প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘উদ্যমী ভাৰত’ কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

“আমাৰ বাবে ‘এমএছএমই’-ৰ অৰ্থ হৈছে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগলৈ সৰ্বাধিক সহযোগিতা”

“এমএছএমই-ক সামৰ্থ্যবান কৰি তোলা মানেই সমগ্ৰিক ভাবে সমাজকখনকে শক্তিশালী কৰি তোলা”

“উদ্যোগে যদি উন্নতি সাধনৰ লগতে সম্প্ৰসাৰণ কৰিবলৈ ইচ্ছা কৰে তেন্তে এইখন চৰকাৰে কেৱল সহযোগিতাই আগ নবঢ়ায় বৰং নীতি-নিয়মৰো প্ৰয়োজনীয় পৰিৱৰ্তন সাধনৰ দিহা কৰে”

“বিদেশত কৰ্মৰত ভাৰতীয় মিছনসমূহক তিনিটা সূচাকাংকৰ আধাৰত মূল্যায়ন কৰা হৈছে, সেয়া হৈছে- বাণিজ্য, প্ৰযুক্তি আৰু পৰ্যটন”

“প্ৰথম বাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ বাৰ্ষিক আয়ৰ পৰিমাণে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে”

“প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে উদ্যমশীলতা সহজ-সাধ্য কৰি তোলাৰ ক্ষেত্ৰত ‘মুদ্ৰা যোজনা’ই বৃহত্ ভূমিকা পালন কৰিব”

“উদ্যমশীলতা আৰু অৰ্থনৈতিক অন্তৰ্ভূক্তিত সমাৱেশন হৈছে প্ৰকৃতাৰ্থত সামাজিক ন্যায়”

“মই ‘এমএছএমই’ খণ্ডক প্ৰতিশ্ৰুতি দিব খুজিছো যে এইখন চৰকাৰে আপোনালোকৰ প্ৰয়োনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ নীতি নিৰ্দ্ধাৰণ কৰাৰ লগতে আপোনালোকৰ সৈতে সক্ৰিয়তাৰে আগবাঢ়ি যাব”

“ভাৰতে সাফল্য লাভ কৰা উদ্যমশীলতাৰ প্ৰতিটো পদক্ষেপেই আমাক ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দিশে আগুৱাই নিব। মই

Posted On: 30 JUN 2022 1:03PM by PIB Guwahati

‘এমএছএমই’ খণ্ডৰ উথ্থান সাধনৰ লক্ষ্যৰে গ্ৰহণ কৰিব খোজা ‘এমএছএমই’ৰ কৰ্মকুশলতা বৃদ্ধি আৰু গতি ত্বৰান্বিত কৰা(আৰএএমপি)আঁচনি’, ‘প্ৰথমবাৰৰ বাবে ৰপ্টানী কৰোতা ‘এমএছএমই’ৰ সামৰ্থ্যবৰ্দ্ধন(চিবিএফটিই)আঁচনি” আৰু ‘প্ৰধানমন্ত্ৰীৰ নিয়োগ সম্ভাৱনা সৃষ্টিকাৰী কাৰ্যক্ৰম’(পিএমইজিপি)ত নতুন ব্যৱস্থা সম্বলিত কৰাৰ দৰে এলানি উদ্যোগৰ শুভাৰম্ভ ঘোষণাৰ উদ্দেশ্যে আয়োজিত ‘উদ্যমী ভাৰত’ কাৰ্যক্ৰমত আজি অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানতে তেওঁ ‘পিএমইজিপি’ৰ হিতাধিকাৰীসকলক ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে প্ৰদান কৰিব খোজা সহযোগিতা ৰাশিও ‘ডিজিটেল’ মাধ্যমেৰে হস্তান্তৰিত কৰা, ‘এমএছএমই আইডিয়া হেকাথন ২০২২’ৰ ফলাফল ঘোষণা কৰা, ২০২২ বৰ্ষৰ বাবে প্ৰদান কৰা ‘এমএছএমই বঁটা’সমূহ বিতৰণ কৰা আৰু ৭৫টা ‘এমএছএমই-লৈ আত্ম-নিৰ্ভৰ ভাৰত(এছআৰআই) পুঁজি’ৰ ‘ডিজিটেল ইকুইটী চাৰ্টিফিকেট’সমূহ বিতৰণ কৰে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়াণ ৰাণে আৰু ভানু প্ৰতাপ সিং বাৰ্মা, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ‘এমএছএমই’-ৰে জড়িত বিভিন্ন পক্ষসমূহৰ প্ৰতিনিধিবৰ্গ, আৰু বহুকেইখন দেশৰ কূটনৈতিজ্ঞয়ো অংশগ্ৰহণ কৰে।

অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘এমএছএমই’-ৰ জৰিয়তে অব্যাহত ৰখা প্ৰয়াসসমূহৰ প্ৰধান উদ্দেশ্যই হৈছে ভাৰতক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা। একৈশ শতিকাত সম্ভৱ কৰিব পৰা যি সাফল্যই নহওক কিয়, সেয়াই আহৰণ কৰিব পৰা যাব ‘এমএছএমই’ খণ্ডত লাভ কৰা সাফল্যৰ জৰিয়তেহে। ভাৰতৰ ৰপ্টানীৰ পৰিসৰ বৃদ্ধিৰ লগতে নতুন নতুন বজাৰসমূহত ভাৰতীয় সামগ্ৰী উপলব্ধ কৰাবলৈ হ’লে ‘এমএছএমই’ খণ্ডক শক্তিশালী কৰি তোলাত বিশেষ গুৰুত্ব দিবই লাগিব। আপোনালোকে বহণ কৰা বিপুল সম্ভাৱনীয়তাৰ লগতে আপোনালোকৰ সামৰ্থ্যৰ কথা মনত ৰাখিয়েই আমাৰ চৰকাৰে নতুন নীতি যুগুতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে’ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। আজি শুভাৰম্ভ ঘোষণা কৰা কাৰ্যক্ৰমৰ লগতে বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ জৰিয়তে ‘এমএছএমই’ খণ্ডৰ মান আৰু উত্তৰণ সাধানত গুৰুত্ব দিয়া হৈছে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে আমি যেতিয়া ‘এমএছএমই’-ৰ কথা কওঁ, ইয়াৰ কাৰিকৰী ভাঙনীটো হয়  ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান’। পিচে, এই ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহ হৈছে ভাৰতৰ উন্নয়ণী যাত্ৰাৰ বিশাল স্তম্ভ। দেশৰ অৰ্থনীতিৰ প্ৰায় এক-তৃতীয়াংশৰ অৱদান আগবঢ়াই এই ‘এমএছএমই’ খণ্ডই। ‘এমএছএমই’-ক সামৰ্থ্যবান কৰি তোলা মানেই সমগ্ৰিক ভাবে সমাজকখনকে শক্তিশালী কৰি তোলা, সকলোকে উন্নয়ণৰ সুফল লাভৰ অংশীদাৰ কৰি তোলা। সেয়ে আমাৰ চৰাকাৰৰ বাবে এইটো খণ্ড সবাতোকৈ প্ৰাথমিকতা লাভ কৰা খণ্ডৰ অন্যতম বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

শেহতীয়া আঠোটা বছৰত ‘এমএছএমই’ খণ্ডক শক্তিশালী কৰি তোলা হৈছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, চৰকাৰে এইটো খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যৰে বাজেটত ‘এমএছএমই’ শিতানত পুঁজিৰ পৰিমাণ ৬৫০শতাংশ হাৰে বৃদ্ধি কৰাৰ দিহা কৰিছে। এই প্ৰসংগত তেওঁ কয়, “আমাৰ বাবে এমএছএমই-ৰ অৰ্থ হৈছে- ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠানলৈ আগবঢ়োৱা সৰ্বাধিক সহযোগিতা”।

খণ্ডটোত ১১ কোটিৰো অধিক লোক জড়িত হৈ থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, নিয়োগ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰত ‘এমএছএমই’ খণ্ড নিতান্তই গুৰুত্বপূৰ্ণ। মহামাৰীৰ সময়ছোৱাত সৰু সৰু উদ্যোগসমূহক ৰক্ষা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এনে উদ্যোগ প্ৰতিষ্ঠানক নতুন শক্তি প্ৰদানৰ দিহা কৰা হৈছিল। এই প্ৰসংগত তথ্য দাঙি ধৰি তেওঁ কয় যে জৰুৰীকালীন ক্ৰেডিক লাইন গেৰাণ্টী আঁচনি’ৰ জৰিয়তে  কেন্দ্ৰীয় চৰকাৰে এমএছএমই খণ্ডলৈ ৩.৫ লাখ কোটি টকাৰ নিশ্চয়তা প্ৰদান কৰিছিল। এক সমীক্ষাৰ তথ্য মতে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ সুবাদত প্ৰায় ১.৫ কোটি চাকৰি সুৰক্ষিত হৈছিল বুলিও প্ৰধানমন্ত্ৰীয়ে তথ্য দাঙি ধৰে। তেওঁ কয়, ‘ভাৰতৰ স্বাধীনতাৰ অমৃত কালত গ্ৰহণ কৰা সংকল্প বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ‘এমএছএমই’ হৈছে এক গুৰুত্বপূৰ্ণ মাধ্যম’।

এনে এটা সময় আছিল যেতিয়া চৰকাৰসমূহে এই খণ্ডটোৰ গুৰুত্ব অনুধাৱন কৰা নাছিল সৰু উদ্যোগসমূহক সৰু কৰি ৰখাৰে নীতি প্ৰণয়ন কৰিছিল। এনে মানসিকতা আঁতৰোৱাৰ বাবে বৰ্তমানৰ চৰকাৰে ‘এমএছএমই’-ৰ সংজ্ঞাই সলনি কৰি লৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, “উদ্যোগে যদি উন্নতি সাধনৰ লগতে সম্প্ৰসাৰণ কৰিবলৈ ইচ্ছা কৰে তেন্তে এইখন চৰকাৰে কেৱল সহযোগিতাই আগনবঢ়ায় বৰং নীতি-নিয়মৰো প্ৰয়োজনীয় পৰিৱৰ্তন সাধনৰ দিহা কৰে”। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে আঙুলীয়াই দিয় কয় যে “জিইএম’-ৰ ৰূপত ‘এমএছএমই’-য়ে চৰকাৰকলৈ সামগ্ৰী আৰু সেৱা আগবঢ়োৱাৰ বাবে এক শক্তিশালী মঞ্চ লাভ কৰিছে। তেওঁ প্ৰতিটো ‘এমএছএমই’-কে ‘জিইএম পৰ্টেল’-ত পঞ্জীয়ণ কৰাৰ বাবে আহ্বান জনায়। আনহাতে ২০০ কোটি টকাৰ তলৰ প্ৰকল্পসমূহৰ ক্ষেত্ৰত গোলকীয় নিবিদাৰ প্ৰথা বাতিল কৰাৰ সিদ্ধান্তয়ো ‘এমএছএমই’সমূহক সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰপ্টানী বৃদ্ধিৰ বাবে ‘এমএছএমই’সমূহলৈ চৰকাৰে সহযোগিতা আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয়, মিছনসমূহক তিনিটা সূচাকাংকৰ আধাৰত মূল্যায়ন কৰা হৈছে, সেয়া হৈছে- ‘বাণিজ্য’, ‘প্ৰযুক্তি’ আৰু ‘পৰ্যটন’।

ভাষণ প্ৰসংগত তেওঁ তথ্য দাঙি ধৰি কয়, “প্ৰথম বাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ বাৰ্ষিক আয়ৰ পৰিমাণে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে”। ইফালে, প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে উদ্যমশীলতা সহজ-সাধ্য কৰি তোলাৰ ক্ষেত্ৰত ‘মুদ্ৰা যোজনা’ই বৃহত্ ভূমিকা পালন কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয়, “উদ্যমশীলতা আৰু অৰ্থনৈতিক অন্তৰ্ভূক্তিত সমাৱেশন হৈছে প্ৰকৃতাৰ্থত সামাজিক ন্যায়”।

“মই ‘এমএছএমই’ খণ্ডক প্ৰতিশ্ৰুতি দিব খুজিছো যে এইখন চৰকাৰে আপোনালোকৰ প্ৰয়োনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ নীতি নিৰ্দ্ধাৰণ কৰাৰ লগতে আপোনালোকৰ সৈতে সক্ৰিয়তাৰে আগবাঢ়ি যাব” বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ আৰু কয়, “ভাৰতে সাফল্য লাভ কৰা উদ্যমশীলতাৰ প্ৰতিটো পদক্ষেপেই আমাক আত্মনিৰ্ভৰ ভাৰতৰ দিশে আগুৱাই নিব। মই আপোনালোকৰ লগতে আপোনালোকৰ সামৰ্থ্যক বিশ্বাস কৰো”।

***

DS/AK/KB



(Release ID: 1839115) Visitor Counter : 143