তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
কান-ত ৰে’ড-কাৰ্পেট উজলালে ভাৰতীয় প্ৰতিনিধিবৰ্গই
কান-ৰ আৰম্ভণি নিশাৰ ৰে’ড-কাৰ্পেটত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধিবৰ্গৰ সৰ্ববৃহত্ দলে একেলগে খোজ আগবঢ়ালে
কান-ত ভাৰতৰ হৈ প্ৰথমজন লোক-সংগীত শিল্পী হিচাপে ৰে’ড-কাৰ্পেটত প্ৰথম খোজ আগবঢ়াই ইতিহাস ৰচিলে মামে খানে
কান-ত ‘স্পটলাইট’ত দক্ষিণ ভাৰতৰ চিনেমা
‘মাৰ্চে ডু ফিল্ম’ত ‘ক্ৰান্তী অব অনাৰ’ ভাৰত
प्रविष्टि तिथि:
17 MAY 2022 9:53PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ নেতৃত্বত এঘাৰগৰাকী বিশিষ্ট ব্যক্তিত্বৰে গঠিত ভাৰতীয় প্ৰতিনিধিবৰ্গৰ এই পৰ্যন্ত সৰ্ববৃহত্ দলটোৱে আজি ‘কান চলচ্চিত্ৰ মহোত্সৱ’-ৰ আৰম্ভণি নিশাৰ তৰকা সমৃদ্ধ ৰে’ড-কাৰ্পেটত একেলগে খোজ আগবঢ়ালে।
কান-ত ভাৰতৰ হৈ প্ৰথমজন লোক-সংগীত শিল্পী হিচাপে ৰে’ড-কাৰ্পেটত প্ৰথম খোজ আগবঢ়াই ইতিহাস ৰচিলে মামে খানে। স্বাভাৱিকতেই এইটো মুহূৰ্ত ভাৰতীয় লোক-শিল্পীসকলৰ বাবে ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছে।
ভাৰতীয় চিনেমাৰ বৈচিত্ৰ্য আৰু অনন্যতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰি ৰে’ড-কাৰ্পেটত খোজ পেলোৱা ভাৰতীয় দলটো ভাৰতৰ সকলো প্ৰান্তৰ বিশিষ্ট ব্যক্তিত্বৰে গঠিত হৈছে। ‘পলাইছ ডে ফেষ্টিভেলছ’ৰ প্ৰসিদ্ধ খটখটিত খোজ আগবঢ়োৱা এঘাৰগৰাকী সদস্যই ‘গ্লোবেল চিনেমা হাব’ হিচাপে পৰিগণিত হোৱাৰ বাবে ভাৰতে পোষণ কৰা আকাংক্ষাৰ ইংগিত বাৰুকৈয়ে প্ৰদৰ্শিত কৰিছে।
মন্ত্ৰীগৰাকীৰ সৈতে যোৱা দহগৰাকী বিশিষ্ট ব্যক্তিৰ তিনিগৰাকী সংগীত বিশাৰদে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ পতাকাৰ সন্মান বাৰুকৈয়ে উচ্চ কৰিবলৈ সক্ষম হৈছে, আৰু প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা আৰু ভাৰতীয় চিনেমাৰ অভিনেতা-অভিনেত্ৰীসকলে ভাৰতৰ বিভিন্ন প্ৰান্ত, ভাষাৰ লগতে মূলসূঁতি আৰু ‘অটিটি’ চিনেমাৰ বৈচিত্ৰ্যপূৰ্ণ ধাৰাক প্ৰতিনিধিত্ব কৰিছে। কাহিনীকাৰৰ দেশ ভাৰতে কেন-ৰ ৰে’ডকাৰ্পেটত সাব্যস্ত কৰা শক্তিশালী উপস্থিতিৰে পৃথিৱীৰ সন্মুখত সুন্দৰ উপস্থাপনা সম্ভৱ কৰিবলৈ সক্ষম হৈছে বুলিয়ে ক’ব লাগিব।
তাৰকাসকলৰ মাজৰ নৱাজুদ্দিন ছিদ্দিকী ‘কান’-লৈ নিয়মীয়াকৈ যোৱা এগৰাকী শিল্পী। কেঁচামাটিৰ গোন্ধ থকা তেওঁৰ বাস্তৱ সন্মত অভিনয়ৰে সমৃদ্ধ ‘লাঞ্চবক্স’ বা ‘গেংগছ অব ৱাছিপুৰ’ৰ দৰে চিনেমাৰ ইউৰোপীয় চিত্ৰপ্ৰেমীসকলৰ মাজত এক বিশেষ ধৰণৰ আকৰ্ষণ আছে, আৰু এই কথাই ভাৰতীয় চিনেমায়ো যে বিস্তৃত পৰিসৰ আবেগসমৃদ্ধ ছবি উপহাৰ দিব পাৰে তাৰেই নিদৰ্শন দাঙি ধৰে।
প্ৰসিদ্ধ সংগীত শিল্পী এ আৰ ৰহমানৰ অন্তৰ্ভুক্তিৰে ভাৰতীয় প্ৰতিনিধি দলটোৱে ‘চিনেমাটোগ্ৰাফিক সংগীত’ৰ প্ৰতি জনাৱ খোজা শ্ৰদ্ধাৰ মনোভাৱকটোকে প্ৰতীয়মান কৰিছে। হয়তো পৃথিৱীৰ আন ঠাইৰ তুলনাত ভাৰতীয় চিনেমাৰ ‘ডিএনএ’-ত সংগীতে ব্যাপক ভাবে ভূমিকা পালন কৰি আহিছে। দেশৰ সাংগীতৰ বৰ্ণাঢ্য ৰূপৰেখাক বাংময় ৰূপত দাহি ধৰাৰ উদ্দেশ্যে ৰে’ড-কাৰ্পেটত ভিন্ন ঘাৰাণাৰ প্ৰতিনিধিত্ব প্ৰদান কৰা হৈছে। ৰিকী কেজ- দুবৰকৈ গ্ৰেমী বঁটা প্ৰাপকৰ দৰে নতুন যুগৰ প্ৰসিদ্ধ সংগীত শিল্পীয়ে ভাৰতৰ সাম্প্ৰতিক কালৰ সংগীতৰ ক্ষেত্ৰখনক প্ৰতিনিধিত্ব আগবঢ়োৱাৰ বিপৰীতে ৰাজস্থানী ছবিৰ সংগীতকাৰ তথা লোক-সংগীত শিল্পী মামে খানে ভাৰতীয় চিনেমাত লোক-সংগীতৰ প্ৰভাৱৰ গৰিমাক প্ৰতিনিধিত্ব কৰিছে। বহুবোৰ চিৰসেউজ গীতৰ স্ৰষ্টা আৰু বৰ্তমানৰ ‘চেণ্ট্ৰেল বৰ্ড ফৰ ফিল্ম চাৰ্টিফিকেশ্যন’(চিবিএফচি)ৰ অধ্যক্ষ প্ৰসূণ যোশীও ইয়াত উপস্থিত থাকে।
প্ৰতিনিধি দলটোত বিভিন্ন আঞ্চলিক চিনেমাৰ বিশিষ্ট ব্যক্তিত্বক অন্তৰ্ভুক্ত কৰি পৃথিৱীলৈ এই বাৰ্তাকে দিব বিচৰা হৈছে যে ২৫টা আঞ্চলিক চলচ্চিত্ৰ উদ্যোগক উত্সাহিত কৰা ভাৰতে বিভিন্ন শৈলী আৰু ভিন্ন স্বাদৰ চিনেমাৰ সম্ভাৰ উপহাৰ দিব পৰাৰ দক্ষতা বহণ কৰি আহিছে। এইবেলি দক্ষিণ ভাৰতৰ চিনেমাই বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। ছটাকৈ ভাষা(তামিল, তেলেগু, মালয়ালম, কানাড়া, হিন্দী আৰু ইংৰাজী)ত ছবি নিৰ্মাণৰে জড়িত আৰ মাধৱনৰ দৰে অভিনেতা তথা ছবি নিৰ্মাতা ভাৰতীয় চিনেমাৰ বৈচিত্ৰ্যশালী স্বৰূপটোৰ সুন্দৰ নিদৰ্শন। প্ৰতিনিধি দলটোত তেলেগু চলচ্চিত্ৰ জগতৰ দুগৰাকী তাৰকা শিল্পী তামান্না ভাটীয়া আৰু পূজা হেগড়েয়েও নিজৰ উজ্জ্বল উপস্থিতি সাব্যস্ত কৰিছে।
‘মিষ্টাৰ ইণ্ডিয়া’ৰ দৰে ছবিৰ পৰিচালক আৰু বৰ্তমানৰ ‘ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউট অব ইণ্ডিয়া’(এফটিআইআই)ৰ অধ্যক্ষ শেখৰ কাপুৰৰ লগতে অভিনেত্ৰী তথা ‘চিবিএফচি’-ৰ সদস্যা বাণী ত্ৰিপাঠীয়েও ভাৰতীয় দলটোত প্ৰতিনিধিত্ব কৰিছে।
ৰে’ড-কাৰ্পেটত খোজ দিয়া দলটোৰ সদস্যসকল, ক্ৰমানুসাৰে:
1. মামে খান, ৰাজস্থানৰ বিখ্যাত লোক-সংগীত শিল্পী
2. শেখৰ কাপুৰ, বিশ্ব প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক
3. পূজা হেগড়ে, অভিনেত্ৰী
4. নৱাজুদ্দিন ছিদ্দিকী, অভিনেতা
5. তামান্না ভাটীয়া, অভিনেত্ৰী
6. অনুৰাগ ঠাকুৰ, প্ৰতিনিধিবৰ্গৰ মূৰব্বী তথা তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী
7. আৰ. মাধৱন, অভিনেতা, পৰিচালক আৰু ছবি নিৰ্মাতা
8. এ. আৰ. ৰহমান, বিশিষ্ট গায়ক তথা সংগীত পৰিচালক
9. প্ৰসূণ যোশী, অধ্যক্ষ ‘চিবিএফচি’, প্ৰসিদ্ধ গীতিকাৰ
10. বাণী ত্ৰিপাঠী, চলচ্চিত্ৰ নিৰ্মাতা, সদস্য চিবিএফচি, ভাৰতীয় চলচ্চিত্ৰৰ প্ৰসিদ্ধ ব্যক্তিত্ব
11. ৰিকী কেজ, দুবাৰৰ গ্ৰেমী বঁটা প্ৰাপক সংগীতজ্ঞ
***
(रिलीज़ आईडी: 1826183)
आगंतुक पटल : 210