প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কানপুৰ মেট্ৰো প্রকল্পৰ উদ্বোধনত প্রধানমন্ত্রীৰ ভাষণৰ পাঠ

Posted On: 28 DEC 2021 5:07PM by PIB Guwahati

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, উত্তৰপ্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী হৰদীপ পুৰী জী, ইয়াৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যা জী, সাধ্বী নিৰঞ্জন জ্যোতি জী, ভানুপ্ৰতাপ বাৰ্মা জী, ইউপি চৰকাৰৰ মন্ত্ৰী শ্ৰী সতীশ মহানা জী, নীলিমা কটিয়াৰ জী, ৰণবেন্দ্ৰ প্ৰতাপ জী, লখন সিংহ জী, অজীত পাল জী, ইয়াত উপস্থিত সকলো আদৰণীয় সাংসদগণ, সকলো আদৰণীয় বিধায়কগণ, আন সকলো জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল! ঋষি-মুনিসকলৰ তপোস্থলী, স্বতন্ত্ৰতা সেনানী আৰু ক্ৰান্তিবীৰৰ প্ৰেৰণা স্থলী, স্বাধীন ভাৰতৰ ঔদ্যোগিক সামৰ্থ্যক শক্তি দিয়া এই কানপুৰক মোৰ শত-শত নমন। এয়া কানপুৰেই যি পণ্ডিত দীনদয়াল উপাধ্যায়, সুন্দৰ সিংহ ভাণ্ডাৰী জী আৰু অটল বিহাৰী বাজপেয়ীৰ দৰে ভিজনেৰী নেতৃত্বক গঢ় দিয়াত মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু আজি কেৱল কানপুৰেই আনন্দিত এনেকুৱা নহয়, বৰুণ দেৱতা জীৰো এই আনন্দত ভাগ ল'বৰ মন গ'ল।

 

বন্ধুসকল,

 

কানপুৰৰ মানুহৰ যি মেজাজ, যি কানপুৰীয়া ধাৰণা, যি তাৰ সমুচিত প্ৰত্যুত্তৰ, তাৰ তুলনাই কৰিব নোৱাৰি। য়ে ঠগ্গু কে লড্ডু কে য়হাঁ ক্যা লিখা হোতা হে? হাঁ ঠগ্গু কে লড্ডু কে য়হাঁ ক্যা লিখা হে। এইসা কোই সগা নেহী...এইসা কোই সগা নেহী...এতিয়া আজিলৈকে আপোনালোকে যি কয় সেয়া কৈ থাকক। কিন্তু মই তো ইয়াকে ক'ম, আৰু যেতিয়া মই এই কথা কওঁ তেতিয়া ক'ম যে এয়া কানপুৰেই হয় য'ত এনেকুৱা কোনো নোলাব যি স্নেহ পোৱা নাই। বন্ধুসকল, যেতিয়া সংগঠনৰ নামত মই আপোনালোকৰ মাজলৈ আহিবলগীয়া হৈছিল তেতিয়া খুউব শুনিছিলো- ঝাড়ে ৰহো কলট্টৰ-গঞ্জ!!! ঝাড়ে ৰহো কলট্টৰ-গঞ্জ। আজিকালিও আপোনালোকে কয়, যে নতুন প্ৰজন্মৰ মানুহে পাহৰি গ'ল।

 

বন্ধুসকল,

 

আজি মংগলবাৰ আৰু পনকীৰ বাসিন্দাই হনুমান জীৰ আশীৰ্বাদত, আজি ইউপিৰ বিকাশত আৰু এটা সোণালী অধ্যায় সংযুক্ত কৰি আছে। আজি কানপুৰে মেট্ৰো কানেক্টিভিটি লাভ কৰিছে। লগতে বীনা ৰিফাইনেৰীৰ সৈতেও কানপুৰ এতিয়া সংযুক্ত হ'ল। ইয়াৰ ফলত কানপুৰৰ লগতে ইউপিৰ অনেক জিলাত পেট্ৰ'লিয়াম সামগ্ৰী এতিয়া আৰু সহজে সুলভ হ'ব। এই দুয়োটা প্ৰজেক্টৰ বাবে আপোনালোক সকলোকে সমগ্ৰ উত্তৰপ্ৰদেশক বহুত বহুত অভিনন্দন! আপোনালোক সকলোৰে মাজলৈ অহাৰ পূৰ্বে আইআইটি কানপুৰত মোৰ কাৰ্যক্ৰম আছিল। মই প্ৰথমবাৰ মেট্ৰোৰ ভ্ৰমণ কৰোতে কানপুৰবাসীৰ মনোভাব, তেওঁলোকৰ উৎসাহ-উদ্বীপণাৰ সাক্ষী হ'ব বিচাৰিছিলো। সেয়ে মই মেট্ৰোৰে ভ্ৰমণ কৰিবলৈ সিদ্ধান্ত লওঁ। এয়া মোৰ বাবে সঁচাকৈয়ে এক স্মৰণীয় অভিজ্ঞতা হ'ল।

 

বন্ধুসকল,

 

ইউপিত আগতে যিসকল লোকে চৰকাৰ চলালে তেওঁলোকে সময়ৰ বিশেষত্ব কেতিয়াও নুবুজিলে। ২১শ শতিকাৰ যি কালখণ্ডত ইউপিয়ে দ্ৰুতগতিত প্ৰগতি কৰিব লাগিছিল, সেই অমূল্য সময়ক, সেই বিশেষ সুযোগ আগৰ চৰকাৰসমূহে হেৰুৱাই পেলালে। তেওঁলোকৰ অগ্ৰাধিকাৰত ইউপিৰ বিকাশ নাছিল, তেওঁলোকৰ সংকল্প ইউপিৰ জনসাধাৰণৰ বাবে নাছিল। আজি উত্তৰপ্ৰদেশত যি ডবল ইঞ্জিনৰ চৰকাৰ চলি আছ, তেওঁলোকে যোৱা কালখণ্ডত সময়ৰ যি লোকচান হ'ল, তাক পূৰণ কৰাতো লাগি আছে। আমি ডবল স্পীডত কাম কৰি আছো। আজি দেশৰ সবাতোকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ইউপিত নিৰ্মাণ হৈ আছে। আজি দেশৰ প্ৰথমটো ৰিজনেল ৰেপিড ট্ৰেনজিট ছিষ্টেম ইউপিত নিৰ্মাণ হৈ আছে। ডেডিকেটেড ফ্ৰেট কৰিডৰৰ হাবো ইউপি হ'ব। যি ইউপিক এদিন অবৈধ অস্ত্ৰধাৰী গেঙৰ বাবে বদনাম দিয়া হৈছিল, সি দেশৰ সুৰক্ষাৰ বাবে ডিফেঞ্চ কৰিডৰ নিৰ্মাণ কৰি আছে। বন্ধুসকল, সেইবাবেই ইউপিৰ মানুহে কৈ আছে যে -পাৰ্থক্য পৰিষ্কাৰ! এই পাৰ্থক্য কেৱল যোজনা-পৰিকল্পনাৰে নহয়, বৰং কাম কৰাৰ পদ্ধতিৰো। ডবল ইঞ্জিনৰ চৰকাৰে যি কাম আৰম্ভ কৰে, তাক সম্পূৰ্ণ কৰিবলৈও আমি দিন-ৰাতি একাকাৰ কৰি দিওঁ। কানপুৰ মেট্ৰোৰ নিৰ্মাণৰ এই কাম আমাৰ চৰকাৰত আৰম্ভ হ'ল আৰু আমাৰেই চৰকাৰে ইয়াৰ লোকাৰ্পণো কৰি আছে। পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ শিলান্যাস আমাৰ চৰকাৰে কৰিলে, আমাৰেই চৰকাৰে ইয়াৰ কাম সম্পূৰ্ণ কৰিলে। দিল্লী-মেৰঠ এক্সপ্ৰেছৱেৰ শিলান্যাস আমাৰ চৰকাৰে কৰিলে আৰু ইয়াক সম্পূৰ্ণ কৰি জনতাক সমৰ্পিত কৰাৰ কামো আমিয়েই কৰিলো। মই আপোনালোকক এনেকুৱা অনেক পৰিকল্পনা গণিবলৈ দিব পাৰো। অৰ্থাৎ পূব হওক বা পশ্চিম বা আমাৰ এই ক্ষেত্ৰখন, ইউপিত প্ৰত্যেক পৰিকল্পনাৰ সময়মতে সম্পূৰ্ণ হোৱাৰ প্ৰয়াস কৰি থকা হৈছে। আৰু এইটো এইবাবেই জৰুৰী কিয়নো যেতিয়া যোজনা সময়মতে সম্পূৰ্ণ হয়, তেন্তে দেশৰ পইচাৰ সঠিক ব্যৱহাৰ হয়, দেশৰ মানুহে ইয়াৰ লাভ পায়। আপোনালোকে মোক কওক, ট্ৰেফিক জামক লৈ কানপুৰৰ মানুহৰ অভিযোগ বছৰ বছৰ ধৰি আছে। আপোনালোকৰ কিমান সময় ইয়াত বৰবাদ হৈছিল, আপোনালোকৰ কিমান পইচা বৰবাদ হৈছিল। এতিয়া আজি প্ৰথম ফেজৰ ৯ কিলোমিটাৰ লাইন আৰম্ভ হোৱাত এই অভিযোগবোৰ আঁতৰ হোৱাৰ এটা আৰম্ভণি হৈছে। কৰোণাৰ সংকট, প্ৰত্যাহ্বান সত্বেও, ২ বছৰৰ ভিতৰতে এই ছেকচন আৰম্ভ হোৱাটো, নিজে নিজেই প্ৰশংসনীয়।

 

বন্ধুসকল,

 

স্বাধীনতাৰ পিছত দশক দশক ধৰি আমাৰ দেশত এটা ধাৰণা আছিল যে যিয়েই কিবা নতুন হ'ব, ভাল হ'ব, সেই তিনি-চাৰিখন ডাঙৰ চহৰতহে হ'ব। দেশৰ ডাঙৰ মেট্ৰো চহৰৰ বাহিৰে যি চহৰ আছিল, সেইবোৰক নিজৰ অৱস্থাতে এৰি দিয়া হৈছিল। এই চহৰবিলাকত থকা মানুহৰ কিমান ডাঙৰ শক্তি আছে, তেওঁলোকক সুবিধা দিয়া কিমান জৰুৰী, এই কথা আগতে চৰকাৰ চলোৱাসকলে কেতিয়াও বুজিবই নোৱাৰিলে। এই চহৰবিলাকৰ আকাংক্ষাসমূহ, ইয়াত থকা কোটি কোটি মানুহৰ আকাংক্ষাৰ ওপৰত আগতে যি চৰকাৰত আছিল, তেওঁলোকে ধ্যানেই দিয়া নাছিল। যিসকল লোকে এতিয়া পৰিবেশ নিজৰফলীয়া কৰিবলৈ চেষ্টা চলাই আছে, তেওঁলোকৰ সততাই নাছিল বিকাশৰ কোনো কামেই নাছিল। এতিয়া আমাৰ চৰকাৰে দেশৰ এনেকুৱা বিশেষ চহৰৰ বিকাশকো অগ্ৰাধিকাৰ দি আছে। এই চহৰবিলাকৰ বাবে কানেক্টিভিটি ভাল হওক, তাত উচ্চ শিক্ষাৰ ভাল প্ৰতিষ্ঠান হওক, বজুলিৰ সংকট নহওক, পানীৰ সংকট নহওক, ছিৱেজ ছিষ্টেম আধুনিক হওক, এই সকলোবোৰৰ ওপৰত কাম কৰি থকা হৈছে। যদি মই মেট্ৰোৰেই কথা কওঁ তেন্তে কানপুৰ মেট্ৰোৰ প্ৰথম চৰণৰ আজি লোকাৰ্পণ হ'ল। আগ্ৰা আৰু মেৰঠ মেট্ৰোৰ ওপৰত দ্ৰুত গতিত কাম চলি আছে। আন কেইবাখনো চহৰতো মেট্ৰো প্ৰস্তাৱিত। লক্ষ্ণৌ, নোৱেড়া আৰু গাজিয়াবাদত মেট্ৰোৰ নিৰন্তৰ বিস্তাৰ কৰি থকা হৈছে। যি স্পীডত ইউপিত মেট্ৰোৰ কাম হৈ আছে, সেয়া অভূতপূৰ্ব।

 

বন্ধুসকল,

 

মই যি পৰিসংখ্যা দি আছো, সেই পৰিসংখ্যা অলপ মন দি শুনক। শুনিবনে মন দি শুনিবনে? শুনক, ২০১৪ চনৰ পূৰ্বে, ইউপিত যিমান মেট্ৰো চলিছিল, তাৰ মুঠ দৈৰ্ঘ্য আছিল ৯ কিলোমিটাৰ। ২০১৪ চনৰ পৰা ২০১৭ৰ মাজত মেট্ৰোৰ দৈৰ্ঘ্য বাঢ়ি হ'লগৈ মুঠ ১৮ কিলোমিটাৰ। আজি কানপুৰ মেট্ৰোক যদি মিলাই দিওঁ তেন্তে ইউপিত মেট্ৰোৰ দৈৰ্ঘ্য এতিয়া ৯০ কিলোমিটাৰৰ বেছি হ'লগৈ। আগৰ চৰকাৰবিলাকে কেনেকৈ কাম কৰিছিল, আজি যোগী জীৰ চৰকাৰে কেনেকৈ কাম কৰি আছে, সেইবাবেই তো ইউপিয়ে কয়- পাৰ্থক্য পৰিষ্কাৰ।

 

বন্ধুসকল,

 

২০১৪ৰ আগতে সমগ্ৰ দেশৰ কেৱল ৫খন চহৰত মেট্ৰোৰ সুবিধা আছিল। অৰ্থাৎ, মেট্ৰো ৰে'ল, কেৱল মেট্ৰো বুলি কোৱা চহৰসমূহতহে আছিল। আজি অকল ইউপিৰে ৫খন চহৰত মেট্ৰো চলি আছে। আজি দেশৰ ২৭খন চহৰত মেট্ৰোৰ ওপৰত কাম চলি আছে। এই চহৰবিলাকত থকা দুখীয়া পৰিয়ালসমূহ, মিডল ক্লাছ পৰিয়ালসমূহে আজি মেট্ৰো ৰে'লৰ সেই সুবিধা পাই আছে, যিবিলাক মেট্ৰো চহৰত উপলব্ধ হৈছিল। চহৰীয়া দুখীয়াৰ জীৱন স্তৰ উচ্চ কৰিবৰ বাবেও যি প্ৰয়াস কৰা হৈছে, তাৰ জৰিয়তে টীয়েৰ-২, টীয়েৰ-৩ চহৰত যুৱক-যুৱতীৰ আত্মবিশ্বাস বাঢ়ি আছে। ইউপিত তো ডবল ইঞ্জিনৰ চৰকাৰ হোৱাৰ পিছত ইয়াত বহুত দ্ৰুততা আহিছে।

 

বন্ধুসকল,

 

কোনো দেশ হওক বা ৰাজ্য, অসন্তুলিত বিকাশেৰে সি কেতিয়াও আগবাঢ়িব নোৱাৰে। দশক দশক ধৰি আমাৰ দেশত এই স্থিতি আছিল যে এটা অংশৰ যদি বিকাশ হয়, আনটো পিছপৰিয়েই থাকিল। ৰাজ্যৰ স্তৰত, সমাজৰ স্তৰত এই বৈষম্য দূৰ কৰা খুবেই দৰকাৰ। সেয়ে আমাৰ চৰকাৰে সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰত কাম কৰি আছে। সমাজৰ প্ৰতিটো বৰ্গ, দলিত-শোষিত, পীড়িত-বঞ্চিত, পিছপৰা-আদিবাসী, সকলোৱেই আমাৰ চৰকাৰৰ সমান লাভ পাই আছে। আমাৰ চৰকাৰে সেইসকল লোকৰ ওপৰত বিশেষ মনোযোগ দি আছে, যাক আগতে কেতিয়াও সোধা নহৈছিল,যাৰ ওপৰত আগতে কেতিয়াও মনোযোগ দিয়া হোৱা নাছিল।

 

বন্ধুসকল,

 

চহৰত থকা দুখীয়াসকলকো আগৰ চৰকাৰবিলাকে বহুত আওকাণ কৰিছিল। এনেকুৱা চহৰৰ দুখীয়াসকলৰ বাবে আজি প্ৰথমবাৰ আমাৰ চৰকাৰে সম্পূৰ্ণ সততাৰে কাম কৰি আছে। মই আপোনালোকক এটা উদাহৰণ দিওঁ। ২০১৭ৰ আগৰ ১০ বছৰৰ সময়ছোৱাত ইউপিত চহৰৰ দুখীয়াসকলৰ বাবে কেৱল আঢ়ৈ লাখ পকা ঘৰহে নিৰ্মাণ হৈছিল। যোৱা চাৰে ৪ বছৰত ইউপি চৰকাৰে চহৰৰ দুখীয়াসকলৰ বাবে ১৭ লাখতকৈ অধিক ঘৰ স্বীকৃত কৰিছে। ইয়াৰে চাৰে ৯ লাখ নিৰ্মাণো হৈছে আৰু বাকীখিনিৰ ওপৰত দ্ৰুত গতিত কাম চলি আছে।

 

ভাতৃ আৰু ভগ্নীসকল,

 

আমাৰ গাঁও বিলাকৰ পৰা বহুতো বন্ধু চহৰত কাম কৰিবলৈ আহে। ইয়াৰে বহু লোকে চহৰলৈ আহি পদপথ, ঠেলাত সামগ্ৰী বেচি নিজৰ জীৱন  নিৰ্বাহ কৰে। আজি প্ৰথমবাৰ আমাৰেই চৰকাৰে এই লোকসকলৰ মংগল সাধিছে। এওঁলোকে সহজে বেংকৰ পৰা সহায় পাওক, এইসকল লোকেও ডিজিটেল লেনদেন কৰক, এই দিশত আমাৰ চৰকাৰে কাম কৰি আছে। পিএম স্বনিধি যোজনাৰ জৰিয়তে ৭ লাখৰো অধিক বন্ধুক ৭০০ কোটিৰো অধিক টকা দিয়া হৈছে।

 

ভাতৃ আৰু ভগ্নীসকল,

 

জনতা-জনাৰ্দনৰ আৱশ্যকতাবিলাক বুজি পোৱা, তেওঁলোকৰ সেৱা কৰা আমাৰ সকলোৰে দায়িত্ব। ডবল ইঞ্জিনৰ চৰকাৰে ইউপিৰ আৱশ্যকতাবিলাক বুজিপাই, সাহসী কাম কৰি আছে। ইউপিৰ কোটি কোটি ঘৰত আগতে পাইপেৰে পানী নাপাইছিল। কৰোণাৰ এই কঠিন সময়ত ইউপিৰ ১৫ কোটিৰো অধিক লোকক বিনামূলীয়া ৰেছনৰ ব্যৱস্থা আমাৰেই চৰকাৰে কৰিলে।

 

বন্ধুসকল,

 

যিসকল লোক আগতে চৰকাৰত আছিল, তেওঁলোকে এই মানসিকতাৰে চৰকাৰ চলাইছিল যে পাঁচ বছৰৰ বাবে লটাৰী লাগিছে, যিমান পাৰি ইউপিক লুটি যোৱা, লুটি লোৱা। আপোনালোকে নিজে দেখিছে যে ইউপিত আগৰ চৰকাৰসমূহে যিবিলাক পৰিকল্পনা আৰম্ভ কৰিছিল, তাত কেনেকৈ হাজাৰ হাজাৰ কোটিৰ দুৰ্নীতি হৈছিল। ডবল ইঞ্জিনৰ চৰকাৰে ডাঙৰ লক্ষ্য স্থিৰ কৰা আৰু তাক সম্পূৰ্ণ কৰাটো জানে। কোনে ভাবিব পাৰিছিল যে ইউপিত বিদ্যুতৰ উৎপাদনৰ পৰা আৰম্ভ কৰি ট্ৰান্সমিছনলৈকে সংশোধন হ'ব পাৰে। বিজুলি কিয় গ'ল, মানুহে সেইটো ভবা নাছিল। তেওঁলোকে জানিছিলেই যে ঘণ্টা ঘণ্টা ধৰি কৰ্তন হ'বই। তেওঁলোকৰ সান্ত্বনা এইটোৱেই আছিল যে কাষৰ ঘৰতো বিদ্যুৎ গৈছে নে নাই।

 

বন্ধুসকল,

 

কোনে ভাবিব পাৰিছিল যে গংগাজীত পৰিবলগীয়া সীসামঊৰ দৰে বিশাল, বিকৃত নলাও এদিন বন্ধ হ'ব পাৰে। কিন্তু এই কাম আমাৰ ডবল ইঞ্জিনৰ চৰকাৰে কৰি দেখুৱালে। বিপিচিএলৰ পনকী কানপুৰ ডিপোৰ ক্ষমতা ৪গুণতকৈ অধিক বঢ়ালেও কানপুৰে বহুত সকাহ পাব।

 

ভাতৃ আৰু ভগ্নীসকল,

 

কানেক্টিভিটি আৰু কমিউনিকেচনেৰে জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে গেছ আৰু পেট্ৰলিয়াম পাইপলাইন ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত যি কাম হৈছে, তাৰ ফলতো ইউপিৰ বহুত লাভ হৈছে। ২০১৪লৈকে দেশত কেৱল ১৪ কোটি এলপিজি গেছ কানেকচন আছিল, আজি ৩০ কোটিৰ অধিক গেছ কানেকচন আছে। অকল ইউপিতে প্ৰায় ১ কোটি ৬০ লাখ দুখীয়া পৰিয়ালে নতুন এলপিজি গেছ কানেকচন লাভ কৰিছে। পাইপেৰে সস্তাত গেছৰ কানেকচনো ৭ বছৰত ৯গুণ হৈছে। বীনা-পনকী মাল্টিপ্ৰডাক্ট পাইপলাইনে এই নেটৱৰ্ক অধিক শক্তিশালী কৰিব। এতিয়া বীনা ৰিফাইনেৰীৰ পৰা পেট্ৰ'ল-ডিজেলৰ দৰে উৎপাদনৰ বাবে কানপুৰ সহ ইউপিৰ অনেক জিলাই ট্ৰাকৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া নহ'ব। ইয়াৰ ফলত ইউপিত বিকাশৰ ইঞ্জিনে অবাধে শক্তি পাই থাকিব।

 

বন্ধুসকল,

 

যিকোনো ৰাজ্যত বিনিয়োগৰ বাবে, উদ্যোগৰ বাবে ফলিব-ফুলিবৰ বাবে সবাতোকৈ জৰুৰী হৈছে আইনী ব্যৱস্থাৰ শাসন। ইউপিত আগতে যি চৰকাৰ আছিল, তেওঁলোকে মাফিয়াবাদৰ বৃক্ষ ইমানেই বিয়পালে যে তাৰ ছাঁত সকলো উদ্যোগ ব্যৱসায় ধ্বংস হৈ গ'ল। এতিয়া যোগীজীৰ চৰকাৰে আইন ব্যৱস্থাৰ শাসন ওভতাই আনিছে। সেয়ে ইউপিত এতিয়া বিনিয়োগো বাঢ়ি আছে আৰু অপৰাধীয়ে নিজৰ জামিন নিজে বাতিল কৰাই জেললৈ গৈ আছে। ডবল ইঞ্জিনৰ চৰকাৰে আকৌ এবাৰ ইউপিত ঔদ্যোগিক কালচাৰক উদগণি দি আছে। ইয়াত কানপুৰত মেগা লেডাৰ ক্লাষ্টাৰক মঞ্জুৰী দিয়া হৈছে। ইয়াৰ যুৱক-যুৱতীৰ দক্ষতা বিকাশ কৰিবলৈ ফজলগঞ্জত টেকনলজি চেণ্টাৰৰো স্থাপন হৈছে। ডিফেঞ্চ কৰিডৰেই হওক বা এক জনপদ এক উৎপাদন যোজনা, ইয়াৰ লাভ কানপুৰৰ আমাৰ উদ্যমী বন্ধুসকলৰো হ'ব।

 

বন্ধুসকল,

 

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও Ease of Doing Business বঢ়াবলৈ একেৰাহে কাম হৈ আছে। নতুন অনুষ্ঠানৰ বাবে কৰ্পৰেট টেক্স কৰ্তন কৰি ১৫ শতাংশ কৰাই হওক, জিএছটি নিৰিখ হ্ৰাস কৰাই হওক, বহুত কিবা আইনৰ জাল সমাপ্ত কৰাই হওক, ফেচলেছ এছেছমেণ্টেই হওক, এই দিশতে গ্ৰহণ কৰা পদক্ষেপ। নতুন ক্ষেত্ৰসমূহক উদগণি দিবলৈ চৰকাৰে Production linked incentive দিবলৈও আৰম্ভ কৰিছে। চৰকাৰে company’s lawৰ বহুত ব্যৱস্থাও de-criminalize কৰি দিছে, যি আমাৰ ব্যৱসায়ী বন্ধুসকলৰ বিপদ বঢ়ায়।

 

ভাতৃ আৰু ভগ্নীসকল,

 

যিবোৰ দলৰ অৰ্থনৈতিক নীতিয়েই ভ্ৰষ্টাচাৰ, যাৰ নীতি হৈছে বাহুবলীবিলাকৰ আদৰ-সাদৰ, তেওঁলোকে উত্তৰপ্ৰদেশৰ বিকাশ কৰিব নোৱাৰে। সেয়ে তেওঁলোকৰ তেনেকুৱা প্ৰতিটো পদক্ষেপত সমস্যা হয়, যাৰ ফলত সমাজে শক্তি লাভ কৰে, সমাজৰ সবলীকৰণ হয়। সেয়ে মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰো এওঁলোকে বিৰোধিতা কৰে। লাগে তিনি তালাকৰ বিৰুদ্ধে শক্তিশালী আইন হওক, বা ল'ৰা আৰু ছোৱালীৰ বিয়াৰ বয়স সমান সমান কৰাৰ বিষয়, এওঁলোকে কেৱল বিৰোধিতাই কৰে। হয়, যোগীজীৰ চৰকাৰৰ কাম দেখি, এই লোকসকলে এইবুলি জৰুৰ কয়  যে এয়াতো আমি কৰিছিলো, এয়া তো আমি কৰিছিলো। মই ভাবি আছিলো যে বিগত দিনবোৰত যি বাকচ ভৰি ভৰি, বিগত দিনবোৰত যি বাকচ ভৰি ভৰি টকা পোৱা গৈছে, ইয়াৰ পিছতো এই লোকসকলে এইবুলিয়েই ক'ব যে এয়াও আমিয়েই কৰিলো।

 

বন্ধুসকল,

 

আপোনালোক কানপুৰবাসীয়ে তো ব্যৱসায়ক, বেপাৰ-বাণিজ্যক ভালদৰেই বুজে। ২০১৭ৰ আগতে ভ্ৰষ্টাচাৰৰ যি ঘ্ৰাণ, ভ্ৰষ্টাচাৰৰ ঘ্ৰাণ এওঁলোকে সমগ্ৰ ইউপিত ছটিয়াই ৰাখিছিল, সেয়া পুনৰ সকলোৰে সন্মুখলৈ আহি গ'ল। কিন্তু এতিয়া তেওঁলোকে মুখত তলা লগাই বহি আছে, ক্ৰেডিট ল'বলৈ আগবাঢ়ি অহা নাই। নোটৰ যি পাহাৰ সমগ্ৰ দেশে দেখিলে, সেয়াই তেওঁলোকৰ অভিজ্ঞতা, এয়াই তেওঁলোকৰ সত্যতা। ইউপিৰ মানুহে সকলো দেখি আছে, বুজি আছে। সেই কাৰণেই তো ইউপিৰ বিকাশ কৰোতাৰ লগত আছে, ইউপিক নতুন উচ্চতালৈ লৈ যোৱাসকলৰ লগত আছে। ভাতৃ-ভগ্নীসকল, আজি ইমান ডাঙৰ অঞ্জলি আপোনালোকৰ চৰণত অৰ্পণ কৰাৰ সময়ত, বিভিন্ন প্ৰকাৰৰ আনন্দেৰে পৰিপূৰ্ণ এই বাতাবৰণে আজিৰ এই মহত্বপূৰ্ণ উপলক্ষত এবাৰ আকৌ আপোনালোক সকলোকে বহুত বহুত শুভকামনা!! বহুত বহুত ধন্যবাদ। ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! বহুত বহুত ধন্যবাদ।

 

***

 

DS/VJ/AK/SJ



(Release ID: 1786250) Visitor Counter : 124