বিত্ত মন্ত্ৰালয়
২০২২-২৩ বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা ডিজিটেল মুদ্রা জাৰি কৰিব আৰবিআয়ে
ডাটা চেণ্টাৰ আৰু শক্তি ভাণ্ডাৰৰ ব্যৱস্থাক আন্তঃগাঁথনি খণ্ডৰ মর্যাদা প্ৰদান কৰা হ’ব
ভেন্সাৰ কেপিটেল আৰু ব্যক্তিগত ইকুইটিৰ বিনিয়োগ ত্বৰান্বিত কৰাৰ বাবে গঠন কৰা হ’ব বিশেষজ্ঞ কমিটী
ভেন্সাৰ কেপিটেল আৰু ব্যক্তিগত ইকুইটিৰ জৰিয়তে বিগত বৰ্ষত ৫.৫ লাখ কোটিতকৈ অধিক টকা বিনিয়োগ
প্রকল্পসমূহৰ বিত্তীয় কার্যকাৰিতা বৃদ্ধি কৰিবলৈ আন্তঃগাঁথনিমূলক খণ্ডত বিত্ত যোগানৰ বাবে বহুতৰপীয়া সংস্থাৰ প্রযুক্তিগত আৰু জ্ঞানৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হ’ব
प्रविष्टि तिथि:
01 FEB 2022 1:01PM by PIB Guwahati
কেন্দ্রীয় বিত্ত আৰু কর্প’ৰেট পৰিক্ৰমা মন্ত্রী শ্রীমতী নির্মলা সীতাৰমনে আজি সংসদত ২০২২-২৩ বৰ্ষৰ কেন্দ্রীয় বাজেট উত্থাপন কৰাৰ সময় ব্লকচেইন আৰু অন্যান্য প্রযুক্তি ব্যৱহাৰ কৰি ডিজিটেল মুদ্রা জাৰি কৰাৰ প্রস্তাৱ দিয়ে৷ ২০২২-২৩ চনৰ পৰা ভাৰতীয় ৰিজার্ভ বেংকে এই মুদ্রা জাৰি কৰিব৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে কয় যে চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি (চিবিডিচি)এ ডিজিটেল অর্থনীতিত সহায়ক ভূমিকা পালন কৰিব৷ তেওঁ কয়, “ডিজিটেল মুদ্রা আৰু অধিক দক্ষ আৰু সুলভ মূল্যৰ মুদ্রা ব্যৱস্থাপনাৰ দিশত পৰিচালিত কৰিব৷” তেওঁ দেশত বিনিয়োগ আৰু ঋণৰ পৰিমাণ বৃদ্ধিৰ একাধিক পদক্ষেপৰ প্রস্তাৱ উত্থাপন কৰে৷
আন্তঃগাঁথনিমূলক অৱস্থাঃ
মন্ত্ৰী সীতাৰমনে জনাই যে পৰিৱেশ অনুকূল আন্তঃগাঁথনি গঢ়ি তুলিবলৈ সম্পদ আহৰণৰ বাবে সার্বভৌম গ্রীণ বণ্ড জাৰি কৰা হ’ব। ডাটা চেণ্টাৰ আৰু শক্তি ভাণ্ডাৰৰ ব্যৱস্থাক আন্তঃগাঁথনি খণ্ডৰ মর্যাদা প্ৰদান কৰা হ’ব৷
ভেন্সাৰ কেপিটেল আৰু ব্যক্তিগত ইকুইটিত বিনিয়োগঃ
কেন্দ্রীয় বিত্ত মন্ত্ৰী ভেন্সাৰ কেপিটেল আৰু ব্যক্তিগত ইকুইটিৰ বিনিয়োগ ত্বৰান্বিত কৰাৰ বাবে এক বিশেষজ্ঞ কমিটী গঠনৰ প্রস্তাৱ দিয়ে৷ তেওঁ কয় যে ভেন্সাৰ কেপিটেল আৰু ব্যক্তিগত ইকুইটিৰ জৰিয়তে বিগত বৰ্ষত ৫.৫ লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰা হৈছে। এই বিনিয়োগৰ ফলত ষ্টার্টআপ আৰু উন্নয়ন ব্যৱস্থাপনা সহজ হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে।
মিশ্র অর্থনীতিঃ
শ্রীমতী সীতাৰমনে কয় যে জলবায়ু পৰিৱর্তন ৰোধত কার্যকৰী পদক্ষেপ, ডিজিটেল অর্থনীতি, ঔষধ প্ৰস্তুতকণ উদ্যোগ, কৃষি প্রযুক্তিৰ দৰে নতুন খণ্ডক সহায় কৰাটো গুৰুত্বপূর্ণ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই ক্ষেত্রত মিশ্র অর্থনীতিৰ বাবে বিষয়ভিত্তিক পূঁজি যোগান ধৰিব৷ এই শিতানত চৰকাৰৰ অংশীদাৰিত্ব ২০ শতাংশৰ মাজতে সীমাবদ্ধ থাকিব৷
আন্তঃগাঁথনিমূলক প্রকল্পক বিত্তীয় সাহাৰ্যঃ
কেন্দ্রীয় বিত্ত মন্ত্ৰী সীতাৰমণে জনায় যে আন্তঃগাঁথনিমূলক খণ্ডত বিত্ত যোগানৰ বাবে বহুতৰপীয়া সংস্থাৰ প্রযুক্তিগত সহায়কে ধৰি পিপিপি প্রকল্পসমূহৰ বিত্তীয় কার্যকাৰিতাৰ বিষয়ে প্রচাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ তেওঁ চৰকাৰে বিনিয়োগক ত্বৰান্বিত কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা বুলি সদৰি কৰে৷
***
RM/BB/SJ/DB
(रिलीज़ आईडी: 1795276)
आगंतुक पटल : 330
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Malayalam
,
Tamil
,
Kannada
,
Gujarati
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi