কেবিনেট

ছিকিউৰিটী এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া আৰু মংগোলীয়াৰ বিত্তীয় নিয়ামক আয়োগৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 08 APR 2022 3:53PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ছিকিউৰিটী এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া (ছেবি) আৰু মংগোলিয়াৰ বিত্তীয় নিয়ামক আয়োগ (এফআৰচি)ৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱত অনুমোদন জনোৱা হৈছে।

 

মুখ্য প্ৰভাৱ

ছেবিৰ দৰে মংগোলিয়াৰ এফআৰচি ইণ্টাৰনেচনেল অৰ্গেনাইজেচন অফ ছিকিউৰিটিজ কমিচন(আইঅ’এছচিঅ’, এমএমঅ’ইউ )ৰ সৈতেও বহুপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। অৱশ্যে বহুপাক্ষিক এই বুজাবুজি চুক্তিত কাৰিকৰী সহায়ৰ সন্দৰ্ভত কোনো ব্যৱস্থা নাই। ছেবি আৰু মংগোলিয়াৰ এফআৰচি প্রতিষ্ঠানৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হ’লে বিত্তীয় ব্যৱস্থাৰ নিৰাপত্তা সম্পৰ্কীয় বিধি ব্যৱস্থাসমূহ ফলপ্ৰসূ ৰূপত প্রয়োগৰ ক্ষেত্রত পাৰস্পৰিক তথ্য আদান-প্রদান ব্যৱস্থা আৰু অধিক শক্তিশালী হ’ব৷ তদুপৰি, কাৰিকৰী সহায়ৰ ক্ষেত্রতো এই বুজাবুজি চুক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ কাৰিকৰী সহায়ে উভয় কর্তৃপক্ষক মূলধনী বজাৰ, দক্ষতা বৃদ্ধি আৰু কর্মীসকলৰ প্রশিক্ষণ সম্পৰ্কীয় বিষয়সমূহ পাৰস্পৰিক আলোচনাত সহায় কৰিব।

পটভূমি

ভাৰতত বিত্তীয় বজাৰ ব্যৱস্থাৰ নিয়ন্ত্রণত ছিকিউৰিটিজ এণ্ড এক্সছেঞ্জ বোর্ড অফ ইণ্ডিয়া এক্ট, ১৯৯২ অনুসৰি ছেবি গঠন কৰা হয়। এই ধৰণৰ এক প্রতিষ্ঠান গঢ়ি তোলাৰ উদ্দেশ্যে হৈছে বিনিয়োগৰাকীসকলৰ স্বার্থ সুৰক্ষা আৰু দেশত বিত্তীয় বজাৰ ব্যৱস্থাৰ নিয়ন্ত্রণ তথা প্রসাৰ ঘটোৱা।

আনহাতে, মংগোলিয়াৰ বিত্তীয় নিয়ামক আয়োগে এক সংসদীয় কর্তৃপক্ষ হিচাপে ২০০৬চনত স্থাপন কৰা হয়। অনা-বেংকিং ক্ষেত্রৰ ওপৰত তদাৰকী আৰু নিয়ন্ত্রণত এই প্রতিষ্ঠান গঢ়ি তোলা হয়। এক সুস্থিৰ আৰু শক্তিশালী বিত্তীয় বজাৰ ব্যৱস্থা গঢ়ি তোলাৰ সৈতে মংগোলিয়াৰ এই প্রতিষ্ঠানটো জড়িত। উল্লেখ্য যে মংগোলিয়াৰ এই প্রতিষ্ঠানটো পাৰস্পৰিক সহযোগিতা আৰু কাৰিকৰী সহায়ৰ বাবে দ্বিপাক্ষিক পৰ্যায়ত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ ছেবিক প্ৰস্তাৱ দিয়ে৷ এই প্ৰস্তাৱৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় কেবিনেটে দুয়োখন দেশৰ প্রতিষ্ঠানৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱত অনুমোদন জনাইছে। এতিয়ালৈকে বিভিন্ন দেশৰ মূলধনী বজাৰ নিয়ন্ত্রণমূলক কর্তৃপক্ষ সৈতে ছেবিয়ে ২৭খন চুক্তি স্বাক্ষৰ কৰিছে।

 

***

DS/DB



(Release ID: 1815871) Visitor Counter : 119