বিত্ত মন্ত্ৰালয়

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে কাইলৈ আটাইকেইটা ৰাজহুৱা খণ্ডৰ বেংকে সকলো জিলাতে অনুষ্ঠিত কৰিব ক্ৰেডিট আউটৰিচ কাৰ্যসূচী

Posted On: 07 JUN 2022 7:12AM by PIB Guwahati

সকলো ৰাজহুৱা খণ্ডৰ বেঙ্কে কাইলৈ, ৮ জুন ২০২২ তাৰিখে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এক বৃহৎ ক্ৰেডিট আউটৰিচ কাৰ্যসূচীৰ আয়োজন কৰিছে। দেশৰ প্ৰতিখন জিলাতে গ্ৰাহক আৰু জনসাধাৰণক ঋণ লাভৰ সুবিধা আৰু বিভিন্ন চৰকাৰী আঁচনিত তেওঁলোকৰ নামভৰ্তিৰ বিষয়ে গ্ৰাহকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ তথা সমাধান প্ৰদান কৰা হ’ব এই অনুষ্ঠানৰ মাধ্যমেৰে। এই জিলা পৰ্যায়ৰ কাৰ্যসূচীবোৰ সকলো ৰাজহুৱা খণ্ডৰ বেংক আৰু ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতিৰ দ্বাৰা সুসমন্বয়েৰে আয়োজন কৰা হৈছে।

এই কাৰ্যসূচীসমূহ 6-12 জুন ২০২২ তাৰিখে আজাদী কা অমৃত মহোৎসৱৰ অধীনত বিত্ত মন্ত্ৰালয়ৰ আইকনিক সপ্তাহ উদযাপনৰ অংশ হিচাপে প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে সপ্তাহৰ প্ৰথম দিনটোতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত মাননীয় প্ৰধানমন্ত্ৰী উপস্থিত থাকি আকৰ্ষণীয় কৰি তুলিছিল।

এই জিলা পৰ্যায়ৰ কাৰ্যসূচীবোৰৰ উদ্দেশ্য হৈছে কৰ্মচাৰী আৰু গ্ৰাহক তথা জনসাধাৰণৰ সৰ্বাত্মক অংশগ্ৰহণেৰে দেশৰ সকলো প্ৰান্ততে এই মহোৎসৱ উদযাপন কৰা। সকলো SLBC ক ক্ৰেডিট আউটৰিচ, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই) আৰু অটল পেঞ্চন যোজনা (এপিৱাই), গ্ৰাহক সজাগতা আৰু বিত্তীয় সাক্ষৰতা আৰু শাখা, বিচি আদিৰ দ্বাৰা কৰা ভাল কামৰ উপযুক্ত স্বীকৃতি প্ৰদানৰ কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে।

 

***

RM/MV/KMN



(Release ID: 1832451) Visitor Counter : 145