স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ব্ৰিটেইনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 09 MAR 2022 1:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(আইচিএমআৰ) আৰু ব্ৰিটেইনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মাজত ২০২১ চনৰ নৱেম্বৰ মাহত আৰু ভাৰত চৰকাৰ (ব্যৱসায়ৰ লেনদেন) অধিনিয়ম, ১৯৬১ৰ দ্বিতীয় অনুসূচী ৭ (ডি)(i)ৰ ভিত্তিত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়৷

বুজাবুজি চুক্তিৰ উদ্দেশ্যঃ

এই বুজাবুজি চুক্তিৰ অধীনত ভাৰতীয় বিজ্ঞানী তথা গৱেষকসকলৰ বাবে সক্ষমতা নিৰ্মাণ, আন্তঃৰাষ্ট্ৰীয় মানদণ্ড তথা নিয়ামকৰ প্ৰয়োজনীয় ডাটা সংগ্ৰহ, নিজা পূঁজিৰ ব্যৱহাৰ আৰু সমতা নীতি তথা সাৰ্বভৌমত্বৰ সিদ্ধান্ত মানি সক্ষমতা বিকাশৰ বাবে এক আঞ্চলিক কেন্দ্ৰবিন্দুত পৰিণত কৰাৰ দিশত ভাৰতে আইচিএমআৰ ফলাফল লাভৰ বাবে আইডিডিঅ’ সচিবালয়ত সময়ে সময়ে যুটীয়াভাৱে সমভাৱে তথা স্বচ্ছতাৰে পূঁজি যোগান ধৰিব৷

উভয় পক্ষই ভেক্টৰজনিত ৰোগ যেনে—মেলেৰিয়া বিছৰল, কাজাদ্বৰ, ফাইলেৰিয়াৰ ফলত হোৱা সংক্ৰমণৰ সন্দৰ্ভত তথ্য, ব্যৱস্থাপনা, উন্নত অনুশীলন আদান-প্ৰদান কৰি এক উন্নত চৰকাৰী পৰিকাঠামো গঢ় দিয়াৰ লগতে সক্ষমতা সবলীকৰণ, গৱেষকৰ বিনিময় আৰু ডাটা ব্যৱস্থাপনা আৰু পৰিসাংখ্যিক বিশ্লেষণৰ সন্দৰ্ভত প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব৷

বিত্তীয় প্ৰভাৱঃ

উভয় পক্ষই বুজাবুজি চুক্তিৰ দিশসমূহ আগবঢ়াই নিয়াৰ বাবে নিজাকৈ ব্যয় বহন কৰিব৷

***

DS/DB



(Release ID: 1805024) Visitor Counter : 148