প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩০ এপ্ৰিলত উচ্চ ন্যায়ালয়ৰ মুখ্যমন্ত্ৰী আৰু মুখ্য ন্যায়াধীশৰ যুটীয়া সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 29 APR 2022 6:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ এপ্ৰিল, ২০২২ তাৰিখে পুৱা ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ যুটীয়া সন্মিলনৰ উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলকো সম্বোধন কৰিব।

এই যুটীয়া সন্মিলনখন সঁচাকৈয়ে কাৰ্যবাহী আৰু ন্যায়পালিকাক এক মঞ্চত অনাৰ এক মূল্যৱান সুযোগ যাতে জনসাধাৰণক সৰল আৰু সুবিধাজনক ভাৱে ন্যায় প্ৰদান কৰাৰ পৰিকাঠামো নিৰ্ধাৰণ কৰা হয়, লগতে ন্যায়িক ব্যৱস্থাৰ সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। ২০১৬ চনত এনেধৰণৰ অন্তিমখন সন্মিলন অনুষ্ঠিত হৈছিল। সেই সময়ৰ পৰা এতিয়ালৈকে, চৰকাৰে 'ইকৰ্টেছ মিছন মোড প্ৰকল্প'ৰ অধীনত আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ডিজিটেল প্ৰযুক্তিক আদালতৰ প্ৰক্ৰিয়াত একত্ৰিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

 

 ***

DS/SH/RD



(Release ID: 1824640) Visitor Counter : 86