প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰদানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘গ্লোবেল পাটিদাৰ বিজনেছ ছামিট’


“আজি ভাৰতৰ হাতত অফুৰন্ত ভাণ্ডাৰ আছে। আমি মাথোঁ আত্ম-বিশ্বাস বাঢ়োৱাৰ লগতে আত্ম-নিৰ্ভৰতাৰ চেতনা জাগৃত কৰিব লাগিব”

“সাধাৰণ পৰিয়ালৰ যুৱক-যুৱতীও যাতে উদ্যোগী হ’ব পাৰে আৰু উদ্যোগী হোৱাৰ সপোন দেখাৰ লগতে ইয়াক লৈ গৌৰৱান্বিত হোৱাৰ অৱকাশ পায় তেনে এক পৰিৱেশ গঢ়িবলৈকে নিৰন্তৰ প্ৰয়াস কৰিছে চৰকাৰে”

“প্ৰতিটো ক্ষুদ্ৰ আৰু বৃহত্ উদ্যোগেই ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা আগবঢ়াই আহিছে আৰু সকলোৰে প্ৰয়াসৰ এই চেতনাই ‘অমৃত কাল’ত নতুন ভাৰতৰ শক্তি হৈ উঠিছে”

পাটিদাৰ সম্প্ৰদায়ক গোট গঠন কৰি ‘ফিনটেক’, ‘এনইপি’-ৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ে পৰামৰ্শ দান কৰাৰ লগতে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়

Posted On: 29 APR 2022 1:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সাৰদাধাম’-য়ে আয়োজন কৰা ‘গ্লোবেল পাটিদাৰ বিজনেছ ছামিট’(জিপিবিএছ)খন ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে শুভ উদ্বোধন কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰু উদ্যোগ জগতৰ নেতৃবৃন্দইয়ো অন্যান্যসকলৰ লগতে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে চুৰাট মহানগৰীৰ স্থিতি সন্দৰ্ভত মন্তব্য কৰি কয় যে ই পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ক্ষীপ্ৰতাৰে বিখশিত হোৱা মহানগৰসমূহৰ অন্যতম। চৰ্দাৰ পেটেলৰ মন্তব্যৰ কথা স্মৰণ কৰি তেওঁ কয়, “আজিৰ ভাৰতৰ হাতত অফুৰন্ত ভাণ্ডাৰ আছে। আমি মাথোঁ আত্ম-বিশ্বাস বাঢ়োৱাৰ লগতে আত্ম-নিৰ্ভৰতাৰ চেতনা জাগৃত কৰিব লাগিব। এই বিশ্বাস তেতিয়াহে আহিব যেতিয়া উন্নয়ণী প্ৰক্ৰিয়াত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰয়াস বিজড়িত হ’ব”।

দেশত উদ্যমশীলতা বৃদ্ধিৰ প্ৰসংগ উথ্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “সাধাৰণ পৰিয়ালৰ যুৱক-যুৱতীও যাতে উদ্যোগী হ’ব পাৰে আৰু উদ্যোগী হোৱাৰ সপোন দেখাৰ লগতে ইয়াক লৈ গৌৰৱান্বিত হোৱাৰ অৱকাশ পায় তেনে এক পৰিৱেশ গঢ়িবলৈকে নিৰন্তৰ প্ৰয়াস কৰিছে চৰকাৰে”।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰতিটো ক্ষুদ্ৰ আৰু বৃহত্ উদ্যোগেই ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা আগবঢ়াই আহিছে আৰু সকলোৰে প্ৰয়াসৰ এই চেতনাই ‘অমৃত কাল’ত নতুন ভাৰতৰ শক্তি হৈ উঠিছে”। তেওঁ, পাটিদাৰ সম্প্ৰদায়ক গোট গঠন কৰি ‘ফিনটেক’, ‘এনইপি’-ৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ে পৰামৰ্শ দান কৰাৰ লগতে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।

 

পাটিদাৰ সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নয়ণক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ‘সাৰদাধাম’-য়ে ‘মিছন ২০২৬’ কাৰ্যক্ৰমৰ অধীনত এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰতি দুবছৰৰ মূৰে মূৰে এই সন্মিলন অনুষ্ঠিত কৰি অহা হৈছে। ২০১৮ আৰি ২০২০ চনত প্ৰথম দুখন সন্মিলন গান্ধীনগৰত অনুষ্ঠিত কৰা হৈছিল। এইবেলি সন্মিলনখন চুৰটত অনুষ্ঠিত কৰা হ’ব। চলিত বৰ্ষৰ ‘জিপিবিএছ’-ৰ প্ৰাতিপাদ্য প্ৰসংগ হৈছে ‘আত্মনিৰ্ভৰ সম্প্ৰদায়ৰ পৰা আত্মনিৰ্ভৰ গুজৰাট আৰু ভাৰত’। সম্প্ৰদায়টোৰ মাজৰ ক্ষুদ্ৰ, মজলীয়া আৰু বৃহত্ বাণিজ্যিক প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰা, নতুন উদ্যোগীসকলক প্ৰতিপালন আৰু সহযোগিতা আগবঢ়োৱা আৰু শিক্ষিত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি নিয়োগৰ ক্ষেত্ৰত সহায় কৰাই হৈছে এই সন্মিলন মূল উদ্দেশ্য। ২৯ এপ্ৰিলৰ পৰা ১ মে’লৈ তিনিদিন ধৰি অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনত চৰকাৰৰ ঔদ্যোগীক নীতি, ‘এমএছএমই’, ‘ষ্টাৰ্ট আপ’, উদ্ভাৱন আদিৰ লগতে বিভিন্ন প্ৰসংগত বিস্তৃত আলোচনা অনুষ্ঠিত কৰা হ’ব।

 

***

DS/AK/KB



(Release ID: 1821985) Visitor Counter : 104