প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩০ জুনত ‘উদ্যমী ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


এমএছএমই খণ্ডক ত্বৰান্বিত কৰাৰ বাবে মূল পদক্ষেপ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

‘এমএছএমইৰ কাম-কাজ বৃদ্ধি আৰু ত্বৰান্বিত কৰা’ (ৰেম্প) আঁচনি, ‘প্ৰথমবাৰৰ বাবে ৰপ্তানিকাৰকৰ ক্ষমতা বৃদ্ধি’ (চিবিএফটিই) আঁচনি আৰু ‘প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী’

(পিএমইজিপি)ৰ নতুন বৈশিষ্ট্যসমূহ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

পিএমইজিপিৰ হিতাধিকাৰীসকললৈ ডিজিটেল ব্যৱস্থাৰে সাহায্য হস্তান্তৰ কৰিব প্ৰধানমন্ত্ৰীয়ে

এমএছএমই আইডিয়া হেকাথন, ২০২২ৰ ফলাফল ঘোষণা আৰু ৰাষ্ট্ৰীয় এমএছএমই বঁটা, ২০২২ বিতৰণো কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 28 JUN 2022 7:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুন, ২০২২ৰ পুৱা প্ৰায় ১০:৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া ‘উদ্যমী ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ‘এমএছএমইৰ কাম-কাজ বৃদ্ধি আৰু ত্বৰান্বিত কৰা’ (ৰেম্প) আঁচনি, ‘প্ৰথমবাৰৰ বাবে এমএছএমই ৰপ্তানিকাৰকৰ সামৰ্থ্য বিকাশ’ (চিবিএফটিই) আঁচনি আৰু ‘প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী’ (পিএমইজিপি)ৰ নতুন বৈশিষ্ট্যসমূহ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ২০২২-২৩ বৰ্ষৰ বাবে পিএমইজিপিৰ হিতাধিকাৰীসকললৈও ডিজিটেল ব্যৱস্থাৰে সাহায্য হস্তান্তৰ; ২০২২ বৰ্ষৰ এমএছএমই আইডিয়া হেকাথনৰ ফলাফল ঘোষণা; ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় এমএছএমই বঁটা বিতৰণ; আৰু আত্মনিৰ্ভৰশীল ভাৰত (এছআৰআই) পুঁজিৰ ৭৫টা এমএছএমইক ডিজিটেল ইকুইটি প্ৰমাণপত্ৰ প্ৰদান কৰিব৷

‘উদ্যমী ভাৰত’ কাৰ্যসূচীয়ে প্ৰথম দিনাৰ পৰাই এমএছএমইৰ সবলীকৰণৰ দিশত কাম কৰাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটাইছে৷ চৰকাৰে সময়ে সময়ে মুদ্ৰা যোজনা, জৰুৰীকালীন ক্ৰেডিট লাইন নিশ্চয়তা আঁচনি, পৰম্পৰাগত উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ বাবে পুঁজিৰ আঁচনি (এছএফইফআৰটিআই) আদি এলানি পদক্ষেপ আৰম্ভ কৰি এমএছএমই খণ্ডক প্ৰয়োজনীয় আৰু সময়মতে সহায় আগবঢ়াইছে, যি ব্যৱস্থাই সমগ্ৰ দেশৰ কোটি কোটি লোকক উপকৃত কৰাত সহায় কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৬,০০০ কোটি টকা ব্যয়সাপেক্ষ ‘এমএছএমইৰ কাম-কাজ বৃদ্ধি আৰু ত্বৰান্বিত কৰা’ (ৰেম্প) আঁচনিৰ শুভাৰম্ভ কৰিব৷ ইয়াৰ লক্ষ্য হৈছে বৰ্তমানৰ এমএছএমই আঁচনিসমূহৰ প্ৰভাৱ বৃদ্ধিৰ লগতে ৰাজ্যসমূহত এমএছএমইসমূহৰ ৰূপায়ণ ক্ষমতা আৰু কভাৰেজ বৃদ্ধি কৰা৷ এই ব্যৱস্থাই উদ্ভাৱনক লালন-পালন কৰি, চিন্তাধাৰাক উৎসাহিত কৰি, গুণগত মান বিকশিত কৰি নতুন ব্যৱসায় আৰু উদ্যোগীকৰণক জগাই তোলা, পদ্ধতি আৰু প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰি, বজাৰত প্ৰৱেশ বৃদ্ধি কৰি, প্ৰযুক্তিগত সঁজুলি নিয়োগ কৰি আৰু উদ্যোগ ৪.০ৰ পৰিপূৰক হিচাপে এমএছএমইসমূহক প্ৰতিযোগিতামূলক আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে ‘প্ৰথমবাৰৰ বাবে এমএছএমই ৰপ্তানিকাৰকৰ ক্ষমতা বৃদ্ধি’ (চিবিএফটিই) আঁচনিৰ শুভাৰম্ভ কৰিব, যাৰ লক্ষ্য হৈছে এমএছএমইসমূহক বিশ্ব বজাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সামগ্ৰী আৰু সেৱা আগবঢ়াবলৈ উৎসাহিত কৰা। ইয়াৰ ফলত ভাৰতীয় এমএছএমইসমূহৰ বিশ্ব মূল্য শৃংখলত অংশগ্ৰহণ বৃদ্ধি পাব আৰু তেওঁলোকৰ ৰপ্তানিৰ সম্ভাৱনাক বাস্তৱায়িত কৰাত সহায়ক হ’ব।

প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী’ (পিএমইজিপি)ৰ নতুন বৈশিষ্ট্যসমূহো শুভাৰম্ভ কৰিব। এই বৈশিষ্ট্যত উৎপাদন খণ্ডৰ বাবে সৰ্বোচ্চ প্ৰকল্প ব্যয় ৫০ লাখ টকালৈ (২৫ লাখ টকাৰ পৰা) আৰু সেৱা খণ্ডত ২০ লাখ টকালৈ (১০ লাখ টকাৰ পৰা) বৃদ্ধি কৰা আৰু অধিক ৰাজসাহায্য লাভ কৰাৰ বাবে বিশেষ শ্ৰেণীৰ আবেদনকাৰীৰ বাবে আক্ষাংকিত জিলা আৰু কিন্নৰ আবেদনকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে৷ তদুপৰি, বেংকিং, কাৰিকৰী আৰু বিপণন বিশেষজ্ঞৰ সৈতে জড়িত হৈ আবেদনকাৰী/উদ্যোগীসকলক পৰ্যাপ্ত সহায় আগবঢ়োৱা হৈছে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এমএছএমই আইডিয়া হেকাথন, ২০২২ৰ ফলাফল ঘোষণা কৰিব। ২০২২ৰ ১০ মাৰ্চত অনুষ্ঠিত এই হেকাথনৰ লক্ষ্য হৈছে ব্যক্তিসকলৰ অব্যৱহৃত সৃষ্টিশীলতাক প্ৰসাৰ আৰু সমৰ্থন কৰা, এমএছএমইসমূহৰ মাজত শেহতীয়া প্ৰযুক্তি গ্ৰহণ আৰু উদ্ভাৱনক প্ৰসাৰ কৰা। নিৰ্বাচিত ইনকিউবেট ধাৰণাসমূহক অনুমোদন সাপেক্ষে ১৫ লাখ টকালৈকে পুঁজিৰ সহায় আগবঢ়োৱা হ’ব।

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় এমএছএমই বঁটাও বিতৰণ কৰিব। ভাৰতৰ গতিশীল এমএছএমই খণ্ডৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত এমএছএমই, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল, আকাংক্ষিত জিলা আৰু বেংকৰ অৱদানৰ স্বীকৃতিস্বৰূপে এই বঁটাসমূহ প্ৰদান কৰা হৈছে।

 

***

DS/HS/DB



(Release ID: 1838164) Visitor Counter : 117