প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিএম কিষাণ সন্মান নিধি আৰু কৃষি সম্পৰ্কীয় আন-আন আঁচনিসমূহে আমাৰ দেশৰ কোটি-কোটি কৃষকক নতুন শক্তি প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 10 APR 2022 9:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পিএম কিষাণ সন্মান নিধি আৰু কৃষি সম্পৰ্কীয় আন-আন আঁচনিসমূহে আমাৰ দেশৰ কোটি-কোটি কৃষকক নতুন শক্তি প্ৰদান কৰিছে। কৃষকসকলৰ সামৰ্থ্যৰ কথা উল্লেখ কৰি তেখেতে কয় যে কৃষকসকল শক্তিশালী হোৱা মাত্ৰেকে ৰাষ্ট্ৰখন সমৃদ্ধিশালী হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

"আমাৰ কৃষক ভ্ৰাতৃ আৰু ভগ্নীসকলক লৈ দেশখন গৰ্বিত। তেওঁলোক যিমানেই শক্তিশালী হৈ উঠিব, সিমানেই নব্য ভাৰতখনি সমৃদ্ধিশালী হ’ব। পিএম কিষাণ সন্মান নিধি আৰু কৃষি সম্পৰ্কীয় আন-আন আঁচনিসমূহে দেশখনৰ কোটি-কোটি কৃষকক নতুন শক্তি প্ৰদান কৰাত মই সন্তোষ পাইছো।"

 

***

DS/ST/SB



(Release ID: 1817425) Visitor Counter : 112