প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী সুত্তূৰ মঠৰ এটা কাৰ্যক্ৰমত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 20 JUN 2022 10:04PM by PIB Guwahati

এল্লৰিগু নমস্কাৰম।

सुत्तूरु संस्थानवु शिक्षण, सामाजिक सेवे, अन्नदा-सोहक्के, प्रख्याति पडेदिरुव, विश्व प्रसिद्ध संस्थेया-गिदे, ई क्षेत्रक्के, आगमि-सिरु-वुदक्के, ननगे अतीव संतोष-वागिदे।

শ্ৰদ্ধেয় শ্ৰী শিৱৰাত্ৰি দেশিকেন্দ্ৰ মহাস্বামী জী, শ্ৰী সিদ্ধেশ্বৰ মহাস্বামী জী, শ্ৰী সিদ্দালিংগা মহাস্বামী জী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সংগী প্ৰহ্লাদ জোশী জী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, আৰু সুত্তূৰ মঠৰ সৈতে জড়িত আপোনালোক সকলো শ্ৰদ্ধালুগণ! আৰু বিশাল সংখ্যাত ইয়াত আশীৰ্বাদ দিবলৈ অহা পূজ্য সন্তগণ!

মই মৈসূৰৰ অধিস্থাত্ৰী দেৱী মাতা চামুণ্ডেশ্বৰীক প্ৰণাম জনাইছো। এয়া মাৰেই কৃপা যে আজি মোৰ মৈসূৰলৈ অহাৰ সৌভাগ্য হ'ল, মৈসূৰৰ বিকাশৰ বাবে কেইবাটাও ডাঙৰ কামৰ লোকাৰ্পণৰো সুযোগ পালো। আৰু এতিয়া, মই ইয়াত আপোনালোক সকলো সন্তৰ মাজত এই পূণ্য কাৰ্যক্ৰমলৈ আহি নিজকে বহুত ধন্য অনুভৱ কৰিছো।  আৰু ইয়াৰ পৰা মই মা চামুণ্ডেশ্বৰীৰ চৰণলৈ যাম, তেওঁৰো আশীৰ্বাদ ল'ম। এই আধ্যাত্মিক অৱসৰত মই শ্ৰী সুত্তূৰু মঠৰ সন্তগণ, আচাৰ্যসকল আৰু মনীষিসকলক, এই মঠৰ মহান পৰম্পৰা, তেওঁলোকৰ প্ৰয়াসক নমন কৰিছো। বিশেষকৈ মই আদি সদগুৰু শিৱৰাত্ৰি শিৱযোগী মহাস্বামী জীক প্ৰণাম কৰিছো, যি এই আধ্যাত্মিক বটবৃক্ষৰ বীজ ৰোপণ কৰিছিল। জ্ঞান আৰু আধ্যাত্মৰ সেই মহান পৰম্পৰা আজি সুত্তূৰু মঠৰ বৰ্তমান মঠাধীশ পৰম পূজ্য শ্ৰী শিৱৰাত্ৰি দেশিকেন্দ্ৰ মহাস্বামী জীৰ আগত বহুত দ্ৰুতগতিত ফলি-ফুলি আছে। শ্ৰী মন্ত্ৰ মহৰ্ষি জীৰ দ্বাৰা আৰম্ভ কৰা পাঠশালাই শ্ৰী ৰাজেন্দ্ৰ মহাস্বামী জীৰ মাৰ্গদৰ্শনত ইমান বিশাল প্ৰকল্প ল'লে। ভাৰতীয় সংস্কৃতি আৰু সংস্কৃত শিক্ষাৰ বাবে এই পাঠশালাৰ নতুন ভৱনৰ লোকাৰ্পণো আজি হৈছে। মোৰ বিশ্বাস যে নিজৰ এই আধুনিক আৰু ভব্য স্বৰূপত এই সংস্থানে ভৱিষ্যৎ নিৰ্মাণৰ নিজৰ সংকল্প অধিক বিস্তাৰিত কৰিব। মই এই অভিনৱ প্ৰয়াসৰ বাবে আপোনালোক সকলোকে মূৰ দোঁৱাই অভিনন্দন জনাইছো, বহুত বহুত শুভকামনাও জনাইছো।

 

বন্ধুসকল,

আজি মই শ্ৰী সিদ্ধেশ্বৰ স্বামী জীৰ দ্বাৰা নাৰদ ভক্তি সূত্ৰ, শিৱ সূত্ৰ আৰু পতঞ্জলি যোগ সূত্ৰৰ ওপৰত তেওঁৰ ভাষ্যৰ লোকাৰ্পণৰো সুযোগ পাইছো। পূজ্য শ্ৰী সিদ্ধেশ্বৰ স্বামী জীয়ে ভাৰতৰ সেই প্ৰাচীন ঋষি পৰম্পৰাৰ প্ৰতিনিধিত্ব কৰি আছে, যাক শাস্ত্ৰত শ্ৰুত পৰম্পৰা বুলি কোৱা হৈছে। শ্ৰুত পৰম্পৰা অৰ্থাৎ যাক শুনি ল'লে তাক মস্তিষ্ক আৰু হৃদয়ত ধাৰণ কৰি ল'লে। বিশ্ব যোগ দিৱস উপলক্ষে পতঞ্জলি যোগ সূত্ৰৰ ভাষ্য, নাৰদ ভক্তি সূত্ৰ আৰু শিৱসূত্ৰৰ জৰিয়তে ভক্তিযোগ আৰু জ্ঞানযোগক সহজ-সুলভ কৰি তোলাৰ এই প্ৰয়াস, ইয়াৰ লাভ কেৱল ভাৰতে নহয় বৰং সমগ্ৰ বিশ্বই পাব। আৰু আজি আপোনালোক সকলোৰে মাজত মই আছো, সেয়ে মই কৰ্ণাটকৰ বিদ্বান লোকসকলক প্ৰাৰ্থনা জনাম যে পৃথিৱীত সমাজ বিজ্ঞানৰ ওপৰত যি লিখা হৈছে, যোৱা চাৰি-পাঁচ শতাব্দীত, যদি সেয়া অধ্যয়ন কৰো তেন্তে এই বিষয়ত জনা লোকে এই কথাত উপনীত হ'ব যে নাৰদ সূত্ৰ তাতোকৈ পুৰণি আৰু সমাজ বিজ্ঞানৰ এটা বহুত ডাঙৰ উৎকৃষ্ট সম্পদ আমাৰ ওচৰত আছে। পৃথিৱীৰ বাবে আৱশ্যকীয় যে ইয়াক এবাৰ অধ্যয়ন কৰক। যি পশ্চিমৰ বিচাৰসমূহ জানে, তেওঁ কেতিয়াও নাৰদ সূত্ৰৰ মাধ্যমেৰে পৃথিৱীক চোৱাৰ, সমাজৰ ব্যৱস্থাক চোৱাৰ, মানৱীয় প্ৰমূল্যক চোৱাৰ, অদ্ভূত গ্ৰন্থ এই নাৰদ সূত্ৰ আৰু তাক আজি আধুনিক পৰিভাষাত পৰিভাষিত কৰিছে। সমাজৰ বহুত ডাঙৰ সেৱা কৰিছে তেওঁ।

 

বন্ধুসকল, 

আমাৰ শাস্ত্ৰত কোৱা হৈছে যে জ্ঞানৰ সমান পৱিত্ৰ একো নাই আৰু জ্ঞানৰ কোনো বিকল্পও নাই। আৰু সেয়ে আমাৰ ঋষিসকলে, মনীষিসকলে ভাৰতক সেই চেতনাৰ সৈতে গঢ়িলে- যি জ্ঞানৰ দ্বাৰা অনুপ্ৰাণিত, বিজ্ঞানৰ দ্বাৰা বিভূষিত। যি বোধৰ পৰা বাঢ়ে, আৰু শোধৰ দ্বাৰা শক্তিশালী হয়। যুগ সলনি হ'ল, সময় সলনি হ'ল, ভাৰত সময়ৰ বহু ধুমুহাৰ সন্মুখীনো হ'ল। কিন্তু, যেতিয়া ভাৰতৰ চেতনা ক্ষীণ হ'ল, তেতিয়া দেশৰ প্ৰতিটো কোণত সন্তসকলে, ঋষিসকলে, মুনিসকলে, আচাৰ্যসকলে, ভগৱন্তসকলে সমগ্ৰ ভাৰতক মথি দেশৰ আত্মাক পুনৰ্জীৱিত কৰি তোলে। উত্তৰত মোৰ কাশীৰ পৰা আৰম্ভ কৰি ইয়াৰে ওচৰত নঞ্জনগুড দক্ষিণ কাশীলৈকে, মন্দিৰ আৰু মঠবিলাকৰ শক্তিশালী সংস্থাসমূহে দাসত্বৰ দীৰ্ঘ কালখণ্ডতো ভাৰতৰ জ্ঞানক প্ৰদীপ্ত কৰি ৰাখিলে। মৈসুৰত শ্ৰী সুত্তূৰু মঠ, তুমকুৰুত শ্ৰী সিদ্ধগংগা মঠ, চিত্ৰদুৰ্গত শ্ৰী সিৰিগেৰে মঠ, শ্ৰী মুৰুগু-ৰাজেন্দ্ৰ মঠ! চিকমগলূৰত শ্ৰী ৰম্ভাপুৰী মঠ, হুবলীত শ্ৰী মূৰুসাৱীৰা মঠ, বীদৰত বাসৱকল্যাণ মঠ! কেৱল দক্ষিণ ভাৰততে এনে কিমান মঠৰ কেন্দ্ৰ আছে, যি অসংখ্য বিধান, অনন্ত বিদ্যা কেইবাশতিকা ধৰি সিঁচি আহিছে।

 

বন্ধুসকল,

সত্যৰ অস্তিত্ব সম্পদৰ ওপৰত নহয়, সেৱা আৰু ত্যাগৰ ওপৰত টিকি থাকে। শ্ৰী সুত্তূৰু মঠ আৰু জেএছএছ মহাবিদ্যা পীঠ ইয়াৰ ডাঙৰ উদাহৰণ। শ্ৰী শিৱৰাত্ৰি ৰাজেন্দ্ৰ মহাস্বামী জীয়ে যেতিয়া সমাজসেৱাৰ সংকল্প লৈ বিনামূলীয়া হোষ্টেল খুলিছিল, তেতিয়া তেওঁৰ ওচৰত কি সম্পদ আছিল? ভাৰাৰ অট্টালিকা আছিল, ৰেছন আদিৰ ব্যৱস্থাৰ বাবেও আৱশ্যকীয় পইচা নাছিল। আৰু মই শুনিছিলো যে এবাৰ পইচাৰ অভাৱত হোষ্টেলৰ বস্তুৰ ছাপ্লাই বন্ধ হৈ যোৱাত স্বামীজীয়ে "লিংগম কৰডিগে"ও বেচিবলগা হৈছিল। অৰ্থাৎ, তেওঁ সেৱাৰ সংকল্পক আস্থাতকৈও ওপৰত ৰাখিছিল। কেইবাদশকৰ আগৰ সেই ত্যাগ আজি সিদ্ধিৰ ৰূপত আমাৰ সন্মুখত আছে। আজি জেএছএছ মহাবিদ্যা পীঠৰ দেশত ৩০০তকৈ অধিক ইনষ্টিটিউট আৰু দুখন ইউনিভাৰছিটী দেশ-বিদেশত চলি আছে। এই সংস্থান কেৱল ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ব্ৰেণ্ড এম্বেছেডৰেই নহয়, বৰং ছাইঞ্চ, আৰ্টছ আৰু কমাৰ্চতো সিমানেই যোগদান দি আছে। সুত্তূৰু মঠে দুখীয়া শিশুৰ, আদিবাসী সমাজৰ আৰু আমাৰ গাঁৱৰ যি সেৱা কৰি আছে, সেয়াও এক উদাহৰণ।

 

বন্ধুসকল,

কৰ্ণাটক, দক্ষিণ ভাৰত আৰু ভাৰতৰ কথাই হওক, শিক্ষা, সাম্য আৰু সেৱাৰ দৰে বিষয় হওক, তেতিয়া এয়া বিমৰ্ষ ভগৱান বাসৱেশ্বৰৰ আশীৰ্বাদত আৰু বিস্তৃত হৈ যায়। ভগৱান বাসৱেশ্বৰ জীয়ে আমাৰ সমাজক যি শক্তি দিছিল, তেওঁ গণতন্ত্ৰ, শিক্ষা আৰু সমতাৰ যি আদৰ্শ স্থাপন কৰিছিল, সি আজিও ভাৰতৰ বুনিয়াদত আছে। মোৰ এবাৰ লণ্ডনত ভগৱান বাসৱেশ্বৰ জীৰ প্ৰতিমা লোকাৰ্পণ কৰাৰ সৌভাগ্য হৈছিল আৰু সেই সময়ত মই কৈছিলো যে এফালে মেগ্না কাৰ্টা ৰাখক আৰু আনফালে ভগৱান বিশ্বেশ্বৰৰ বচন ৰাখক, আপুনি গম পাব যে মেগ্না কাৰ্টাৰ আগতে কিমান শতিকাৰ আগতে মোৰ দেশত সমাজৰ প্ৰতি চোৱাৰ দৃষ্টিকোণ কি আছিল, সেয়া দেখা পাব।

 

বন্ধুসকল,

সেই আদৰ্শৰ ওপৰতে চলি শ্ৰী সিদ্ধগংগা মঠে আজি দেৰশতকৈ অধিক ইনষ্টিটিউট চলাই আছে, সমাজত শিক্ষা আৰু আধ্যাত্মৰ প্ৰসাৰ কৰি আছে আৰু মোক কোৱা হৈছে যে সিদ্ধগংগা মঠৰ স্কুলসমূহত এই সময়ত প্ৰায় দহ হাজাৰ বিদ্যাৰ্থীয়ে জ্ঞান অৰ্জন কৰি আছে। ভগৱান বাসৱেশ্বৰৰ এই প্ৰেৰণা, নিস্বাৰ্থ সেৱাৰ এই নিষ্ঠা, এয়াই আমাৰ ভাৰতৰ বুনিয়াদ। যিমান শক্তিশালী এই বুনিয়াদ হ'ব, সিমানেই শক্তিশালী আমাৰ দেশ হ'ব।

 

বন্ধুসকল,

আজি যি সময়ত আমি দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পালন কৰি আছো, সেই সময়ত স্বাধীনতাৰ অমৃত কালৰ এই কালখণ্ড 'সকলোৰে প্ৰয়াস'ৰ উত্তম সময়। আমাৰ ঋষিসকলে সহকাৰ, সহযোগ আৰু সকলোৰে প্ৰয়াসৰ এই সংকল্পক 'সহনাৱৱতু সহনৌভুনক্তু। সহ বীৰ্য কৰৱাৱহে'ৰ দৰে বেদ ঋচাৰ ৰূপত আমাক দিছে। আজি সময় হৈছে, আমি হাজাৰ হাজাৰ বছৰৰ সেই আধ্যাত্মিক অনুভৱক সাকাৰ কৰো। আজি সময় হৈছে যে আমি দাসত্বৰ শ শ বছৰত দেখা সপোন সাকাৰ কৰো। ইয়াৰ বাবে আমি নিজৰ প্ৰয়াসক আৰু গতি দিব লাগিব। আমি নিজৰ প্ৰয়াসক ৰাষ্ট্ৰৰ সংকল্পৰে সংযুক্ত কৰিব লাগিব।

 

বন্ধুসকল,

শিক্ষাৰ ক্ষেত্ৰত আজি 'ৰাষ্ট্ৰীয় শিক্ষা নীতি'ৰ উদাহৰণ আমাৰ সন্মুখত আছে। শিক্ষা আমাৰ ভাৰতৰ বাবে সহজ স্বভাৱ। এই সহজতাৰেই আমাৰ নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ সুযোগ পোৱা উচিত। ইয়াৰ বাবে স্থানীয় ভাষাত পঢ়াৰ বিকল্প দি থকা হৈছে। কন্নড়, তামিল, তেলেগুৰ সমান্তৰালকৈ সংস্কৃতৰ দৰে ভাষাসমূহকো প্ৰমোট কৰি থকা হৈছে। আমাৰ সকলো মঠ আৰু ধৰ্মীয় সংস্থান এই কামত শতিকা ধৰি লাগি আছে। মৈসুৰতো এনেকুৱা ঠাই, য'ৰ পৰা দেশৰ একমাত্ৰ সংস্কৃত দৈনিক কাকত সুধৰ্মা আজিও প্ৰকাশিত হৈ আছে। এতিয়া দেশেও আপোনাৰ এই প্ৰয়াসত সহযোগ দি আছে, ইয়াৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস কৰি আছে। এনেকৈয়ে, স্বাস্থ্য আৰু আৰোগ্যৰ দিশত ভাৰতৰ প্ৰয়াসত আজি আয়ুৰ্বেদ আৰু যোগে সমগ্ৰ পৃথিৱীত নতুন পৰিচয় লাভ কৰিছে। আমাৰ প্ৰয়াস হৈছে যে দেশৰ এজনো নাগৰিক নিজৰ এই ঐতিহ্যৰ পৰা অনভিজ্ঞ আৰু বঞ্চিত নহওক। এই অভিযান সম্পূৰ্ণ কৰিবলৈ আমাৰ আধ্যাত্মিক সংস্থানসমূহৰ যোগদান বহুত মহত্বপূৰ্ণ। এনেকৈয়ে, কন্যাসকলৰ পঢ়া-শুনাৰ বাবে, জল-সংৰক্ষণৰ বাবে,  পৰিৱেশৰ বাবে, আৰু স্বচ্চ ভাৰতৰ বাবেও আমি সকলো লগ হৈ আগুৱাব লাগিব। আৰু এটা মহত্বপূৰ্ণ সংকল্প প্ৰাকৃতিক খেতিৰো আছে। আমাৰ অন্ন যিমান শুদ্ধ হ'ব, আমাৰ জীৱনো সিমান শুদ্ধ, আৰু অন্ন শুদ্ধ যদি মনো শুদ্ধ, সিমানেই স্বাস্থ্য আৰু পৱিত্ৰ হ'ব। মই বিচাৰিম যে এই দিশতো আমাৰ সকলো মঠ আৰু ধৰ্মীয় সংস্থানে আগুৱাই আহি মানুহক সজাগ কৰক। আমাৰ এই ভাৰত মাতা, আমাৰ এই ধৰিত্ৰী আই, তেওঁলোকক আমি কেমিকেলৰ পৰা মুক্ত কৰো। ইয়াৰ বাবে আমি যিমানেই কৰিম, এয়া মাৰ আশীৰ্বাদ শতিকাৰ পাছত শতিকা ধৰি আমাৰ কামত আহিব।

 

বন্ধুসকল,

যি কামত সন্তসকলৰ প্ৰয়াস সংযুক্ত হয়, সেই কামত আধ্যাত্মিক চেতনা আৰু ঐশ্বৰিক আশীৰ্বাদো সংযুক্ত হয়। মোৰ বিশ্বাস, আপোনালোক সকলো সন্তৰ আশীৰ্বাদ নিৰন্তৰ দেশে পাই থাকিব। আমি একেলগ হৈ নতুন ভাৰতৰ সপোন সম্পূৰ্ণ কৰিম। আৰু আজি মোৰ বাবে বহুত সৌভাগ্যৰ পল। পূজ্য সন্তসকলে যেনেদৰে মোৰ বাবে নিজৰ ভাবনা প্ৰকাশ কৰিলে, মই জানো, যিখিনি মোৰ বাবে কোৱা হৈছে এতিয়াও মই তাত গৈ পাবলৈ বহুত কিবা কৰিবলৈ বাকী আছে। কিন্তু মোৰ এই কথাত বিশ্বাস আছে যে এই সন্তসকলৰ আশীৰ্বাদ, আমাৰ মহান সাংস্কৃতিক ঐতিহ্য আৰু আপোনালোক সকলো সন্তৰ মোৰ ওপৰত যি আশা, আপোনালোকেও মোক গঢ়ি থাকিব, আপোনালোকেই মোক দিশ দি থাকিব আৰু মই আপোনালোকৰ দিশ-নিৰ্দেশেৰে, সন্তসকলৰ মাৰ্গদৰ্শনত, মহান ঐতিহ্যৰ প্ৰেৰণাৰে সেই কামবিলাক সম্পূৰ্ণ কৰিব পাৰো, এনেকুৱা আশীৰ্বাদ আপোনালোকে মোক দিয়ক যাতে মোৰ কামত কোনো হীন-দেঢ়ি থাকি নাযায় আৰু আপোনালোকৰ আশা আধৰুৱা হৈ নৰয়। মোৰ এই ভাবনাকে ব্যক্ত কৰি মই আপোনালোক সকলোৰে মাজলৈ অহাৰ সুযোগ পালো, মই জীৱন ধন্য হোৱা যেন অনুভৱ কৰিছো। মই আকৌ এবাৰ আপোনালোকৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

য়েল্লাৰিগু নমস্কাৰ।

***

 

DS/TS/VK



(Release ID: 1836446) Visitor Counter : 126