কেবিনেট

‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি-২০১৮’ৰ সংশোধনীলৈ কেবিনেটৰ অনুমোদন

Posted On: 18 MAY 2022 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবনেটৰ সভাই ‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি-২০১৮’ৰ সংশোধনীলৈ অনুমোদন জনাইছে।

২০০৯ চনত ‘নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে’ ঘোষণা কৰা ‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতিখন’ক প্ৰতিস্থাপিত কৰি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ২০১৮ চনৰ ৪ জুনত ‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি-২০১৮’ খন অধিসূচিত কৰিছিল।

জৈৱ-ইন্ধনৰ ক্ষেত্ৰত হোৱা শেহতীয়া অগ্ৰগতি, ‘ৰাষ্ট্ৰীয় জৈৱ-ইন্ধন সমন্বয়ৰক্ষী সমিতি’(এনবিচিচি)ৰ সভাত জৈৱ-ইন্ধনৰ উত্পাদন বৃদ্ধি সন্দৰ্ভত হোৱা সিদ্ধান্ত, সংসদৰ স্থায়ী সমিতিৰ পৰামৰ্শাৱলী আৰু ১-০৪-২০২৩ তাৰিখৰ পৰা সমগ্ৰ দেশতে বলবত্ হোৱাকৈ ২০শতাংশ পৰ্যন্ত ইথানলৰ সংমিশ্ৰণৰে পেট্ৰ’লৰ প্ৰচলন আৰম্ভ কৰাৰ উদ্দেশ্যৰেই ‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি’ৰ এই সংশোধন সম্পাদিত কৰা হৈছে।

জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতিত সম্পাদিত সংশোধনসমূহ তলত উল্লেখ কৰা হল:

  1. জৈৱ-ইন্ধন উত্পাদনৰ বাবে অধিক সংখ্যক কেঁচামাল ব্যৱহাৰৰ অনুমোদন দিবলৈ
  2. ২০শতাংশ হাৰত ইথানল সংমিশ্ৰণৰ লক্ষ্য ২০৩০ৰ পৰা ২০২৫-২৬লৈ আগুৱাই আনিবলৈ,
  3. ‘মেক ইন ইণ্ডিয়া’ কাৰ্যক্ৰমৰ অধীনত দেশত থকা ‘বিশেষ অৰ্থনৈতিক মণ্ডল/ৰপ্টানীলক্ষ্য নিৰ্দিষ্ট গোট’সমূহত থকা উত্পানী গোটমূহৰ জৰিয়তে দেশত জৈৱ-ইন্ধনৰ উত্পাদন বৃদ্ধিত উত্সাহ যোগাবলৈ,
  4. ‘এনবিচিচি’ত নতুন সদস্য অন্তৰ্ভুক্ত কৰিবলৈ,
  5. বিশেষ কেতবোৰ পৰিস্থিতিত জৈৱ-ইন্ধনৰ ৰপ্টানীৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱলৈ
  6. ‘ৰাষ্ট্ৰীয় জৈৱ-ইন্ধন সমন্বয়ৰক্ষী সমিতি’ৰ সিদ্ধান্তৰ আধাৰত নীতিখনৰ কেতবোৰ দফাৰ সংশোধন কিম্বা বাতিল কৰিব পৰা কৰিবলৈ

এই সংশোধনীয়ে থলুৱা প্ৰযুক্তিক আকৰ্ষিত কৰাৰ লগতে এনে প্ৰযুক্তিৰ উদ্ভাৱনৰ জৰিয়তে ‘মেক ইন ইণ্ডিয়া’ কাৰ্যক্ৰমৰ গতি ত্বৰান্বিত কৰি অধিক পৰিমাণৰ কৰ্মসংস্থাপনৰ সম্ভাৱনা সৃষ্টি কৰিব।

এই পদক্ষেপে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অভিযানক শক্তি প্ৰদান কৰাৰ লগতে ২০৪৭ত ভাৰতক ‘শক্তি-আত্মনিৰ্ভৰ’ দেশ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেখা সপোনটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগাব।  

 

***

DS/KB



(Release ID: 1826751) Visitor Counter : 156