প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৬ষ্ঠ ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পূৰ্ণাংগ অধিৱেশনত সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

Posted On: 02 MAY 2022 8:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী পৰামৰ্শ (IGC) ৰ পূৰ্ণাংগ অধিৱেশনত ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ মহামহিম শ্ৰী অ’লাফ শলজৰে সহ-অধ্যক্ষতা কৰে।

 প্ৰাৰম্ভিক ভাষণত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ লগতে আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ক্ষেত্ৰত সহভাজিত দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাৰ্মানীৰ অংশীদাৰিত্বই এখনি জটিল বিশ্বত সফলতাৰ উদাহৰণ হিচাপে কাম কৰিব পাৰে বুলি গুৰুত্ব আৰোপ কৰে। তেখেতে লগতে ভাৰতৰ আত্মনিৰ্ভৰ ভাৰত অভিযানত জাৰ্মানীৰ অংশগ্ৰহণৰো আহ্বান জনায়।

দুয়োপক্ষৰে অংশগ্ৰহণকাৰী মন্ত্ৰী আৰু বিষয়াসকলে আইজিচিৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ বৈঠক সম্পৰ্কে চমু প্ৰতিবেদন উপস্থাপন কৰেঃ

  • • বৈদেশিক পৰিক্ৰমা আৰু সুৰক্ষা।
  • • অৰ্থনৈতিক, বিত্তীয় নীতি, বৈজ্ঞানিক আৰু সামাজিক বিনিময়।
  • • জলবায়ু, পৰিবেশ, বহনক্ষম উন্নয়ন আৰু শক্তি।

বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন; বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ; বিজ্ঞান ও প্ৰযুক্তি আৰু পৃথিৱী বিজ্ঞান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ডাঃ জিতেন্দ্ৰ সিং আৰু ডিপিআইআইটিৰ সচিব শ্ৰী অনুৰাগ জৈনে ভাৰতৰ হৈ প্ৰেজেনটেশ্যন আগবঢ়ায়।
 

সেউজ আৰু বহনক্ষম উন্নয়ন অংশীদাৰিত্ব স্থাপনৰ বাবে যুটীয়া অভিপ্ৰায় ঘোষণাপত্ৰ (JDI) ত প্ৰধানমন্ত্ৰী আৰু চেন্সেলৰ শলজৰ স্বাক্ষৰেৰে পূৰ্ণাংগ অধিৱেশনখনিৰ সামৰণি পৰে। এই অংশীদাৰিত্বই এছডিজি আৰু জলবায়ু পদক্ষেপৰ ক্ষেত্ৰত ভাৰত-জাৰ্মানীৰ সহযোগিতাত এক সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগীৰ পৰিকল্পনা কৰিছে, যাৰ অধীনত জাৰ্মানীয়ে ২০৩০ লৈকে ১০ বিলিয়ন ইউৰ’ নতুন আৰু অতিৰিক্ত উন্নয়নমূলক সহায়ৰ অগ্ৰিম অংগীকাৰ প্ৰদান কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই জেডিআইয়ে অংশীদাৰিত্বক উচ্চ-পৰ্য্যায়ৰ সমন্বয় আৰু ৰাজনৈতিক দিক প্ৰদানৰ বাবে আইজিচিৰ পৰিকাঠামোৰ ভিতৰত এক মন্ত্ৰীপ্ৰণালীও গঢ়ি তুলিব।

আইজিচিৰ পিছত এক যুটীয়া বিবৃতি প্ৰদান কৰা হয়, which may be seen here.

মন্ত্ৰী পৰ্য্যায়ৰ দ্বিপাক্ষিক বৈঠকৰ সময়ত একাধিক চুক্তি সম্পন্ন কৰা হয়। The list may be seen here.

 

***

DS/AK/SB



(Release ID: 1824635) Visitor Counter : 110