পোষ্ট কৰা হৈছে:
26 DEC 2021 9:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ডিচেম্বৰত মণ্ডি ভ্ৰমণ কৰিব আৰু ১১,০০০কোটি টকা বিনিয়োগৰে নিৰ্মিত হ’বগীয়া এলানি জলবিদ্যুত প্ৰকল্পৰ শিলান্যাস তথা উদ্বোধন কৰিব। এইসমূহ প্ৰকল্পই অঞ্চলটোত অব্যৱহৃত হৈ থকা জলবিদ্যুতৰ সম্ভৱনীয়তাৰ সদ্ব্যৱহাৰৰ গুৰুত্বক প্ৰতিম্বিত কৰিব বুলি আশা কৰা হৈছে।
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ‘ৰেণুকাজি বান্ধ প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই প্ৰধানমন্ত্ৰীয়ে পোষণ কৰা ‘সমভাগী যুক্তৰাষ্ট্ৰীয়তাৰ আধাৰ’ত ছয় ভনীক একত্ৰিত কৰাটো সম্ভৱ কৰিব বুলিও আশা কৰা হৈছে।
এই প্ৰকল্পই লক্ষণীয় হাৰত পানীৰ যোগানৰে দিল্লীক অপৰিসীম ভাবে উপকৃত কৰাটো নিশ্চিত কৰিব বুলিও ধাৰণা কৰা হৈছে।
একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ‘লুহ্ৰি-১ জলবিদ্যুত প্ৰকল্প’ আৰু ‘ঢৌলাসিধ জলবিদ্যুত প্ৰকল্প’ৰো আধাৰশিলা স্থাপন কৰিব। আনহাতে তেওঁ মুকলি কৰিব ‘সাৱৰা-কুড্ডা জলবিদ্যুত প্ৰকল্প’ৰ দ্বাৰ।
ইয়াৰ পূৰ্বে দিনৰ ১১.৩০বজাত তেওঁ ‘হিমাচল প্ৰদেশ গ্লোবেল ইনভেষ্টৰ মীট’ৰ ভূমি-পূজন অনুষ্ঠানত সভাপতিত্ব কৰিব।
উল্লেখ্য যে, আৰম্ভ হোৱা প্ৰকল্পসমূহৰ জৰিয়তে এই সন্মিলনে অঞ্চলটোলৈ প্ৰায় ২৮,০০০কোটি টকাৰ বিনিয়োগক উত্সাহিত কৰিব বুলি আশা কৰা হৈছে।
***
DS/AKJ/KB