প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অসামৰিক সেৱা দিৱসত জনপ্রশাসনৰ উৎকর্ষৰ বাবে প্রধানমন্ত্রীৰ পুৰস্কাৰ প্রদান কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 20 APR 2022 10:09AM by PIB Guwahati

অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২১ এপ্রিল, ২০২২ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত জনপ্রশাসনৰ উৎকর্ষৰ বাবে প্রধানমন্ত্রীৰ পুৰস্কাৰ প্রদান কৰিব। এই উপলক্ষে অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণো প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে৷

সাধাৰণ নাগৰিকসকলৰ কল্যাণত জিলা/ৰূপায়ণকাৰী কেন্দ্র আৰু কেন্দ্রীয়/ৰাজ্যৰ সংস্থাসমূহৰ অসাধাৰণ আৰু উদ্ভাৱনী কাম-কাজৰ স্বীকৃতি স্বৰূপে এই পুৰস্কাৰ প্রদান কৰা হয়। তদুপৰি, বিভিন্ন চিহ্নিত কাৰ্যসূচী আৰু উদ্ভাৱনৰ কার্যকৰী ৰূপায়ণৰ বাবেও এই পুৰস্কাৰ প্ৰদান কৰা হয়।

এইবাৰৰ অসামৰিক সেৱা দিৱসত যি পাঁচটা অগ্রণী কাৰ্যসূচীত কৰা অসাধাৰণ কামৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হ’ব, সেইবোৰ হ’ল—১৷ পোষণ অভিযানত “জন অংশীদাৰিত্ব”ৰ প্রচাৰ, ২৷ খেলো ইণ্ডিয়া প্রকল্পৰ জৰিয়তে খেলাধুলা আৰু সুস্থতাৰ প্রচাৰ, ৩৷ পিএম স্বনিধি যোজনাৰ অধীনত ডিজিটেল পেমেণ্ট আৰু সুশাসন, ৪৷) এক জিলা এক সামগ্ৰী প্রকল্পৰ অধীনত সৰ্বাংগীন উন্নয়ন আৰু ৫৷ ব্যক্তিৰ হস্তক্ষেপ অবিহনে অন্তিমজন ব্যক্তিলৈকে মসৃণ সেৱা প্রদান।

এই বছৰ ৫টা চিহ্নিত অগ্রণী কাৰ্যসূচী আৰু উদ্ভাৱনী জনপ্রশাসন/সেৱাৰ বাবে ১৬টা পুৰস্কাৰ প্ৰদান কৰা হ’ব৷

***

 

DS/LP/DB


(रिलीज़ आईडी: 1818617) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam