কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেবিনেটে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি (পিএম-স্বনিধি)ক মাৰ্চ ২০২২ৰ পৰা আগবঢ়াই ডিচেম্বৰ ২০২৪লৈকে অব্যাহত ৰাখিবলৈ অনুমোদন দিয়ে

Posted On: 27 APR 2022 4:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰীমণ্ডলীয় সমিতিয়ে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি (পিএম-স্বনিধি)ক মাৰ্চ ২০২২ৰ পৰা আগবঢ়াই ডিচেম্বৰ ২০২৪লৈকে অব্যাহত ৰাখিবলৈ অনুমোদন প্ৰদান কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পদপথৰ দোকানী তেওঁলোকৰ পৰিয়ালক কোনো জামিন নোহোৱাকৈ ঋণ উপলব্ধ কৰোৱা, ডিজিটেল লেনদেন বঢ়োৱা আৰু তেওঁলোকৰ সামাজিক-অৰ্থনৈতিক বিকাশক মনোযোগ দিয়া হৈছে।

এই যোজনাৰ জৰিয়তে পদপথৰ দোকানীক কোনো জামিন নোহোৱাকৈ সস্তাত ঋণ দি থকা হৈছে। এই যোজনাত ঋণ দিয়াৰ বাবে ৫,০০০ কোটি টকাৰ ধনৰাশি ৰখা হৈছে। মন্ত্ৰীসভাৰ আজিৰ অনুমোদনৰ জৰিয়তে ঋণৰ মুঠ ৰাশি বাঢ়ি ৮,১০০ কোটি টকা হৈছেগৈ যাৰ পৰিণাম স্বৰূপে পদপথৰ দোকানীয়ে ফলপ্ৰসু পুঁজি লাভ কৰিব, যাতে তেওঁলোকে নিজৰ ব্যৱসায় বঢ়াব পাৰে আৰু আত্মনিৰ্ভৰ কৰিব পৰা যায়।

পদপথৰ দোকানীৰ বাবে কেছ-বেক সহ ডিজিটেল পৰিশোধক উৎসাহিত কৰিবলৈ বাজেটো বৃদ্ধি কৰা হৈছে।

আশা কৰা হৈছে যে এই অনুমোদনৰ জৰিয়তে চহৰাঞ্চলৰ প্ৰায় ১.২ কোটি মানুহ লাভবান হ'ব।

পিএম-স্বনিধিৰ অধীনস্থ, গুৰুত্বপূৰ্ণ প্ৰাপ্তি আহৰণ কৰা হৈছে। ২৫ এপ্ৰিল, ২০২২লৈকে ৩১.৯ লাখ ঋণ মঞ্জুৰ কৰা হৈছে। ইয়াৰ উপৰিও ২৯.৬ লাখ ঋণৰ হিচাপত ২,৯৩১ কোটি টকা জাৰি কৰা হৈছে। দ্বিতীয় ঋণৰ প্ৰশ্নত মনোযোগ প্ৰদান কৰি ২.৩ লাখ ঋণ মঞ্জুৰী দিয়া হৈছে আৰু ১.৯ লাখ ঋণৰ হিচাপত ৩৮৫ কোটি টকা জাৰি কৰা হৈছে। সুফলভোগী পদপথৰ দোকানীয়ে ১৩.৫ কোটিতকৈ অধিক ডিজিটেল লেনদেন কৰা হৈছে আৰু তেওঁলোকে ১০ কোটি টকাৰ কেছ-বেকো লাভ কৰে।

এই যোজনা জুন ২০২০ত আৰম্ভ হৈছিল। সেই সময়ত সৰু ব্যৱসায়ত মহামাৰী আৰু সম্বন্ধিত স্থিতিৰ হেঁচা আছিল, যাৰ কাৰণে উদ্ভৱ হ'বপৰা পৰিস্থিতি ভাল হোৱা নাছিল। সেয়ে যোজনাৰ প্ৰস্তাৱিত বিস্তাৰ আৱশ্যকীয় হয়। ঋণ দিয়াৰ গতিবিধি ডিচেম্বৰ ২০২৪লৈকে বঢ়োৱাত ঔপচাৰিক ঋণলৈকে গমন কৰাত সহায় হ'ব, পদপথৰ দোকানীয়ে নিজৰ ব্যৱসায় বঢ়াবলৈ যোজনা বনোৱাৰ বাবে ঋণ পোৱাটো সুনিশ্চিত হ'ব, ডিজিটেল পৰিশোধ সুবিধাজনক হ'ব, ঋণদাতা সংস্থাৰ পৰিশোধ নোহোৱাকৈ থকা ঋণৰ প্ৰভাৱ হ্ৰাস পাব তথা পদপথৰ দোকানী আৰু তেওঁলোকৰ পৰিজনৰ সামাজিক-অৰ্থনৈতিক বিকাশত সহায় হ'ব।

 

 ***

DS



(Release ID: 1820842) Visitor Counter : 136