প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ইউএইৰ ভাৰ্চুৱেল ছামিটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ

Posted On: 18 FEB 2022 8:20PM by PIB Guwahati

মান্যবৰ, মোৰ ভাতৃ

আজিৰ এই ভাৰ্চুৱেল ছামিটলৈ আপোনাক আন্তৰিক আদৰণি জনাইছো৷ সৰ্বপ্ৰথমে আপোনাক আৰ ইউএইবাসীক শুভেচ্ছা জনাইছো৷ ক’ভিডৰ প্ৰত্যাহ্বানৰ পাছতো এক্সপ’ ২০২০ৰ সুন্দৰভাৱে আয়োজন কৰিলে৷ দুৰ্ভাগ্যজনকভাৱে এক্সপ’ত অংশগ্ৰহণ কৰিবলৈ ইউএইলৈ যাব নোৱাৰিলো আৰু আমাৰ পোনপটীয়া সাক্ষাতো বহুদিন হোৱা নাই৷ কিন্তু আজিৰ আমাৰ ভাৰ্চুৱেল ছামিটে এইটো দেখুৱাইছে যে অতি প্ৰত্যাহ্বান সত্ত্বেও, আমাৰ মিত্ৰতাপুৰ্ণ সম্বন্ধ নিৰন্তৰ নতুন উচ্চতাত উপনীত হৈছে৷

মান্যবৰ,

আমাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ ক’ভিড মহামাৰীৰ সময়তো আপুনি যিদৰে ইউএইৰ ভাৰতীয় সমূদায়ৰ প্ৰতি ধ্যান দিলে তাৰ বাবে আপোনাৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ’ম৷

আমি ইউএইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কঠোৰ ভাষাৰে গৰিহণা দিছো৷ ভাৰত আৰু ইউএই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কান্ধত কান্ধ মিলাই ঠিয় দি থাকিব৷

মান্যবৰ,
আমাৰ দুয়োখন দেশৰ বাবে এই বছৰটোৰ বিশেষ গুৰুত্ব আছে৷ আপোনালোকে ইউএই প্ৰতিষ্ঠাৰ ৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অনাগত ৫০ বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে৷ আমি এই বছৰ স্বাধীনতা ৭৫সংখ্যক বৰ্ষপূৰ্তি উৎসৱ পালন কৰিছো৷ আমি অহা ২৫ বছৰৰ বাবে অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ দুয়োখন দেশৰ ভৱিষ্যতৰ দৃষ্টিভংগীৰ মাজত যথেষ্ট সামঞ্জস্য আছে৷

মান্যবৰ,

মই অতি সন্তুষ্ট হৈছো, কিয়নো আমাৰ দুয়োখন দেশে আজি ব্যাপক অৰ্থনৈতিক সহযোগিতামূলক চুক্তিত হস্তাক্ষৰ কৰিছে৷ এইটো উল্লেখ্য যে ইমান গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি তিনিমাহতকৈ কম সময়ত আলোচনাতে সম্পন্ন কৰিবলৈ সক্ষম হৈছো৷ সাধাৰণতে এই ধৰণৰ বুজাবুজি চুক্তিৰ বাবে বছৰ পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়৷ এই চুক্তিয়ে দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্ক, মিলিত দৃষ্টিভংগী আৰু বিশ্বাসকে প্ৰতিফলিত কৰিছে৷ মোৰ বিশ্বাস এই যে ইয়াৰ দ্বাৰা আমাৰ আৰ্থিক সম্বন্ধত এক নতুন যুগৰ আৰম্ভ হ’ব৷ আমাৰ ব্যৱসায় অহা পাঁচ বছৰত ৬০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি পাই ১০০ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব৷

মান্যবৰ,
ব্যৱসায় বিনিয়োগ, শক্তি আৰু মানুহৰ মাজৰ সম্পৰ্ক আমাৰ সহযোগিতাৰ স্তম্ভ৷ ইয়াৰ সমান্তৰালাভাৱে কেতবোৰ নতুন ক্ষেত্ৰতো আমাৰ সহযোগিতা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আমাৰ মাজত ফুড কৰিড’ৰৰ ক্ষেত্ৰত নতুন বুজাবুজি চুক্তি যথেষ্ট ভাল পদক্ষেপ৷ মই খাদ্য সংসাধন তথা লজিষ্টিক খণ্ডত ইউএইৰ বিনিয়োগক আদৰণি জনাইছো৷ ইয়াৰ দ্বাৰা ইউএই খাদ্য সুৰক্ষাৰ বাবে এক বিশ্বস্ত সহযোগীত পৰিণত হ’ব৷

ভাৰতে ষ্টাৰ্টআপ খণ্ডত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে৷ বিগত বৰ্ষত ভাৰতে ৪৪টা ইউনিকৰ্ণ প্ৰতিষ্ঠা কৰিছে৷ আমি জইণ্ট ইনকিউবেচন আৰু যুটীয়া বিত্তায়নৰ জৰিয়তে দুয়োখন দেশত ষ্টাৰ্টআপত উদ্গনি যোগাব পাৰো৷ সেইদৰে আমাৰ জনসাধাৰণক কৌশল বিকাশৰ বাবে আমি আধুনিত উৎকৰ্ষমূলক প্ৰতিষ্ঠানৰ দিশতো সহযোগিতা আগবঢ়াব পাৰো৷

যোৱা মাহত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ ইউএইৰ সফল যাত্ৰা সম্পূৰ্ণ কৰাৰ পাছত বহু আমীৰশ্বাহী কোম্পানীয়ে জম্মু-কাশ্মীৰত বিনিয়োগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ আমি ইউএইৰ দ্বাৰা জম্মু-কাশ্মীৰত লজিষ্টিক, স্বাস্থ্য সেৱা, হস্পিটেলিটীকে ধৰি সকলো খণ্ডত বিনিয়োগত আদৰণি জনাইছো৷ আৰু আপোনালোকৰ কোম্পানীসমূহক সকলো ধৰণৰ সুবিধা প্ৰদান কৰা হ’ব৷

মান্যবৰ,

অহা বছৰ ভাৰতে জি-২০ সন্মিলন আৰু ইউএইয়ে ক’প-২৮ৰ আয়োজন কৰিব৷ জলবায়ুৰ বিষয়ত বিশ্ব পৰ্যায়ত নিৰন্তৰ গুৰুত্ব লাভ কৰি আহিছে৷ এই বিষয়ৰ এক আকাৰ দিয়াৰ পাৰস্পৰিক সহযোগিতা আগবঢ়াব পৰা যায়৷ আমাৰ দুয়োখন দেশে সমান চিন্তাধাৰাৰে কাম কৰাৰ বাবে ইতিবাচক মনোভাৱ পোষণ কৰি আহিছো৷ মোৰ বিশ্বাস এই যে ‘ভাৰত-ইউএই-ইজৰাইল-ইউএছএ’, এই গোটে আমাৰ সামূহিক লক্ষ্যসমূহ আগুৱাই নিব, বিশেষকৈ প্ৰযুক্তি, উদ্ভাৱন আৰু আৰ্থিক দিশত৷

মান্যবৰ,

এই ভাৰ্চুৱেল ছামিট সফল কৰি তোলাৰ বাবে পুনৰবাৰ আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো৷

***

DS/AK/DB



(Release ID: 1799777) Visitor Counter : 116