বিত্ত মন্ত্ৰালয়

জলবায়ু পৰিৱৰ্তনৰ বিপদসংকূলতাসমূহ সকলোতকৈ বৃহত্ নেতিবাচক বহিঃ কাৰক, যিয়ে ভাৰত আৰু অন্য দেশসমূহক প্ৰভাৱিত কৰে : বাজেট ২০২২-২৩


উচ্চ পাৰদৰ্শী ‘মডিউল’ নিৰ্মাণৰ বাবে ‘উত্পাদন-সংযোগী প্ৰোত্সাহন’ দিব পৰাকৈ অতিৰিক্ত ভাবে ১৯,৫০০কোটি টকাৰ পুঁজি আৱণ্টনৰ দিহা

উত্পাদনশীলতা বঢ়োৱা আৰু নতুন ব্যৱসায় তথা কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ বাবে ‘চক্ৰীয় অৰ্থনীতি’ৰ দিশত পদক্ষেপ

তাপ-বিদ্যুত্ প্ৰকল্পত পাঁচৰ পৰা সাত শতাংশ ‘বায়োমাছ পেলেট’ জ্বলোৱাৰ প্ৰস্তাৱ, প্ৰতি বছৰে ৩৮এমএমটি কাৰ্বন ডাই অক্সাইড ৰাহিৰ প্ৰত্যাশা

কয়লাৰ গেছীয়কৰণ তথা কয়লাৰ ৰসায়ণলৈ ৰূপান্তৰণৰ বাবে চাৰিটা ‘পাইলট প্ৰকল্প’ স্থাপনৰ প্ৰস্তাৱ

Posted On: 01 FEB 2022 1:14PM by PIB Guwahati

‘অমৃত কাল’ত শক্তিৰ সংক্ৰমণ তথা জলবায়ু সংম্পৰ্কীয় কাৰ্যক্ৰমক অধিক হাৰত ত্বৰান্বিত কৰাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। ২০২২-২৩ বৰ্ষৰ বাজেট উথ্থাপন কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই কথাত গুৰুত্ব আৰোপ কৰি দেশৰ প্ৰগতিৰ বাবে এই ক্ষেত্ৰক অন্যতম গুৰুত্ব তথা অগ্ৰণী খণ্ড হিচাপে চিহ্নিত কৰা হৈছে বুলি উল্লেখ কৰে।

শক্তি সংক্ৰমণ আৰু জলবায়ু কাৰ্য

বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেট ভাষণত কয় যে জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা বিপদ-সংকূলতাসমূহ সকলোতকৈ বৃহত্ নেতিবাচক বহিঃ কাৰক, যিয়ে ভাৰতকে ধৰি অন্য দেশসমূহক প্ৰভাৱিত কৰে। তেওঁ প্ৰধামন্ত্ৰীয়ে ঘোষণা কৰা ‘নিম্ন কাৰ্বন বিকাশ ৰণনীতি’ৰ পুনৰ উল্লেখ কৰি কয় যে এয়া নিৰন্তৰ বিকাশৰ প্ৰতি আমাৰ চৰকাৰৰ দৃঢ় প্ৰতিবদ্ধতাৰে গুৰুত্বপূৰ্ণ নিদৰ্শন।

এই ৰণনীতিয়ে কৰ্ম-সংস্থাপনৰ ডাঙৰ সম্ভাৱনা মুকলি কৰে আৰু এই সন্দৰ্ভত বাজেটত বহু সংখ্যক হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন কৰ্যকৰ্মৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে।

সৌৰ শক্তি

বিত্ত মন্ত্ৰীয়ে কয় যে বাজেটত উচ্চ পাৰদৰ্শী ‘মডিউল’ নিৰ্মাণ কৰাৰ বাবে ‘উত্পাদন-সংযোগী প্ৰোত্সাহন’ দিব পৰাকৈ ১৯,৫০০ কোটি টকা অতিৰিক্ত ভাবে আৱণ্টন দিয়াৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে। ই ২০৩১ চন পৰ্যন্ত সংস্থাপিত সৌৰ ক্ষমতাক ২৮০গীগাৱাটৰ অভিলাসী লক্ষ্যত উপনীত হোৱাৰ বাবে আৱশ্যকীয় ঘৰুৱা নিৰ্মাণক সুনিশ্চিত কৰিব।

চক্ৰীয় অৰ্থনীতি

মন্ত্ৰীগৰাকীয়ে ‘চক্ৰীয় অৰ্থনীতি’ৰ গুৰুত্ব দোহাৰি কয়, চক্ৰীয় অৰ্থনীতিৰ সংক্ৰমণে উত্পাদনশীলতা বঢ়োৱাৰ লগতে নতুন ব্যৱসায় তথা কৰ্ম-সংস্থাপনৰ বাবে বৃহত্ সম্ভাৱনা সৃষ্টি কৰাত সহযোগিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে।

কাৰ্বন নিৰপেক্ষ অৰ্থনীতিৰ দিশে সংক্ৰমণ

বিত্ত মন্ত্ৰীয়ে কয় যে তাপ-বিদ্যুত্ প্ৰকল্পত পাঁচৰ পৰা সাত শতাংশ ‘বায়োমাছ পেলেট’ জ্বলোৱা হ’ব যাৰ ফলত প্ৰতি বছৰে ৩৮এমএমটি কাৰ্বন ডাই অক্সাইডৰ ৰাহি কৰিব পৰা যাব। ইয়াৰ জৰিয়তে খেতিয়কৰ অতিৰিক্ত আয় হ’ব আৰু স্থানীয় লোকৰ বাবে কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু আমি শস্যৰ অৱশিষ্ট জ্বলোৱাৰ সমস্যাৰ পৰা বহু পৰিমানে সকাহ পাম।

উদ্যোগখণ্ডৰ বাবে প্ৰয়োজন হোৱা কয়লাৰ গেছীয়কৰণ তথা ৰসায়নলৈ কয়লাৰ ৰূপান্তৰণ সম্পৰ্কীয় চাৰিটা ‘পাইলট প্ৰকল্প’ স্থাপনৰ বাবে বাজেটত প্ৰস্তাৱ উথ্থাপন কৰা হৈছে। 

***

RM/KS/KB



(Release ID: 1795278) Visitor Counter : 205