প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ বঁটাপ্ৰাপকসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰথমবাৰলৈ বঁটাপ্ৰাপকসকলে ব্লকচেইন প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ডিজিটেল প্ৰমাণপত্ৰ

Posted On: 23 JAN 2022 10:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ৰ ২৪ জানুৱাৰীৰ দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে মত বিনিময় কৰিব৷ এই উপলক্ষে ব্লকচেইন প্ৰযুক্তিৰ জৰিয়তে ২০২২ আৰু ২০২১ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ প্ৰাপকসকলক ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷ বঁটাপ্ৰাপকসকলক প্ৰমাণপত্ৰ প্ৰদানৰ বাবে প্ৰথমবাৰলৈ এই প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব৷

ভাৰত চৰকাৰে উদ্ভাৱন, সমাজ সেৱা, শিক্ষা, ক্ৰীড়া, কলা আৰু সংস্কৃতি আৰু সাহসিকতাকে ধৰি ছটা শিতানত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ প্ৰদান কৰি আহিছে৷ এইবাৰ সমগ্ৰ দেশৰ ২৯গৰাকী শিশুক বাল শক্তি পুৰষ্কাৰৰ বিভিন্ন শিতানত ২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰৰ বাবে মনোনীত কৰা হৈছে৷ এই বঁটাপ্ৰাপকসকলে প্ৰতিবছৰে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব৷ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰপ্ৰাপকক এটা পদক, এক লাখ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ নগধ ধন ২০২২ বৰ্ষৰ সংশ্লিষ্ট প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ বঁটাপ্ৰাপকসকলৰ একাউণ্টত হস্তান্তৰ কৰা হ’ব৷

 

***


DS/SH/DB



(Release ID: 1792016) Visitor Counter : 123