প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সন্ত ৰবিদাসৰ জয়ন্তী উপলক্ষে তেওঁক স্মৰণ প্ৰধানমন্ত্ৰী মোদীৰ

Posted On: 15 FEB 2022 7:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত ৰবিদাসৰ জয়ন্তী উপলক্ষে তেওঁক স্মৰণ কৰে৷ তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপে পূজ্যশ্ৰী গুৰু ৰবিদাস জীৰ চেতনা প্ৰতিফলিত হোৱা বুলি সদৰি কৰি ইয়াৰ জৰিয়তে তেওঁ গৌৰৱবোধ কৰা বুলি কয়৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“মহান সন্ত গুৰু ৰবিদাস জীৰ কাইলৈ জন্মজয়ন্তী৷ তেওঁ যিদৰে নিজৰ জীৱন সমাজৰ পৰা জাত-পাত আৰু অস্পৃশ্যতাৰ দৰে কু-প্ৰথা অন্ত পেলোৱাৰ বাবে সমৰ্পণ কৰিলে, সেই ব্যৱস্থাই আজিও আমাৰ সকলোকে প্ৰেৰণা দিয়ে৷”

“এই উপলক্ষে সন্ত ৰবিদাসৰ পবিত্ৰস্থলীক লৈ কেতবোৰ কথা মনলৈ আহিছে৷ ২০১৬ আৰু ২০১৯ চনত ইয়াত মই প্ৰণিপাত জনোৱাৰ সৌভাগ্য পাইছিলো৷ এগৰাকী সাংসদ হোৱাৰ বাবে মই সিদ্ধান্ত লৈছিলো যে এই তীৰ্থস্থানৰ উন্নয়নৰ দিশত কোনো ত্ৰুটি নাৰাখো৷”

“এই কথা ক’বলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো যে আমি আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ আৰু প্ৰতিখন আঁচনিত পূজ্য শ্ৰী গুৰু ৰবিদাস জীৰ চেতনা প্ৰতিফলিত হৈছে৷ ইমানেই নহয়, কাশীত তেওঁৰ স্মৃতিত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ মহিমা আৰু আধ্যাত্মিকতাৰে চলি আছে৷”

***

DS/SH/DB



(Release ID: 1798971) Visitor Counter : 106