কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

‘তদৰ্থভিত্তিক বৃহত্ শক্তি প্ৰকল্প’সমূহৰ বাবে ‘বৃহত্ শক্তি নীতি ২০০৯’ৰ সংশোধনী প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 30 MAR 2022 2:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতি’ৰ সভাই ‘তদৰ্থভিত্তিক বৃহত্ শক্তি প্ৰকল্প’ হিচাপে চিনাক্তকৰণ কৰা ১০টা প্ৰকল্প সন্দৰ্ভত কৰ প্ৰধিকৰণক দিব পৰাকৈ ‘বৃহত্ প্ৰকল্প’ৰ চূড়ান্ত প্ৰমাণপত্ৰ দিয়াৰ বাবে সময়সীমা (৩৬ মাহ) বঢ়োৱাৰ এক প্ৰস্তাৱলৈ অনুমোদন জনায়।

বৃহত্ প্ৰকল্পৰ চূড়ান্ত প্ৰমাণপত্ৰ প্ৰদানৰ বাবে সময়সীমা বৃদ্ধিয়ে প্ৰকল্পৰ  বিকাশক সকলক নীতিসিদ্ধ ভাবে কৰ ৰেহাইৰ সুবিধা আদায় কৰিব পৰাকৈ ভৱিষ্যতৰ ‘পিপিএ’সমূহৰ বাবে প্ৰতিযোগিতামূলক নিবিদা দাখিলৰ সামৰ্থ্য প্ৰদান কৰিব। চলন্ত নিধিৰ বৰ্দ্ধনে দেশৰ প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ লগতে সংকটাপন্ন হৈ থকা বহুবোৰ শক্তি-সম্পদৰ পুনৰুজ্জীৱিতকৰণো নিশ্চিত কৰিব।

ইতিমধ্যে স্থাপন কৰা অথবা আংশিক ভাবে স্থাপন কৰা ১০টা ‘তদৰ্থভিত্তিক বৃহত্ শক্তি প্ৰকল্প’ৰ বাবে কৰ প্ৰাধিকৰণলৈ ‘বৃহত্ শক্তি প্ৰকল্প’ হিচাপে চূড়ান্ত প্ৰমাণপত্ৰ দাখিলৰ সময়সীমা আমদানীৰ তাৰিখৰ পৰা ১২০ মাহৰ পৰিৱৰ্তে ১৫৬ মাহলৈ বৃদ্ধি কৰা হৈছে। সম্প্ৰসাৰিত এই ছোৱা সময়ত ‘নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়’(এমএনআৰই) আৰু ‘ভাৰতৰ সৌৰ শক্তি নিগম লিমিটেড’(এছইচিআই)ৰ সমন্বয়ৰে ‘ফাৰ্ম পাৱাৰ’(বিৰামযুক্ত নৱীকৰণযোগ্য শক্তি, ভাণ্ডাৰ আৰু পাম্পাৰিক শক্তিৰ জোঁট)ৰ বাবে নিবিদা আহ্বান কৰাৰ উপৰি এইসমূহ বৃহত শক্তি প্ৰকল্পই ‘পিপিএ’ আহৰণ কৰিব পৰাকৈ এই নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। এইছোৱা সময়ত শক্তি মন্ত্ৰালয়ে বৰ্তমানৰ বিদ্যুত্শক্তিৰ বজাৰসমূহৰ আধাৰত প্ৰতিযোগিতামূলক ভাবে গ্ৰাহকৰাইজলৈ লাভসমূহ প্ৰেৰণ কৰিব পৰাকৈ ইয়াৰ এক বিকল্পও বিকিশিত কৰিব।

 

***

DS/KB



(Release ID: 1811791) Visitor Counter : 112