প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল মূৰ্তি ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়

প্ৰধানমন্ত্ৰীয়ে ২৩ জানুৱাৰীত নেতাজীৰ জন্ম জয়ন্তীত তেওঁৰ হলোগ্ৰাম প্ৰতিমূৰ্তি উন্মোচন কৰিব

प्रविष्टि तिथि: 21 JAN 2022 3:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল প্ৰতিমূৰ্তি সম্পূৰ্ণ নোহোৱালৈকে প্ৰধানমন্ত্ৰীয়ে ২৩ জানুৱাৰী, ২০২২ তাৰিখে নেতাজীৰ জন্ম জয়ন্তীত তেওঁৰ হলোগ্ৰাম প্ৰতিমূৰ্তি উন্মোচন কৰিব। এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

যি সময়ত সমগ্ৰ দেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী উদযাপন কৰিছে সেই সময়ত মই আনন্দিত যে গ্ৰেনাইটেৰে নিৰ্মিত তেওঁৰ বিশাল মূৰ্তিটো ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব। এইটো তেওঁৰ প্ৰতি ভাৰতৰ ঋণ আদায় কৰাৰ প্ৰতীক হ'ব।

নেতাজী বসুৰ বিশাল মূৰ্তিটো সম্পূৰ্ণ নোহোৱালৈকে, তেওঁৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে স্থাপিত হ’ব। মই নেতাজীৰ জন্ম জয়ন্তীত ২৩ জানুৱাৰীত  তেওঁৰ হলোগ্ৰামৰ মূৰ্তিটো উন্মোচন কৰিম।"

***

DS/SH/MANN


(रिलीज़ आईडी: 1791830) आगंतुक पटल : 215
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam