পোষ্ট কৰা হৈছে:
31 DEC 2021 11:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ৰ ২ জানুৱাৰীত মিৰাট ভ্ৰমণ আৰু দুপৰীয়া প্ৰায় ১ বজাত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে মিৰাটৰ সাৰধনা চহৰস্থিত চালাৱা আৰু কাইলী গাঁৱত স্থাপন কৰা হ'ব।
প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ অন্যতম হৈছে দেশখনৰ সকলো প্ৰান্ততে ক্ৰীড়া সংস্কৃতি উদ্বুদ্ধকৰণ আৰু বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি স্থাপন কৰা। মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন এই দৃষ্টি পৰিপূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।
ক্ৰীড়া বিশ্ববিদ্যালয়খনক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।
***
DS/AKJ/SB