প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ চম্পাৱতত পথ দুর্ঘটনাত প্রাণহানিত প্রধানমন্ত্রীৰ শোকপ্রকাশ


ক্ষতিগ্রস্তসকলৰ বাবে প্রধানমন্ত্রীৰ জাতীয় ত্রাণ তহবিলৰ পৰা এককালীন অর্থ সাহায্যৰ ঘোষণা

प्रविष्टि तिथि: 22 FEB 2022 12:32PM by PIB Guwahati

উত্তৰাখণ্ডৰ চম্পাৱতত পথ দুর্ঘটনাত প্রাণহানিত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। ক্ষতিগ্রস্তসকলৰ বাবে তেওঁৰ জাতীয় ত্রাণ তহবিলৰ পৰা এককালীন অর্থসাহায্যৰ ঘোষণা কৰিছে প্রধানমন্ত্রীয়ে।

 

প্রধানমন্ত্রীৰ দপ্তৰৰ পৰা টুইটত জনোৱা হৈছে;

 

"উত্তৰাখণ্ডৰ চম্পাৱতত হোৱা দুৰ্ঘটনা হৃদয়বিদাৰক। ইয়াত যিসকল লোকৰ মৃত্যু হৈছে, মই তেওঁলোকৰ পৰিজনসকলৰ প্ৰতি নিজৰ শোক-সমবেদনা ব্যক্ত কৰিছো। স্থানীয় প্ৰশাসন সহায় আৰু উদ্ধাৰ কাৰ্যত লাগি আছে: প্ৰধানমন্ত্ৰী"

 

“উত্তৰাখণ্ডত পথ দুর্ঘটনাত যিসকলে প্রাণ হেৰুৱাইছে তেওঁলোকৰ নিকটাত্মীয়সকলৰ বাবে তেওঁৰ জাতীয় ত্রাণ তহবিলৰ পৰা ২ লাখ টকাকৈ এককালীন অর্থ সাহায্যৰ ঘোষণা কৰিছে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে। আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ'ব।”

 

***

DS/SH


(रिलीज़ आईडी: 1800501) आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam