গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ ছিমলাত ৩১ মে’, ২০২২ত চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব


কেন্দ্ৰীয় মন্ত্ৰী আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে দেশৰ বিভিন্ন জিলাত গৰীব কল্যাণ সন্মিলন অনুষ্ঠানৰ অধীনত হিতাধিকাৰীসকলৰ সৈতে মতবিনিময়ত অংশ ল’ব

Posted On: 28 MAY 2022 7:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে ভাৰত চৰকাৰৰ ৯টা মন্ত্ৰালয় আৰু বিভাগৰ প্ৰায় ১৬খন আঁচনি আৰু কাৰ্যসূচীৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব।  "গৰীব কল্যাণ সন্মিলন" নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটো ২০২২ চনৰ ৩১ মে'ত ছিমলাত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে সমগ্ৰ দেশৰ হিতাধিকাৰীসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব।

প্ৰধানমন্ত্ৰীয়ে কিষাণ সন্মান নিধিৰ ১১ সংখ্যক কিস্তিও মুকলি কৰিব, যাৰ পৰিমাণ ২১,০০০ কোটি টকাতকৈও অধিক। একেসময়তে ৰাজ্যৰ ৰাজধানী, জিলা মুখ্য কাৰ্যালয় আৰু কেভিকে কেন্দ্ৰসমূহতো অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই শৃংখলাবদ্ধ অনুষ্ঠানৰ অধীনত, আঁচনিৰ হিতাধিকাৰীসকলে মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী, সাংসদ, বিধান সভাৰ সদস্য আৰু অন্যান্য নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰিব।

ইয়াৰে বহুতো আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কোটিৰ হিচাপত হ’ব আৰু এই আঁচনিসমূহে আটাইতকৈ দৰিদ্ৰ জনসাধাৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাবোৰ সমাধান কৰে। ইয়াৰ ভিতৰত আছে বাসস্থান, খোৱা পানীৰ উপলব্ধতা, খাদ্য, স্বাস্থ্য আৰু পুষ্টি, জীৱিকা আৰু বিত্তীয় অন্তৰ্ভুক্তি ইত্যাদি।

এই বাৰ্তালাপে এই আঁচনিসমূহৰ একত্ৰীকৰণ আৰু সংপৃক্ততাৰ সম্ভাৱনা অন্বেষণ কৰিব আৰু নাগৰিকসকলৰ আকাংক্ষা মূল্যায়ন কৰাৰ সুযোগ প্ৰদান কৰিব। এই সন্মিলনখন দেশজুৰি হোৱা সৰ্ববৃহৎ একক অনুষ্ঠানৰ ভিতৰত এটা হ'ব, য'ত প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতে এই আঁচনি আৰু কাৰ্যসূচীসমূহে তেওঁলোকৰ জীৱনত কি প্ৰভাৱ পেলাইছে সেই বিষয়ে বাৰ্তালাপ কৰিব।

অনুষ্ঠানটো ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চেনেলত দূৰদৰ্শনৰ জৰিয়তে লাইভ টেলিকাষ্ট কৰা হ’ব। মাইগ’ভৰ জৰিয়তেও অনুষ্ঠানটো ৱেবকাষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াক অন্যান্য ছ’চিয়েল মিডিয়া চেনেল যেনে, ইউটিউব, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ জৰিয়তেও চাব পাৰি।

আশা কৰা হৈছে যে এই বাৰ্তালাপে কেৱল নাগৰিকসকলৰ জীৱন ধাৰণৰ সহজতাৰ দিশত আগবাঢ়ি অহা এই আঁচনিসমূহৰ জনকেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত আলোকপাত নকৰে, লগতে জনসাধাৰণৰ আশা-আকাংক্ষাৰ ওপৰত চৰকাৰক আলোকিত কৰিব আৰু নিশ্চিত কৰিব যে দেশৰ প্ৰগতিৰ যাত্ৰাত কোনেও পিছ পৰি নাথাকিব।

 

***

AD/MS


(Release ID: 1830018) Visitor Counter : 171