প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা

Posted On: 22 MAY 2022 10:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত পথ দুৰ্ঘটনাত নিহত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;

"উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত সংঘটিত পথ দুৰ্ঘটনা অত্যন্ত বেদনাদায়ক। শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি মোৰ সমবেদনা। ঈশ্বৰে তেওঁলোকক অপৰিসীম মনোশক্তি দিয়ক। একে লগতে, মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো: প্ৰধানমন্ত্ৰী @narendramodi"

"প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকা কৈ দিয়া হ'ব।"

 

***

DS/ST/RD



(Release ID: 1828445) Visitor Counter : 92