প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেকে নামেৰে জনপ্ৰিয়, বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নাথৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
01 JUN 2022 12:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেকে নামেৰে জনপ্ৰিয়, বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নাথৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে তেওঁৰ গীতসমূহে সকলো বয়সৰ লোকৰে আৱেগক প্ৰতিফলিত কৰিছিল বুলি কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;
"কেকে নামেৰে জনপ্ৰিয়, বিশিষ্ট গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ অকাল বিয়োগত দুখ পাইছো। তেওঁৰ গীতসমূহে সকলো বয়সৰ লোকৰে আৱেগক প্ৰতিফলিত কৰিছিল। তেওঁৰ গীতৰ জৰিয়তে আমি তেওঁক সদায়েই স্মৰণ কৰিম। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।"
*****
DS/ST/SB
(रिलीज़ आईडी: 1830292)
आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam