প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১ জানুৱাৰীত পিএম-কিষাণক দশম কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে


১০ কোটিতকৈ অধিক হিতাধিকাৰী কৃষক পৰিয়ালক ২০,০০০ কোটিতকৈ অধিক ধন হস্তান্তৰ কৰা হ’ব

এতিয়ালৈকে কৃষক পৰিয়ালক ১.৬লাখ কোটি সন্মান ৰাশি হস্তান্তৰ কৰা হৈছে

তৃণমূল পর্যায়ৰ কৃষকসকলক সবলীকৰণ প্রতিশ্রুতি অব্যাহত ৰাখিছে

প্ৰধানমন্ত্ৰীয়ে লগতে ৩৫১টা এফপিঅ’ক ১৪হাজাৰ কোটিতকৈ অধিক ইকুইটি অনুদান হিচাপে আগবঢ়াব; ইয়াৰ জৰিয়তে ১.২৪লাখতকৈ অধিক কৃষক উপকৃত হ’ব

Posted On: 29 DEC 2021 4:26PM by PIB Guwahati

তৃণমূল পর্যায়ৰ কৃষকসকলক সবলীকৰণ প্রতিশ্রুতি অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জানুৱাৰী, ২০২২ৰ দুপৰীয়া ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ দশম কিস্তি মুকলি কৰিব৷ ইয়াৰ জৰিয়তে ১০ কোটিতকৈ অধিক হিতাধিকাৰী কৃষক পৰিয়ালে ২০,০০০ কোটিতকৈ অধিক ধন লাভ কৰিব৷

পিএম-কিষাণ আঁচনিৰ অধীনত যোগ্য কৃষক পৰিয়ালক চাৰি মাহৰ মুৰে মুৰে তিনিটা কিস্তিত ২০০০টকাকৈ বছৰি মুঠ ৬,০০০ টকা প্ৰদান কৰা হয়৷ এই পুঁজি পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত হস্তান্তৰ কৰা হয়৷ এতিয়ালৈকে কৃষক পৰিয়ালক ১.৬লাখ কোটি সন্মান ৰাশি হস্তান্তৰ কৰা হৈছে৷

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে লগতে ৩৫১টা কৃষি উৎপাদক সংস্থা(এফপিঅ’)ক ১৪ কোটিতকৈ অধিক টকাৰ ইকুইটি মুকলি কৰি দিব, যাৰ জৰিয়তে ১.২৪ লাখতকৈ অধিক কৃষক উপকৃত হ’ব৷ প্ৰধানমন্ত্ৰী অনুষ্ঠানত এফপিঅ’সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব৷

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰীও উপস্থিত থকিব৷

 

***

DS/AKJ/AK/DB



(Release ID: 1786495) Visitor Counter : 212