প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে অহা ২৮ ডিচেম্বৰত কানপুৰ ভ্ৰমণ কৰিব আৰু কানপুৰ মেট্রো ৰে'ল প্রকল্পৰ উদ্বোধন কৰিব


নগৰীয়া যাতায়াত সুগম কৰিবলৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্ব প্ৰতিফলিত কৰিছে প্ৰকল্পই

প্ৰধানমন্ত্ৰীয়ে বিনা-পাংকি মাল্টিপ্ৰডাক্ট পাইপলাইন প্ৰজেক্টো উদ্বোধন কৰিব

Posted On: 26 DEC 2021 4:32PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ২৮ ডিচেম্বৰত কানপুৰ ভ্ৰমণ কৰিব। দুপৰীয়া দেৰটা বজাত তেওঁ কানপুৰ মেট্রো ৰে'ল প্রকল্পৰ সম্পূর্ণ অংশৰ উদ্বোধন কৰিব। অনুষ্ঠানত প্রধানমন্ত্রীয়ে বিনা-পাঙ্কি মাল্টি প্রডাক্ট পাইপলাইন প্রকল্পৰো উদ্বোধন কৰিব। ইয়াৰ আগতে পুৱা ১১-টাত তেওঁ আইআইটি কানপুৰৰ ৫৪-তম সমাবর্তন অনুষ্ঠানত যোগ দিব।

 

চহৰৰ যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনত বিশেষ গুৰুত্ব দিছে প্রধানমন্ত্রীয়ে। কানপুৰ মেট্রো ৰে'ল প্রকল্পৰ সম্পূর্ণ অংশৰ উদ্বোধন ইয়াৰে এটা পদক্ষেপ। আইআইটি কানপুৰৰ পৰা মোতি ঝিল পর্যন্ত ৯ কিলোমিটাৰ দীর্ঘ এই মেট্রো ৰে'ল প্রকল্প। প্রধানমন্ত্রীয়ে সেইদিনা কানপুৰ মেট্রো ৰে'ল প্রকল্প পৰিদর্শন কৰিব আৰু আইআইটি মেট্রো ষ্টেচনৰ পৰা গীতানগৰ পর্যন্ত মেট্রো ভ্ৰমণ কৰিব। কানপুৰ মেট্রো ৰে'ল প্রকল্পত যাত্রাপথৰ দৈর্ঘ্য মুঠ ৩২ কিলোমিটাৰ। ১১ হাজাৰ কোটি টকাৰো বেছি অর্থ ব্যয়েৰে এই প্রকল্প নির্মিত হৈছে।

 

প্রধানমন্ত্রীয়ে সেইদিনা বিনা-পাঙ্কি মাল্টি প্রডাক্ট পাইপলাইন প্রকল্পৰ উদ্বোধন কৰিব। ৩৫৬ কিঃমিঃ দীর্ঘ এই প্রকল্পৰ বার্ষিক তেল ধাৰণ ক্ষমতা ৩.৪৫ মিলিয়ন মেট্রিক টন। মধ্যপ্রদেশৰ বিনা শোধনাগাৰৰ পৰা কানপুৰৰ পাঙ্কি পর্যন্ত এই পাইপলাইনটো প্রসাৰিত। ১,৫০০ কোটি টকাৰো বেছি অর্থ ব্যয়েৰে এইটো নির্মিত হৈছে। এই প্রকল্প গঢ়ি উঠাৰ ফলত বিনা শোধনাগাৰৰ পৰা খুব সহজেই পেট্রোলিয়ামজাত পণ্য পোৱা সম্ভৱপৰ হ'ব।

 

আইআইটি কানপুৰৰ ৫৪-তম সমাবর্তন অনুষ্ঠানত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী প্রধান অতিথি হিচাপে উপস্থিত থাকিব। সমাবর্তনৰ সময়ত জাতীয় ব্লকচেন প্রকল্পৰ আওতাত এই প্রতিষ্ঠানৰ দ্বাৰা প্ৰস্তত ব্লকচেন চালিত প্রযুক্তিৰ মাধ্যমত সমস্ত শিক্ষার্থীক ডিজিটেল ডিগ্রী প্রদান কৰা হ'ব। প্রধানমন্ত্রীয়ে সেইদিনা ব্লকচেন ভিত্তিক ডিজিটেল ডিগ্রী প্রদান ব্যৱস্থাপনাৰ সূচনা কৰিব। এই ডিজিটেল ডিগ্রী বিশ্বব্যাপী গ্রহণযোগ্য আৰু এক অবিস্মৰণীয় পদক্ষেপ।

 

***

 

DS/SH



(Release ID: 1786014) Visitor Counter : 159