প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘শিৱগিৰি তীৰ্থযাত্ৰা’ৰ ৯০ বৰ্ষপূৰ্তি আৰু ‘ব্ৰহ্ম বিদ্যালয়’ৰ সোণালী জয়ন্তী উপলক্ষে যুটীয়াভাবে ‘৭ লোক কল্যাণ মাৰ্গ’ত অনুষ্ঠিত কৰা বছৰজোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
25 APR 2022 7:07PM by PIB Guwahati
শিৱগিৰি তীৰ্থযাত্ৰাৰ ৯০ বৰ্ষপূৰ্তি আৰু ৭ লোক কল্যাণ মাৰ্গত থকা ব্ৰহ্ম বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে যুটীয়াভাবে অনুষ্ঠিত কৰা বছৰজোৰা কাৰ্যক্ৰমৰ ২৬ এপ্ৰিল, ২০২২ৰ পুৱা ১০.৩০ বজাত ৭ লোক কল্যাণ মাৰ্গত অনুষ্ঠিত হ’ব লগা শুভাৰম্ভ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সমাৰোহ উপলক্ষে যুগুতাই উলিওৱা প্ৰতীকটোও আনুষ্ঠানিক ভাবে উন্মোচন কৰিব। ‘শিৱগিৰি তীৰ্থযাত্ৰা’ আৰু ‘ব্ৰহ্ম বিদ্যালয়’, এই দুয়োটা অনুষ্ঠানেই বিশিষ্ট সমাজ-সংস্কাৰক শ্ৰী নাৰায়াণা গুৰুৰ মাৰ্গদৰ্শন আৰু আশীৰ্বাদৰে আৰম্ভ কৰা হৈছিল।
প্ৰতিটো বছৰৰ ৩০ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে তিৰিৱনন্তপুৰমৰ ‘শিৱগিৰি তীৰ্থযাত্ৰা’ অনুষ্ঠিত কৰা হয়। তীৰ্থযাত্ৰা সন্দৰ্ভত শ্ৰী নাৰায়াণা গুৰুয়ে ব্যক্ত কৰা অভিপ্ৰায় অনুসৰি এই যাত্ৰাৰ জৰিয়তে মানুহৰ মাজত বিস্তৃত ৰূপত জ্ঞান অন্বেষণৰ ভাব জাগৃত কৰাৰ লগতে তীৰ্থযাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশ আৰু সমৃদ্ধিত এই তীৰ্থ যাত্ৰাই সহযোগিতা আগবঢ়াব। এই তীৰ্থযাত্ৰাত সেয়ে আঠোটা বিষয়ত গুৰুত্ব দিয়া হয়। সেয়া হৈছে: শিক্ষা, পৰিচ্ছন্নতা, পৰিশীলতা, হস্তকলা, বেহা আৰু বাণিজ্য, কৃষি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু সংহত প্ৰয়াস।
১৯৩৩ চনত কেইগৰাকীমান তীৰ্থযাত্ৰীৰে আৰম্ভ হোৱা এই তীৰ্থযাত্ৰাই এতিয়ালৈ দক্ষিণ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় আৰু ভাষা নিৰ্বিশেষে লাখ লাখ লোকে শিৱগিৰি দৰ্শন কৰাৰ লগতে এই তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰেহি।
শ্ৰী নাৰায়াণা গুৰুৱে সমভাৱ আৰু সন্মানৰে সকলো ধৰ্ম মূলমন্ত্ৰসমূহৰ পাঠ দান কৰি সমাজত এক বিশিষ্ট স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এই দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈকে শিৱগিৰিত ‘ব্ৰহ্ম বিদ্যালয়’ স্থাপন কৰা হৈছিল। ব্ৰহ্ম বিদ্যালয়ে ভাৰতীয় দৰ্শন সন্দৰ্ভত বিশেষ ভাবে যুগুতোৱা এক ৭ বছৰীয়া পাঠ্যক্ৰমৰ শিক্ষাদান কৰে। এই পাঠ্যক্ৰমত শ্ৰী নাৰায়াণা গুৰু প্ৰণিত গ্ৰন্থাৱলীৰ লগতে বিশ্বৰ সকলো গুৰুত্বপূৰ্ণ ধৰ্মৰ শাস্ত্ৰসমূহকো সামৰি লোৱা হৈছে।
***
DS/LP/KB
(ৰিলিজ আই ডি : 1820112)
অতিথি কক্ষ : 145
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
Tamil
,
Manipuri
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Malayalam