প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম-বাৰ্ষিকীত স্বাধীনতা সেনানী লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Posted On:
23 JUL 2022 9:41AM by PIB Guwahati
জন্ম-বাৰ্যিকীত স্বাধীনতা সেনানী লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদ সন্দৰ্ভত কেইবছৰ মান আগতে ‘মন কী বাত’-ত উল্লেখ কৰা বক্তব্যৰ কিয়দাংশ সংযোজিত কৰে। তেওঁ মুম্বাই ভ্ৰমণৰ সময়ত লোকমান্য তিলকৰে ঘনিষ্ঠ সম্পৰ্ক থকা ‘লোকমান্য সেৱা সংঘ’লৈ যোৱা মুহূৰ্তৰ কেইটামান স্নেপশ্বটো শ্বেয়াৰ কৰে।
এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“আই ভাৰতীৰ দুই মহান পুত্ৰ লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ তেওঁলোকৰ জন্ম-বাৰ্ষিকীত প্ৰণাম জনাইছো। এই দুই দিগগজ অদম্য সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক। কেইবছৰ মান আগতে ‘মন কী বাত’ত তেওঁলোকৰ বিষয়ে মই কি কৈছিলো সেয়া আগবঢ়াইছো”।
“লোকমান্য তিলকৰ চিৰকলীয়া উত্তৰাধিকাৰিত্বসমূহৰ অন্যতম হৈছে বৃহত্ পৰিসৰত উদযাপিত হৈ অহা ‘গণেশ উত্সৱ’, যিয়ে জনতাৰ মাজত সাংস্কৃতিক চেতনা জাগৃত কৰি তুলিছিল। এবাৰ মুম্বাইলৈ যাওতে মই লোকমান্য তিলকৰে ঘনিষ্ঠতা থকা ‘লোকমান্য সেৱা সংস্থা’লৈ গৈছিলো।
***
DS/ST
(Release ID: 1844915)
Read this release in:
Punjabi
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam