প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডঃ প্রমোদ সাৱন্ত আৰু তেওঁৰ মন্ত্রী পৰিষদৰ সদস্যসকলক শপত গ্রহণৰ বাবে অভিনন্দন জনাইছে প্রধানমন্ত্রীয়ে

प्रविष्टि तिथि: 28 MAR 2022 1:30PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গোৱাৰ মুখ্যমন্ত্রী হিচাপে ডঃ প্রমোদ সাৱন্ত আৰু তেওঁৰ মন্ত্রী পৰিষদৰ সদস্যসকলক শপত গ্রহণৰ বাবে অভিনন্দন জনাইছে।

সমগ্র দলে গোৱাৰ জনগণক সুশাসন আনি দিব বুলি প্রধানমন্ত্রীয়ে আস্থা প্রকাশ কৰে।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে;

“@DrPramodPSawant জী আৰু অন্য যিসকলে আজি গোৱাত শপত লৈছে তেওঁলোক সকলোকে অভিনন্দন। মই নিশ্চিত যে, এই দলে গোৱাৰ জনগণক সুশাসন আনি দিব আৰু যোৱা এটা দশকৰো বেছি সময় ধৰি মানুহৰ বাবে যি কাম চলিছে, সেয়া আগবঢ়াই লৈ যাব।”

 

***

DS/ST


(रिलीज़ आईडी: 1810929) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam