প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ ঝান্সিত ‘ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্ব’ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
प्रविष्टि तिथि:
19 NOV 2021 9:07PM by PIB Guwahati
যি ভূমিৰ পৰা আমাৰ ৰাণী লক্ষ্মীবায়ে স্বাধীনতাৰ বাবে আত্মবলিদান দিলে, সেই ভূমিৰ জনসাধাৰণক প্ৰতি মই হাতযোৰ কৰি প্ৰণাম জনাইছো৷ ঝান্সিয়ে স্বাধীনতা যুঁজক উজ্জীৱিত কৰিছিল৷ এই ভূমিৰ প্ৰতিটো অনু-পৰমাণুত সাহস আৰু দেশপ্ৰেম নিহিত হৈ আছে৷ মই সাহসী ঝান্সি ৰাণী লক্ষ্মীবাইক অভিবাদন জনাইছো৷
অনুষ্ঠানত উপস্থিত উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, উত্তৰপ্ৰদেশৰ কৰ্যযোগী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা এই ৰাজ্যৰ যশস্বী প্ৰতিনিধি তথা মোৰ জ্যেষ্ঠ সহযোগী শ্ৰীমান ৰাজনাথ সিং জী, প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ভট্ৰ জী, এমএছএমইৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভানুপ্ৰতাপ বাৰ্মা জী, অন্যান্য বিশিষ্ট বিষয়াসকল, এনচিচি কেডেড আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত বন্ধু-বান্ধৱীসকল৷
ঝান্সিৰ এই শৌৰ্য ভূমিত ভৰি থলেই এনে কোনো ব্যক্তি ওলাবনে যাৰ শৰীৰ শিহৰিত হৈ নুঠে! এনে কোনো ব্যক্তি ওলাবনে, যাৰ কাণত ‘মোৰ ঝান্সি নিদিও’ গৰ্জন গুঞ্জৰিত নহয়! এনে কোনো ব্যক্তি ওলাবনে, যি ইয়াৰ আকাশত ‘ৰণচণ্ডী’ প্ৰত্যক্ষ নকৰে! আজি আমাৰ শৌৰ্য আৰু পৰাক্ৰমৰ অধিকাৰী আমাৰ ৰাণী লক্ষ্মীবাঈৰ জন্ম দিন৷ আজি ঝান্সিৰ এই ভূমি স্বাধীনতা অমৃত মহোৎসৱৰ সাক্ষী হৈছে৷ এই ভূমিখণ্ডই এক নতুন শক্তিশালী আৰু সামৰ্থশালী ভাৰতৰ আকৃতি দিছে৷ সঁচা অৰ্থত আজি ঝান্সিলৈ আহি কেনে অনুভৱ হৈছে, তাক ভাষাৰে প্ৰকাশ কৰাটো সহজ নহয়৷ কিন্তু মই দেখিছো, ৰাষ্ট্ৰভক্তিৰ জী জোৱাৰ, ‘মোৰ ঝান্সি’ৰ যি মনোভাৱ মোৰ মনত জাগ্ৰত হৈছে, সেয়া বুণ্ডেলখণ্ডৰ প্ৰতিজন ব্যক্তিৰ শক্তি, তেওঁলোকৰ প্ৰেৰণা৷ মই এই জাগৃত চেতনা অনুভৱ কৰিছো আৰু ঝান্সিয়ে কোৱাটো শুনি আছো৷ এই ঝান্সি ৰাণী লক্ষ্মীবাঈৰ এই ভূমিয়ে কৈ আছে—মই তীৰ্থ স্থানৰ বীৰ, মই স্বাধীনতা সংগ্ৰামী কাশী, মই হৈছো ঝান্সি, মই হৈছো ঝান্সি, মই হৈছো ঝান্সি, মই হৈছো ঝান্সি,, মোৰ ওপৰত মা ধৰিত্ৰীৰ অনন্ত আশীৰ্বাদ আছে, যিহেতু স্বাধীনতা সংগ্ৰামীৰ এই কাশী-ঝান্সিৰ অপৰিসীম মৰম মই পাইছো আৰু মোৰ সৌভাগ্য এই যে ঝান্সিৰ ৰাণীৰ জন্মস্থলী, কাশীৰ প্ৰতিনিধিত্ব কৰিবলৈ পাইছো, কাশীক সেৱা কৰাৰ সুযোগ পাইছো৷ সেইবাবে এই ভূমিলৈ আহি মোৰ এক বিশেষ কৃতজ্ঞতা অনুভৱ হৈছে, এক বিশেষ আপোন অনুভৱ হৈছে৷ এই কৃতজ্ঞ ভাৱেৰে মই ঝান্সিক প্ৰণিপাত জনাইছো, বুণ্ডেলখণ্ডৰ বীৰ-বীৰংগনাসকলক শিৰণত কৰি প্ৰণাম জনাইছো৷
বন্ধুসকল,
আজি গুৰুনানক দেৱৰো জয়ন্তী, কাৰ্তিক পূৰ্ণিমাৰ লগতে দেৱ-দীপাৱলীও৷ মই গুৰুনানক দেৱ জীক প্ৰণিপাত জনাই, সমগ্ৰ দেশবাসীক এই পূন্য তিথি উপলক্ষে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো৷ দেৱ দীপাৱলী উপলক্ষে কাশীক এক অভূতপূৰ্ব দিব্য প্ৰকাশেৰে সজাই তোলা হৈছে৷ আমাৰ শ্বহীদসকলৰ বাবে গংগাৰ ঘাটসমূহত বন্তি প্ৰজ্বলন কৰা হয়৷ বিগত বৰ্ষত দেৱ-দীপাৱলী উপলক্ষে কাশীতে আছিলো আৰু আজি ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্ব উপলক্ষে ঝান্সিত আছো৷ মই ঝান্সিৰ পৰাই মোৰ কাশীবাসীক আন্তৰিক অভিনন্দন জনাইছো৷
ভাই-ভনীসকল,
এই ভূমি ৰাণী লক্ষ্মীবাঈৰ অন্যতম সহযোগী বীৰাংগনা ঝলকাৰী বাঈৰ বীৰত্ব আৰু যুদ্ধ কৌশলৰো সাক্ষী৷ ১৮৫৭ চনৰ স্বাধীনতা সংগ্ৰামৰ সেই অমৰ বীৰাংগনাৰ চৰণত মই সন্মানসহকাৰে প্ৰণিপাত জনাইছো, শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ এই ভূমিৰ ভাৰতীৰ শৌৰ্য আৰু সংস্কৃতিৰ অমৰ গাঁথা লিখা চন্দেলা আৰু বুণ্ডেলা, যিসকল ভাৰতৰ বীৰত্বক মই প্ৰণিপাত জনাইছো, যিসকলে ভাৰতৰ বীৰত্বক অমৰত্ব দিলে৷ মই প্ৰণিপাত জনাইছো বুণ্ডেলখণ্ডৰ গৌৰৱ সেইসকল বীৰ আহ্লা-উদলক, যি আজিও মাতৃভূমিৰ ৰক্ষাৰ বাবে ত্যাগ আৰু বলিদানৰ প্ৰতীক৷ এনে কিমান অমৰ সেনানী, মহান বীৰ, যুগনায়ক আৰু যুগনায়িকা আছে, যিসকলে ঝান্সিৰ সৈতে বিশেষ সম্পৰ্ক আছে৷ যিসকলে ইয়াৰ পৰা প্ৰেৰণা পাইছে, মই সেই সকলো মহান ব্যক্তিক আদৰপূৰ্ব্বক শ্ৰদ্ধাঞ্জলি জনাইছো৷
ৰাণী লক্ষ্মীবাঈৰ সেনাত তেওঁৰ সৈতে যুঁজ দিয়াৰ বাবে, আত্মবলিদান দিয়াসকল আপোনালোকৰে পূৰ্বজ আছিল৷ এই ভূমিৰ আপোনালোকৰ দৰে সন্তানৰ জৰিয়তে সেই আত্মবলিদান দিয়া সকলোকে প্ৰণিপাত জনাইছো, বন্দনা কৰিছো৷
বন্ধুসকল,
আজি ঝান্সিৰ আন এগৰাকী সুপুত্ৰ মেজৰ ধ্যানচাঁদজীকো স্মৰণ কৰিব বিচাৰিছো, যিগৰাকীয়ে ভাৰতৰ খেল জগতক বিশ্বৰ সন্মুখত চিনাকী কৰি দিছিল৷ কিছু দিনৰ পূৰ্বে আমাৰ চৰকাৰে দেশৰ খেলৰত্ন সন্মান মেজৰ ধ্যানচাঁদ জীৰ নামত ৰখাৰ কথা ঘোষণা কৰে৷ ঝান্সিৰ সন্তান, ঝান্সিৰ এই সন্মানে আমাক সকলোকে গৌৰৱান্বিত কৰে৷
বন্ধুসকল,
ইয়ালৈ অহাৰ পূৰ্বে মই মহোবাত আছিলো, য’ত বুণ্ডেলখণ্ডৰ পানীৰ সমস্যাৰ সমাধানৰ বাবে পানীৰ সৈতে জড়িত আঁচনিৰ লগতে আন কেতবোৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ সৌভাগ্য হ’ল৷ এতিয়া ঝান্সিত ‘ৰাষ্ট্ৰনিৰ্মাণ সমৰ্পন’ পৰ্বত অংশগ্ৰহণ কৰিছো৷ এই অনুষ্ঠানে আজি ঝান্সিৰ পৰা দেশৰ প্ৰতিৰক্ষা খণ্ডত এক নতুন অধ্যায়ৰ সুচনা কৰিছে৷ এতিয়া ইয়াত ৪০০ কোটি টকাৰ ভাৰতৰ ডাইনেমিক লিমিটেডৰ এটা নতুন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াৰ জৰিয়তে উত্তৰপ্ৰদেশৰ ডিফেন্স কৰিড’ৰৰ ঝান্সি নোডে নতুন পৰিচয় লাভ কৰিব৷ ঝান্সিত এণ্টি টেংক মিছাইলৰ বাবে উপাদান প্ৰস্তুত কৰা হ’ব, যাৰদ্বাৰা সীমান্তত থকা আমাৰ জোৱানসকলে নতুন শক্তি, নতুন বিশ্বাস লাভ কৰিব আৰু ইয়াৰ পোনপটীয়া পৰিণাম এই যে দেশৰ সীমাসমূহ আৰু অধিক সুৰক্ষিত হ’ব৷
বন্ধুসকল,
ইয়াৰ সমান্তৰাভাৱে আজি ভাৰতত নিৰ্মিত স্বদেশী লাইট কম্বেট হেলিকপ্টাৰ্ছ, দ্ৰোণ আৰু ইলেক্ট্ৰনিকছ ৱাৰফেয়াৰ ছিষ্টেমো আমাৰ সেনাসকলক সমৰ্পন কৰা হৈছে৷ এইখন এনেধৰণ লাইট কম্বেট হেলিকপ্টাৰ, যি প্ৰায় ১৬হাজাৰ ফুট উচ্চতাত উৰিব পাৰে৷ এয়া নতুন ভাৰতৰ শক্তি, আত্মনিৰ্ভৰ ভাৰতৰ অভিজ্ঞতা, যাৰ সাক্ষী হৈছে বীৰ ঝান্সি৷
বন্ধুসকল,
আজি এফালে আমাৰ সেনা বাহিনীৰ শক্তি বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে ভৱিষ্যতে দেশৰ ৰক্ষাৰ বাবে সক্ষম যুৱক-যুৱতীসকলৰ বাবে সুযোগো সৃষ্টি হৈছে৷ এই ১০০ সৈনিক স্কুলত যিসকলে শিক্ষাজীৱন আৰম্ভ কৰিব, সেইবোৰে অনাগত দিনত দেশৰ ভৱিষ্যত শক্তিশালী হাতত দিয়াৰ কাম কৰিব৷ আমাৰ চৰকাৰে সৈনিক বিদ্যালয়সমূহত কন্যাৰ নামভৰ্তি আৰম্ভ কৰিছে৷ ৩৩ সৈনিক স্কুলত এই বৰ্ষৰ পৰা ছোৱালীৰ নামভৰ্তিৰ আৰম্ভ হৈছে৷ অৰ্থাৎ এতিয়া সৈনিক স্কূলৰ পৰা ৰাণী লক্ষ্মীবাঈৰ দৰে কন্যাও ওলাব, যি দেশৰ ৰক্ষা-সুৰক্ষা আৰু বিকাশৰ দায়িত্ব নিজৰ কান্ধত উঠাব পাৰিব৷ এই সকলো প্ৰচেষ্টাৰ সমান্তৰালভাৱে এনচিচি এলুননি এছ’চিয়েশ্যন আৰু এনচিচি কেডেটৰ বাবে ‘নেচনেল প্ৰগেম অফ ছিমুলেশ্যন ট্ৰেণিং’ এই ‘ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্ব’ৰ ভাৱনা বাস্তৱ ৰূপ দিব আৰু মোৰ বাবে সুখৰ কথা এই যে আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে, এনচিচিয়ে মোৰ ল’ৰালিৰ দিনবোৰ মনত পেলাই দিলে৷ মোৰ পুনৰবাৰ এনচিচিক সেই ৰুবাব, এনচিচিৰ এক মেজাজৰ সৈতে জড়িত কৰিলে৷ মইও সমগ্ৰ দেশৰ সেই সকলোকে আহ্বান কৰিম যে আপোনালোকেও যদি কেতিয়াবা এনচিচি কেডেট হিচাপে থাকে, তেতিয়া আপোনালোকে নিশ্চয় এই এলুমনি এছ’চিয়েশ্যনৰ অংশীদাৰ হ’ব আৰু আহক আমি সকলোৱে পুৰণি এনচিচি কেডেটৰ বাবে আজি য’ত আছে, যেনেকুৱাই কাম নকৰক কিয়, দেশৰ বাবে কিবা এটা কাম কৰাৰ সংকল্প লওক, মিলিজুলি কম কৰক৷ যি এনচিচিয়ে আমাক ধৈৰ্য শিকালে, যি এনচিচিয়ে আমাৰ সাহস শিকালে, যি এনচিচিয়ে আমাক ৰাষ্ট্ৰৰ স্বাভিমানৰ বাবে কাম কৰাৰ জীয়াই থকাৰ শিক্ষা দিয়ে, এনে সংস্কাৰসমূহে দেশৰ বাবে আমি অৰ্পণ কৰো৷ এনচিচিৰ কেডেটসকলৰ আৱেগ, তেওঁলোকৰ সমৰ্পনৰ লাভ এতিয়া দেশৰ সীমা আৰু উপকূলীয় এলেকাতো ইয়াৰ সুফল পাব৷ আজি প্ৰথমটো এনচিচি এলুমনি কাৰ্ড মোক দিয়াৰ বাবে আপোনালোকৰ ওচৰত বহুত বহুত কৃতজ্ঞতা জনাইছো৷ মোৰ বাবে এয়া গৌৰৱৰ বিষয়৷
বন্ধুসকল,
আজি আন এক গুৰুত্বূপূ্ৰ্ণ শুভাৰম্ভণি ঝান্সিৰ এই ত্যাগ ভূমিত হৈছে৷ আজি ‘ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক’ত ডিজিটেল কিঅ’স্কো শুভাৰম্ভ কৰা হৈছে৷ এতিয়া দেশবাসীয়ে আমাৰ শ্বহীদক, বীৰ যোদ্ধাসকলক মোবাইল এপৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাব পাৰে, সমগ্ৰ দেশে একেটা মঞ্চত সমবেত এই কাম কৰিব পাৰিব৷ এই সকলোবোৰক লৈয়ে আজি উত্তৰপ্ৰদেশৰ চৰকাৰৰ দ্বাৰা অটল একতা পাৰ্ক আৰু ৬০০ মেগাৱাটৰ অল্টামেগা সৌৰ শক্তি পাৰ্কো ঝান্সিবাসীৰ নামত উচৰ্গা কৰা হৈছে৷ আজি যিসময়ত বিশ্বই প্ৰদূষণ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিছে, সেই সময়ত সৌৰ শক্তিৰ অভিজ্ঞতাই দেশ আৰু ৰাজ্যসমূহ দূৰদৰ্শী সপোনৰ উদাহৰণ৷ মই বিকাশৰ সেই অভিজ্ঞতাৰ বাবে নিৰৱচ্ছিন্নভাৱে চলি থকা কাম-কাজৰ বাবে আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছো৷
বন্ধুসকল,
মোৰ পিছফালে থকা ঐতিহাসিক ঝান্সিৰ কিলা এই কথাৰ জীৱন্ত প্ৰমাণ কৰিছে যে ভাৰতে কেতিয়াও কোনো যুঁজতে শৌৰ্য আৰু বীৰত্বৰ অভাৱত হাৰ মনা নাই৷ ৰাণী লক্ষ্মীবাঈৰ হাতত ইংৰাজৰ দৰে সম্পদ আৰু আধুনিক অস্ত্ৰ-শস্ত্ৰ থকা হ’লে, তেতিয়া দেশৰ স্বাধীনতাৰ ইতিহাস কিছু পৃথক হ’লহেতেন৷ যেতিয়া আমি স্বাধীনতা লাভ কৰিলো, তেতিয়া আমাৰ কাষত সুযোগো আছিল, অভিজ্ঞতাও আছিল৷ দেশৰ চৰ্দাৰ পেটেলৰ সপোনৰ ভাৰত গঢ় দিয়া, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাটো আমাৰ দায়িত্ব৷ এয়াই স্বাধীনতাৰ অমৃতকালত দেশৰ সংকল্প, দেশৰ লক্ষ্য৷ বুণ্ডেলখণ্ডত উত্তৰপ্ৰদেশ প্ৰতিৰক্ষা উদ্যোগ কৰিডৰৰ এই অভিযানে সাৰথিৰ দৰে ভূমিকা পালন কৰিব৷ যি বুণ্ডেলখণ্ডক কেতিয়াও ভাৰতৰ শৌৰ্য আৰু সাহসৰ বাবে জনা গৈছিল, তাৰ পৰিচয় এতিয়া ভাৰতৰ সামৰিক সামৰ্থৰ মুখ্য কেন্দ্ৰ হিচাপেও পৰিচিত হ’ব৷ বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেই এই খণ্ডৰ বাবে বিকাশ এক্সপ্ৰেছত পৰিণত হ’ব, সেয়া মোৰ বিশ্বাস৷ আজি ইয়াত মিছাইল প্ৰযুক্তিৰ সৈতে জড়িত এক কোম্পানীৰ আধাৰশিলা স্থাপন কৰা হৈছে, অনাগত দিনত এনেধৰণৰ আৰু বহুত কোম্পানী স্থাপন হ’ব৷
বন্ধুসকল,
দীৰ্ঘদিন ধৰি ভাৰত বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা দেশত পৰিণত হৈ আছিল৷ আমাৰ গণনা তাতে আছিল৷ কিন্তু আজি দেশৰ মন্ত্ৰ হৈছে মেক ইন ইণ্ডিয়া, মেক ফৰ ৱৰ্ল্ড৷ আজি ভাৰতে, ইয়াৰ সেনাসকলক আত্মনিৰ্ভৰ কৰাৰ কাম কৰি আহিছে৷ আমি দেশৰ প্ৰতিৰক্ষা খণ্ডত দেশৰ ব্যক্তিগত খণ্ডৰ প্ৰতিভাও জড়িত কৰিছো৷ নতুন ষ্টাৰ্টআপক এতিয়া এই ক্ষেত্ৰতো নিজৰ প্ৰতিভা দেখুওৱাৰ সুবিধা পাইছে৷ এইবোৰত উত্তৰপ্ৰদেশ প্ৰতিৰক্ষা কৰিড’ৰৰ ঝান্সি নোডে ডাঙৰ ভূমিকা পালন কৰিব৷ ইয়াৰ অৰ্থ এই যে ইয়াৰ এমএছএমই উদ্যোগৰ বাবে সৰু সৰু উদ্যোগৰ বাবে নতুন সম্ভাৱনা গঢ় লৈ উঠিব৷ ইয়াৰ যুৱক-যুৱতীসকলে সংস্থাপনৰ নতুন সুযোগ লাভ কৰিব৷ ইয়াৰ অৰ্থ এই যে কিছু বছৰ আগলৈকে ভুল নীতিসমূহৰ বাবে পলায়নবাদী মনোভাৱ থকা উদ্যোগীয়ে এতিয়া নতুন সম্ভাৱনাৰ বাবে বিনিয়োগৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বলৈ গৈ আছে৷ দেশ-বিদেশৰ লোকসকল বুণ্ডেলখণ্ডলৈ আহিব৷ বুণ্ডেলখণ্ডৰ যি স্থান কেতিয়াবা কম বৰষুণ হৈছিল আৰু খৰাঙৰ বাবে কৃষিকৰ্ম হোৱা নাছিল, সেই স্থানত আজি প্ৰগতিৰ বীজ অংকুৰিত হৈছে৷
বন্ধুসকল,
দেশে এইটোও সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰতিৰক্ষা বাজেটৰ জৰিয়তে যিসমূহ অস্ত্ৰ-শস্ত্ৰৰ সঁজুলি ক্ৰয় কৰা হৈছে, তাৰ অধিকাংশ মেক ইন ইণ্ডিয়া সঁজুলিত ব্যয় হ’ব৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দুই শতাধিক এনে সঁজুলিৰ তালিকা প্ৰস্তুত কৰিছে, যি এতিয়া দেশতে কিনিব পৰা যাব, বাহিৰৰ পৰা আমদানি কৰিবলগীয়া নহয়৷ সেইবোৰ বিদেশৰ পৰা ক্ৰয় কৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷
বন্ধুসকল,
আমাৰ আদৰ্শ ৰাণী লক্ষ্মীবাঈ, ঝলকাৰী বাঈ, অৱন্তী বাঈ, উদা দেৱীৰ দৰে বহু বীৰাংগনা আছে৷ আমাৰ আদৰ্শ লৌহপুৰুষ চৰ্দাৰ পেটেল, চন্দ্ৰশেখৰ আজাদ, ভগত সিঙৰ দৰে মহান আত্মা আছে৷ সেইবাবে আজি অমৃত মহোৎসৱত আমি একেলগে হ’ব লাগিব, একেলগে আগুৱাই আহি দেশৰ অখণ্ডতাৰ বাবে আমাৰ সকলোৰে একতাৰ বাবে সংকল্প গ্ৰহণ কৰিব লাগিব৷ আমি বিকাশ আৰু প্ৰগতিৰ সংকল্প গ্ৰহণ কৰিব লাগিব৷ যিদৰে আজি অমৃত মহোৎসৱত আজি ৰাণী লক্ষ্মীবাঈক দেশে সন্মানেৰে স্মৰণ কৰিছে, এনেদৰে বুণ্ডেলখণ্ডত বহু সন্তান-সন্ততি আছে৷ মই ইয়াৰ যুৱক-যুৱতীসকলক আহ্বান জনাও, অমৃত মহোৎসৱত এই শ্বহীদসকলৰ ইতিহাস, এই ভূমিৰ প্ৰতাপক দেশ তথা বিশ্ববাসীৰ সন্মুখলৈ আনক৷ মোৰ বিশ্বাস এই যে আমি সকলোৱে মিলি এই অমৰ বীৰভূমিৰ তেওঁলোকৰ গৌৰৱ ঘূৰাই আনো৷ মই আনন্দিত হৈছো কিয়নো সংসদত মোৰ সতীৰ্থ ভাই অনুৰাগ জী একেৰাহে এই বিষয়সমূহত কিবা নহয় কিবা এটা কৰি আহিছে৷ মই দেখি আছে যে ৰাষ্ট্ৰ ৰক্ষাৰ এই সাপ্তাহিক পৰ্বক যিধৰণে তেওঁলোকে স্থানীয় লোকসকলক সক্ৰিয় কৰিছে, চৰকাৰ আৰু জনসাধাৰণে মিলি কেনে অদ্ভূত কাম কৰিব পাৰে, সেয়া আমাৰ সাংসদ আৰু তেওঁলোকৰ বন্ধু-বান্ধৱীসকলে কৰি দেখুৱালে৷ মই তেওঁলোকক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷ এই সুন্দৰ সমাৰোহ সফল কৰাৰ বাবে আদৰণীয় ৰাজনাথ সিং জীৰ নেতৃত্বত সমগ্ৰ টিমে যিদৰে কাম-কাজ কৰিছে, প্ৰতিৰক্ষা কৰিডৰ বাবে উত্তৰপ্ৰদেশৰ ৰাষ্ট্ৰ ৰক্ষাৰ বাবে বিবিধ সামগ্ৰী প্ৰস্তুত কৰাৰ ভূমিত পৰিণত হ’ল, সেইবাবে আজি এই অনুষ্ঠানে দীৰ্ঘ সময় ধৰি প্ৰভাৱ বিস্তাৰ কৰিব৷ সেইবাবে ৰাজনাথ সিং জী আৰু তেওঁৰ সমগ্ৰ টিমক বহুত অভিনন্দন জ্ঞাপন কৰিছো৷ যোগী জীয়েও উত্তৰপ্ৰদেশৰ বিকাশৰ এক নতুন শক্তি প্ৰদান কৰিছে, নতুন গতি দিছে, কিন্তু প্ৰতিৰক্ষা কৰিডৰ আৰু বুণ্ডেলখণ্ডৰ এই ভূমিক শৌৰ্য আৰু সামৰ্থৰ বাবে পুনৰবাৰ ৰাষ্ট্ৰ ৰক্ষাৰ উৰ্বল ভূমিৰ হিচাপে গঢ় দিয়াটো বহু দুৰদৃষ্টিসম্পন্ন কাম হৈছে৷ মই তেওঁলোককো অভিনন্দন জ্ঞাপন কৰিছো৷
বন্ধুসকল,
আজিৰ এই পবিত্ৰ উৎসৱৰ ক্ষণত আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷
আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷
***
DS/VJ/AV/DB
(रिलीज़ आईडी: 1787895)
आगंतुक पटल : 251
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam