কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
‘২০২২-২৩ বিপণন বৰ্ষ’ৰ বাবে নিৰ্দ্ধাৰণ কৰা খাৰিফ শস্যৰ ‘ন্যূনতম সমৰ্থন মূল্য’(এমএছপি)লৈ ‘চিচিইএ’-ৰ অনুমোদন
Posted On:
08 JUN 2022 4:50PM by PIB Guwahati
‘২০২২-২৩ বিপণন বৰ্ষ’ৰ বাবে নিৰ্দ্ধাৰণ কৰা খাৰিফ শস্যৰ ‘ন্যূনতম সমৰ্থন মূল্য’(এমএছপি)লৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় সমিতি’(চিচিইএ)-য়ে অনুমোদন জনাইছে।
খেতিয়কসকলৰ আয় বৃদ্ধিৰ লগতে ভিন্নধৰ্মী খেতি কৰাৰ বাবে তেওঁলোকক উত্সাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে খাৰিফ শস্যৰ ‘ন্যূনতম সমৰ্থন মূল্য’(এমএছপি)ৰ হাৰ বৃদ্ধি কৰি ‘২০২২-২৩ বিপণন বৰ্ষ’ৰ বাবে তলত দিয়া ধৰণে তালিকা প্ৰকাশ কৰিছে।
‘২০২২-২৩ বিপণন বৰ্ষ’ৰ বাবে নিৰ্দ্ধাৰণ কৰা খাৰিফ শস্যৰ ‘এমএছপি’ৰ হাৰ
(টকা প্ৰতি কুইণ্টল)
শস্য
|
এমএছপি 2014-15
|
এমএছপি 2021-22
|
|
এমএছপি
2022-23
|
2022-23 ত উত্পাদনী ব্যয়*
|
এমএছপি-ৰ হাৰ বৃদ্ধি (সৰ্বাধিক)
|
ব্যয়ৰ বিপৰীতে আয় (শতাংশ হিচাপত)
|
ধান (সাধাৰণ)
|
1360
|
1940
|
|
2040
|
1360
|
100
|
50
|
ধান (গ্ৰেড-এ)^
|
1400
|
1960
|
|
2060
|
-
|
100
|
-
|
জোৱাৰ (হাইব্ৰিড)
|
1530
|
2738
|
|
2970
|
1977
|
232
|
50
|
জোৱাৰ (মালদানি)^
|
1550
|
2758
|
|
2990
|
-
|
232
|
-
|
বজ্ৰা
|
1250
|
2250
|
|
2350
|
1268
|
100
|
85
|
ৰাগী
|
1550
|
3377
|
|
3578
|
2385
|
201
|
50
|
মেইজ
|
1310
|
1870
|
|
1962
|
1308
|
92
|
50
|
টুৰ (ৰহৰ)
|
4350
|
6300
|
|
6600
|
4131
|
300
|
60
|
মগু
|
4600
|
7275
|
|
7755
|
5167
|
480
|
50
|
মাটিমাহ
|
4350
|
6300
|
|
6600
|
4155
|
300
|
59
|
বাদাম
|
4000
|
5550
|
|
5850
|
3873
|
300
|
51
|
ছানফ্লাৱাৰ বীজ
|
3750
|
6015
|
|
6400
|
4113
|
385
|
56
|
ছয়াবীন
(হালধীয়া)
|
2560
|
3950
|
|
4300
|
2805
|
350
|
53
|
তিলজাতীয় বীজ
|
4600
|
7307
|
|
7830
|
5220
|
523
|
50
|
নাইজাৰ বীজ
|
3600
|
6930
|
|
7287
|
4858
|
357
|
50
|
কপাহ (মধ্যমীয়া আঁহযুক্ত)
|
3750
|
5726
|
|
6080
|
4053
|
354
|
50
|
কপাহ (দীঘলীয়া আঁহযুক্ত)^
|
4050
|
6025
|
|
6380
|
-
|
355
|
-
|
*মাটিৰ ভাড়া, শ্ৰমিকৰ মজুৰীকে ধৰি সকলো ধৰণৰ উত্পাদনী ব্যয়ক সামৰি লোৱা হৈছে
^ ব্যয়ৰ তথ্য পৃথককৈ সংকলিত কৰা হোৱা নাই
২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত ‘সৰ্ব ভাৰতীয় গড় উত্পাদনী ব্যয়’তকৈ কমেও ৫০% অধিক হাৰত এমএছপি নিৰ্দ্ধাৰণ কৰি খেতিয়কসকলক যুক্তিপূৰ্ণ ভাবে আয় বৃদ্ধিৰ সুযোগ প্ৰদানৰ বাবে কৰা ঘোষণাৰ আধাৰতে ২০২২-২৩ বিপণন বৰ্ষৰ বাবেও খাৰিফ শস্যৰ ‘এমএছপি’ নিৰ্দ্ধাৰণ কৰা হৈছে। এইবেলি বজ্ৰা, ৰহৰ, মাটিমাহ, ছানফ্লাৱাৰ, ছয়াবীন আৰু বাদামৰ বাবে নিৰ্দ্ধাৰণ কৰা ‘এমএছপি’ৰ হাৰ ‘সৰ্বভাৰতীয় গড় উত্পাদনী ব্যয়’তকৈ যথাক্ৰমে ৮৫%, ৬০%, ৫৯%, ৫৬%, ৫৩% আৰু ৫১% অধিক।
বিগত বছৰ দিয়েকত তৈলবীজ, মাহ আৰু মোটাদানাৰ খেতিয়কসকলক এইসমূহ শস্যৰ অধিক উতপাদন সম্ভৱ কৰি তোলাৰ বাবে বিস্তৃত পৰিসৰত কৰাৰ উপৰি উন্নত প্ৰযুক্তি তথা খেতিৰ অনুশীলনত মনোনিৱেশ কৰি চাহিদা আৰি যোগানৰ অসাম্য আঁতৰোৱাৰ বাবে উদগণি দিয়াৰ প্ৰয়াস কৰা হৈছে।
২০২১-২২ বৰ্ষৰ বাবে যুগুতোৱা তৃতীয় আগতীয়া পূৰ্বানুমান অনুসৰি দেশত খাদ্যদ্ৰব্যৰ উত্পাদন ৩১৪.৫১ নিযুত টন হৈছেগৈ, যিটো পৰিমাণ ২০২০-২১তকৈ ৩.৭৭ নিযুত টনৰে অধিক। সেইদৰে, ২০২১-২২ চনত হোৱা উত্পাদনৰ পৰিমাণ ইয়াৰ আগৰ পাঁচোটা বছৰ(২০১৬-১৭ৰ পৰা ২০২০-২১)ৰ গড় উত্পাদনতকৈ ২৩.৮০ নিযুত টন অধিক আছিল।
***
DS/KB
(Release ID: 1832540)
Visitor Counter : 312
Read this release in:
Hindi
,
Tamil
,
Kannada
,
Malayalam
,
English
,
Punjabi
,
Gujarati
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Odia
,
Telugu