প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৮ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


‘সহকাৰ চে সমৃদ্ধি’ বিষয়ক আলোচনাচক্ৰত বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ নেতাসকলক উদ্দেশ্যি ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে কলোলৰ আইএফএফচিঅ’ত নিৰ্মাণ কৰা নেনো ইউৰিয়া (তৰল) প্ৰকল্প উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰীয়ে ৰাজকোটৰ আটকোটত মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি হস্পিটেল পৰিদৰ্শন কৰিব আৰু এক ৰাজহুৱা সভাত ভাষণ দিব

Posted On: 27 MAY 2022 9:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে, ২০২২ তাৰিখে গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজকোটৰ আটকোটত নৱনিৰ্মিত মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি চিকিৎসালয় পৰিদৰ্শন কৰিব। ইয়াৰ পিছত অনুষ্ঠানস্থলীত এক ৰাজহুৱা সভাত তেওঁ ভাষণ দিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ‘সহকাৰ চে সমৃদ্ধি’ বিষয়ক আলোচনাচক্ৰত বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ নেতাসকলক উদ্দেশ্যি ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে। এই অনুষ্ঠানত তেওঁ কলোলৰ আইএফএফচিঅ’ত নিৰ্মাণ কৰা নেনো ইউৰিয়া (তৰল) প্ৰকল্পও উদ্বোধন কৰিব।

 

গান্ধীনগৰত প্ৰধানমন্ত্ৰী

গুজৰাটৰ সমবায় খণ্ড সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ আহিছে। ৰাজ্যখনত ৮৪,০০০ ৰো অধিক সমবায় প্ৰতিষ্ঠান আছে। এই প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰায় ২৩১ লাখ সদস্য জড়িত। ৰাজ্যখনত সমবায় আন্দোলনক অধিক শক্তিশালী কৰিবলৈ আন এক পদক্ষেপ হিচাপে গান্ধীনগৰৰ মহাত্মা মন্দিৰত 'সহকৰ চে সমৃদ্ধি' বিষয়ক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ ৭,০০০ তকৈও অধিক প্ৰতিনিধিয়ে এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব।

 

কৃষকসকলক উৎপাদন বৃদ্ধি আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৭৫ কোটি টকা ব্যয়েৰে কলোলৰ আইএফএফচিঅ’ত নিৰ্মাণ কৰা নেনো ইউৰিয়া (তৰল) প্ৰকল্পও উদ্বোধন কৰিব। নেনো ইউৰিয়া ব্যৱহাৰৰ জৰিয়তে শস্যৰ উৎপাদন বৃদ্ধিৰ কথা মনত ৰাখি অত্যাধুনিক নেনো সাৰ প্ৰকল্পটো স্থাপন কৰা হৈছে। প্ৰকল্পটোৱে প্ৰতিদিনে ৫০০মিলি ধাৰণ ক্ষমতাসম্পন্ন প্ৰায় ১.৫ লাখ বটল  উৎপাদন কৰিব।

 

ৰাজকোটৰ আটকোটত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিবলগীয়া ৰাজকোটৰ মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি চিকিৎসালয়খন শ্ৰী পেটেল সেৱা সমাজে পৰিচালনা কৰে। এই চিকিৎসালয়খনৰ পৰাই সংশ্লিষ্ট অঞ্চলৰ লোকসকলে উন্নত চিকিৎসা সঁজুলিৰ সহায়ত বিশ্বমানৰ স্বাস্থ্যসেৱা লাভ  কৰিব। চিকিৎসালয় পৰিদৰ্শনৰ পিছতে এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণ দিব।

 

 ***

DS/LP/KG



(Release ID: 1828866) Visitor Counter : 128