্তব্যৰ এই ভাৱনা শক্তিশালী হ’লেই, সমাজ স্বতঃস্ফূৰ্তভাবে শক্তিশালী হৈ উঠিব।

বন্ধুসকল,

সমাজৰ সেৱাৰ বাবে ইয়াৰো প্ৰয়োজন আছে যে আমি সামাজিক ন্যায়ৰ ভাৱনাক স্বীকাৰ কৰিব লাগিব, তাক লৈ অংগীকাৰ কৰিব লাগিব। আজি যেতিয়া দেশে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষত অমৃত মহোত্সৱ উদযাপন কৰি আছে, সেই মুহূৰ্তত ইয়াক হৃদয়ংগম কৰাৰ লগতে এই দিশত আগুৱাই যোৱাতো বহুতেই জৰুৰী হ’ব। সামাজিক ন্যায়ৰ অৰ্থ হৈছে- ‘সমাজৰ প্ৰতিটো বৰ্গই সমান সুযোগ লাভ কৰক, জীৱনৰ মৌলিক প্ৰয়োজনীয়তাসমূহৰ পৰা কোনো যাতে বঞ্চিত হ’বলগীয়া নহয়। দলিত, পিচ পৰা, আদিবাসী, মহিলা, দিবাংগসকল যেতিয়া আগুৱাই আহিব তেতিয়াই দেশ আগুৱাই যাব’। হৰমোহন জীয়ে এই পৰিৱৰ্তনৰ বাবে শিক্ষাক সকলোতকৈ প্ৰয়োজনীয় বুলি গণ্য কৰিছিল। তেখেতে শিক্ষাৰ ক্ষেত্ৰখনত যি কাম কৰিছিল, সেয়াই কিমান যে যুৱক-যুৱতীৰ ভৱিষ্যত্ নিৰ্মাণ কৰিছিল। তেখেতৰ কাম-কাজসমূহক আজি সুখৰাম জী আৰু মোহিত ভায়ে আগুৱাই নিছে। দেশো শিক্ষাৰে সবলীকৰণৰ মন্ত্ৰ আওৰাই আগবাঢ়ি গৈছে। সেয়ে আজি কন্যাসকলৰ ‘বেটী বচাও, বেটী পঢ়াও’-ৰ দৰে অভিযানে ইমান সাফল্য অৰ্জন কৰিছে। দেশে আদিবাসী অঞ্চলসমূহ বসবাস কৰা শিশুসকলৰ বাবে ‘একলব্য বিদ্যালয়’-ৰ শুভাৰম্ভ কৰিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত মাতৃভাষাত শিক্ষা দানৰ ব্যৱস্থাও কৰা হৈছে। গাঁৱৰ দুখীয়া পৰিয়ালসমূহৰ পৰা অহা ল’ৰা-ছোৱালী যাতে ইংৰাজীৰ ভয়ত পিচ পৰি থাকিবলগীয়া নহয়গৈ তাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। সকলোৰে ঘৰ, সকলোৱে বিজুলীৰ সংযোগ, জল জীৱন মিছনৰ আধাৰত সকলোকে পৰিষ্কাৰ পানীৰ যোগান, খেতিয়কসকলৰ বাবে ‘সন্মান নিধি’, এনে ধৰণৰ প্ৰয়াসবোৰে আজি দুখীয়া, পিচ পৰা, দলিত-আদিবাসী, সকলোৰে সপোন বোৰক শক্তি প্ৰদান কৰিছে, দেশত সামাজিক ন্যায়ৰ ভেটি শক্তিশালী কৰি তুলিছে। অমৃতকালৰ আগন্তুক ২৫টা বছৰ সামাজিক ন্যায়ৰ এই সংকল্পৰ সম্পূৰ্ণ সিদ্ধিৰ কাল। মোৰ বিশ্বাস, দেশৰ এই অভিযানত আমি সকলোৱে নিজৰ ভূমিকা পালন কৰিম। পুণৰবাৰ শ্ৰদ্ধেয় স্বৰ্গীয় হৰমোহন সিং যাদৱ জীক বিনম্ৰ শদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ জনাইছো!

 

***

DS/ST/AV



(Release ID: 1846105) Visitor Counter : 110