প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত গংগা এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 18 DEC 2021 5:56PM by PIB Guwahati

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

শ্ৰী বাবা বিশ্বনাথ আৰু ভগৱান পৰশুৰামৰ চৰণত মোৰ প্ৰণাম। জয় গংগা মাৰ। হৰ-হৰ গংগে। উত্তৰ প্ৰদেশৰ গতিশীল আৰু শক্তিশালী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ বন্ধু বি এল বাৰ্মা জী, সংসদৰ মোৰ সহযোগী সন্তোষ গংগৱাৰ জী, ইউপি চৰকাৰৰ মন্ত্ৰী সুৰেশ কুমাৰ খান্না জী, সতীশ মহানা জী, জিতিন প্ৰসাদ জী, মহেশ চন্দ্ৰ গুপ্তা জী, ধৰ্মবীৰ প্ৰজাপতি জী, সংসদৰ মোৰ আন সহযোগীগণ, ইউপি বিধানসভা আৰু বিধান পৰিষদৰ আন বন্ধু, পঞ্চায়ত সদস্য আৰু বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!

 

কাকোৰীৰ পৰা ক্ৰান্তিৰ চেতনা জাগ্ৰত কৰা, বীৰ শ্বহীদ ক্ৰান্তিকাৰীসকল, ৰামপ্ৰসাদ বিস্মিল, আশফাক উল্লা খান আৰু ৰৌশন সিংহৰ, মই হাতযোৰ কৰি প্ৰণাম জনাইছো, তেওঁলোকৰ চৰণত ধৰিছো। য'ত ইয়াত আপোনালোকৰ আশীৰ্বাদ হৈছে, যে মই ইয়াৰ মাটি মূৰত লগাবলৈ সৌভাগ্য পাইছো, ইয়াৰ পৰাই ওজস্বী কবি দামোদৰ স্বৰূপ বিদ্ৰোহী, ৰাজবাহাদুৰ বিকল, আৰু অগ্নিৱেশ শুক্লই বীৰ ৰসেৰে ক্ৰান্তিধাৰা বোৱাইছিল। ইমানেই নহয়, অনুশাসন আৰু বিশ্বাসযোগ্যতাক সংকল্প হিচাপে লোৱা, স্কাউট গাইডৰ জনক, পণ্ডিত শ্ৰীৰাম বাজপেয়ী জীৰ জনমভূমিও এই ধৰিত্ৰী। এই সকলো মহাপুৰুষৰ চৰণত মোৰ প্ৰণাম।

 

বন্ধুসকল,

 

সংযোগৰ জৰিয়তে কাইলৈকে পণ্ডিত ৰাম প্ৰসাদ বিস্মিল, আশফাক উল্লাহ খান আৰু ঠাকুৰ ৰৌশন সিংহৰ বলিদান দিৱসো আছে। ইংৰাজী সত্বাক প্ৰত্যাহ্বান জনোৱা শাহজাহানপুৰৰ এই তিনিওজন সুপুত্ৰক ১৯ ডিচেম্বৰত ফাঁচী দিয়া হৈছিল। ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা এনেকুৱা বীৰৰ আমাৰ সকলোৰে ওপৰত বহুত ডাঙৰ ঋণ আছে। এই ঋণ আমি কেতিয়াও আদায় কৰিব নোৱাৰো। কিন্তু দেশৰ বিকাশৰ বাবে দিনে-নিশাই পৰিশ্ৰম কৰি, যিখন ভাৰতৰ আমাৰ স্বাধীনতা সেনানীয়ে সপোন দেখিছিল, সেইখন ভাৰতৰ নিৰ্মাণ কৰি, আমি তেওঁলোকক সঁচা কাৰ্যাঞ্জলি দিব পাৰো। আজি শাহজাহানপুৰত, এনেকুৱাই পূণ্য সুযোগ হৈছে, ঐতিহাসিক সুযোগ হৈছে। আজি উত্তৰপ্ৰদেশৰ সবাতোকৈ ডাঙৰ এক্সপ্ৰেছৱে- গংগা এক্সপ্ৰেছৱেৰ ওপৰত কাম আৰম্ভ হৈ আছে।

 

ৰামচৰিত মানসত কোৱা হৈছে- গংগ সকল মুদ মংগল মূলা। সব সুখ কৰনি হৰনি সব সূলা। অৰ্থাৎ, মা গংগা সকলো মংগলৰ, সকলো উন্নতি প্ৰগতিৰ স্ৰোত। মা গংগাই সকলো সুখ দিয়ে, আৰু সকলো কষ্ট হৰণ কৰে। এনেকৈয়ে গংগা এক্সপ্ৰেছৱেয়ো ইউপিৰ প্ৰগতিৰ নতুন দুৱাৰ মুকলি কৰিব। মই আজি মেৰঠ, হাপুড়, বুলন্দশহৰ, অমৰোহা, সম্ভল, বদায়ুঁ, শাহজাহানপুৰ, হৰদোই, উন্নাও, ৰায়বৰেলী, প্ৰতাপগঢ় আৰু প্ৰয়াগৰাজৰ প্ৰতিজন নাগৰিকক, সকলো লোকক বিশেষ অভিনন্দন জনাইছো। প্ৰায় ৬০০ কিলোমিটাৰৰ এই এক্সপ্ৰেছৱেৰ ওপৰত ৩৬ হাজাৰ কোটি টকাৰ অধিক খৰচ কৰা হ'ব। এই গংগা এক্সপ্ৰেছৱেই নিজৰ লগত এই ক্ষেত্ৰলৈ নতুন উদ্যোগ আনিব, বহুত সংস্থাপন, হাজাৰ-হাজাৰ নজোৱানৰ বাবে বহু নতুন সুযোগ আনিব।

 

বন্ধুসকল,

 

উত্তৰ প্ৰদেশ জনসংখ্যাৰ লগতে ক্ষেত্ৰৰ দিশতো সিমানেই ডাঙৰ, এটা মূৰৰ পৰা আনটো মূৰলৈ প্ৰায় এহাজাৰ কিলোমিটাৰ। ইমান ডাঙৰ ইউপিক চলাবলৈ যি সাহসৰ প্ৰয়োজন, যি সাহসী কামৰ প্ৰয়োজন, সেয়া আজি ডবল ইঞ্জিনৰ চৰকাৰে কৰি দেখুৱাই আছে।সেই দিন দূৰত নহয় যেতিয়া ইউপিৰ পৰিচয়, নেক্সট জেনেৰেচন ইনফ্ৰাষ্ট্ৰাকচাআৰযুক্ত সবাতোকৈ আধুনিক ৰাজ্য হিচাপে হ'ব। এয়া যি আজি ইউপিত এক্সপ্ৰেছৱেৰ জাল বিয়পি আছে, যি নতুন এয়াৰপৰ্ট বনাই থকা হৈছে,নতুন ৰে'লৱে ৰুট হৈ আছে, সেয়া ইউপিৰ জনসাধাৰণৰ বাবে অনেক বৰদান একেলগেই লৈ আহিছে। প্ৰথম বৰদান-মানুহৰ সময় ৰাহি। দ্বিতীয় বৰদান-মানুহৰ সুচলতা বৃদ্ধি, সুবিধা বৃদ্ধি। তৃতীয় বৰদান-ইউপিৰ সম্পদৰ সঠিক আৰু উত্তমতকৈও উত্তম ব্যৱহাৰ। চতুৰ্থ বৰদান-ইউপিৰ সামৰ্থ্য বৃদ্ধি, পঞ্চম বৰদান-ইউপিত চাৰিওফালৰ সমৃদ্ধি।

 

বন্ধুসকল,

 

এখন চহৰৰ পৰা আন এখন চহৰলৈ যাবৰ বাবে এতিয়া আপোনালোকক বেছি সময় নালাগে, যিমান আগতে লাগিছিল। আপোনালোকৰ সময় ট্ৰেফিক জামত বৰবাদ নহ'ব, আপোনালোকে ইয়াৰ ভাল ব্যৱহাৰ কৰিব পাৰিব। ইউপিৰ ১২খন জিলাক সংযুক্ত কৰা এই এক্সপ্ৰেছৱেই পূব আৰু পশ্চিম ইউপিকেই ওপৰ চপাই নানে বৰং একপ্ৰকাৰ দিল্লীৰ পৰা বিহাৰলৈ অহা-যোৱাৰ সময়ো কম কৰি দিব। যেতিয়া এই এক্সপ্ৰেছৱে সাজু হৈ যাব তেতিয়া ইয়াৰ ওচৰৰ উদ্যোগৰ বহুত ডাঙৰ ক্লাষ্টাৰ তৈয়াৰ হ'ব। যি ইয়াৰ কৃষকৰ বাবে, পশুপালকৰ বাবে তো নতুন সুযোগ সৃষ্টি কৰিবই, ইয়াৰ এমএছএমইৰ বাবেও, লঘু উদ্যোগৰ বাবেও নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। বিশেষকৈ ফুড প্ৰছেচিং উদ্যোগৰ বাবে যি অসীম সম্ভাৱনা ইয়াত সৃষ্টি হ'ব তাৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিত সহায় হ'ব। অৰ্থাৎ কৃষক হওক বা নজোৱান, এই সকলোৰে বাবে অনন্ত সম্ভাৱনাৰ এক্সপ্ৰেছৱে।

 

বন্ধুসকল,

 

ইউপিত আজি যি আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণ হৈ আছে, সি দেখুৱাইছে যে সম্পদৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰা হয়। আগতে জনসাধাৰণৰ পইচাৰ কি-কি ব্যৱহাৰ হৈছিল,  এয়া আপোনালোকে ভালদৰেই দেখিলে। দেখিলেনে? কি কি হৈছিল জানে নহয়? মনত আছে নে পাহৰি গ'ল? কিন্তু আজি উত্তৰ প্ৰদেশৰ পইচা উত্তৰ প্ৰদেশৰ বিকাশত লগাই থকা হৈছে। আগতে এনেকুৱা ডাঙৰ পৰিকল্পনাবিলাক কাগজত এই কাৰণেই আৰম্ভ হৈছিল যাতে তেওঁলোকে নিজৰ ছন্দুক ভৰাব পাৰে। আজি এনেকুৱা পৰিকল্পনাবিলাকৰ ওপৰত এই কাৰণেই কাম হৈ আছে যাতে ইউপিৰ মানুহৰ পইচা বাচে। আপোনালোকৰ পইচা আপোনালোকৰ জেপত থাকে।

 

আৰু ভাতৃ আৰু ভগ্নীসকল,

 

যেতিয়া সময় বাচে, সুবিধা বাঢ়ে, সম্পদৰ সঠিক ব্যৱহাৰ হয়, তেতিয়াই সামৰ্থ্য বাঢ়ে। আৰু যেতিয়াই সামৰ্থ্য বাঢ়ে তেতিয়া সমৃদ্ধি নিজে নিজেই আহিবলৈ আৰম্ভ  হয়। আজি ডবল ইঞ্জিনৰ চৰকাৰত ইউপিৰ বৰ্ধমান সামৰ্থ্য আমি সকলোৱে দেখি আছো। পূৰ্বাঞ্চল এক্সপ্ৰেছ হওক বা দিল্লী-মেৰঠ এক্সপ্ৰেছৱে, কুশীনগৰ ইণ্টাৰনেচনেল এয়াৰপৰ্ট হওক বা ডেডিকেটেড ফ্ৰেট কৰিডৰৰ মহত্বপূৰ্ণ ফেজ, এনেকুৱা বহু প্ৰজেক্ট জনসেৱাৰ বাবে সমৰ্পিত হৈছে। এই যিমানেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাই আছো, সেয়া মাল্টি পাৰপজো, তাত মাল্টিমডেল কানেক্টিভিটিৰো সিমানেই মনোযোগ দিয়া হৈছে।

 

বন্ধুসকল,

 

২১শ শতিকাত, যিকোনো দেশৰ প্ৰগতিৰ বাবে, যিকোনো প্ৰদেশৰ প্ৰগতিৰ বাবে হাই স্পীড কানেক্টিভিটি, সবাতোকৈ ডাঙৰ প্ৰয়োজন। যেতিয়া সমান প্ৰগতিৰে নিজৰ লক্ষ্যত উপনীত হ'ব তেতিয়া ব্যয় কম হ'ব। যেতিয়া ব্যয় কম হ'ব তেতিয়া বেপাৰ বাঢ়িব। যেতিয়া বেপাৰ বাঢ়িব তেতিয়া ৰপ্তানি বাঢ়িব, দেশৰ অৰ্থনৈতিক ব্যৱস্থা বাঢ়িব। সেয়ে গংগা এক্সপ্ৰেছৱেই ইউপিৰ বিকাশক গতিও দিব, আৰু ইউপিক শক্তিও দিব। ই পিএম গতি শক্তি নেচনেল মাষ্টাৰ প্লেনৰ পৰাও বহুত ডাঙৰ সহায় পাব। এই এক্সপ্ৰেছৱে বনাবলৈ যি নতুন দলং নিৰ্মাণ হ'ব, অভাৰব্ৰীজ হ'ব, যিয়েই অন্য প্ৰয়োজনবোৰ হ'ব, তাৰ অনুমতিও এতিয়া বহুত দ্ৰুত গতিত আগবাঢ়িব। ভৱিষ্যতে পশ্চিম উত্তৰ প্ৰদেশৰ কাৰ্গো কণ্টেনাৰ, বাৰাণসীৰ ড্ৰাই প'ৰ্টৰ মাধ্যমত পোনে পোনেই হল্দিয়া প'ৰ্টলৈ পঠিয়াব পাৰিব। অৰ্থাৎ গংগা এক্সপ্ৰেছৱেৰ পৰা লাভ হ'ব- শস্য উৎপাদন কৰা লোকৰ, আমাৰ উদ্যমৰ, আমাৰ উদ্যোগৰ, উৎপাদনত নিয়োজিত, মেনুফেকচাৰিঙত নিয়োজিত, সকলো সৰুসুৰা বন্ধুসকল ৰ, কাৰবাৰীসকলৰ, মেহনতী নাগৰিকসকলৰ।

 

ভাতৃ আৰু ভগ্নীসকল,

 

যেতিয়াই সমগ্ৰ ইউপি একেলগে আগবাঢ়িব, তেতিয়াই দেশ আগবাঢ়িব। সেয়ে ডবল ইঞ্জিনৰ চৰকাৰৰ ফকাছ ইউপিৰ বিকাশত আছে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মন্ত্ৰৰে আমি ইউপিৰ বিকাশৰ বাবে জানে-প্ৰাণে লাগি আছো, সততাৰে কামত লাগি আছো। আপোনালোকে পুৰণি দিনক মনত পেলাওক, পুৰণি সিদ্ধান্তবোৰ মনত পেলাওক, পুৰণি কামকাজৰ পদ্ধতিবোৰ মনত পেলাওক। আপোনালোকে পৰিষ্কাৰকৈ দেখা পাব। এতিয়া ইউপিত ভেদভাব নাই, সকলোৰে মংগল হৈছে। আপোনালোকে মনত পেলাওক পাঁচ বছৰৰ আগৰ অৱস্থা। ৰাজ্যৰ কিছুমান অঞ্চলক যদি বাদ দিয়া হয় তেন্তে আন চহৰ আৰু গাঁও-ভূইত বিজুলি বিচাৰি পোৱা নগৈছিল। এনেকুৱাই হৈছিল নহয়? অলপ জোৰেৰে কওক এনেকুৱাই হৈছিল নহয়নে? কিছুমান লোকৰ হে মংগল হৈছিল নহয়নে? কিছুমান মানুহৰ লাভৰ বাবেহে কাম হৈছিল নহয়নে? ডবল ইঞ্জিনৰ চৰকাৰে কেৱল ইউপিতে প্ৰায় ৮০ লাখ বিনামূলীয়া বিজুলিৰ সংযোগ দিয়া নাই, বৰং প্ৰত্যেক জিলাক আগতকৈ কেইবাগুণ বেছি বিদ্যুৎ দি থকা হৈছে। দুখীয়াৰ ঘৰক লৈও আগৰ চৰকাৰে কেতিয়াও গম্ভীৰতা দেখুওৱা নাছিল। এতিয়া যোগী জীয়ে বৰ্ণনা কৰি আছিল যে কাশীত মোদীজীয়ে শিৱ জীৰ পূজা কৰে আৰু তাৰ পৰা ওলোৱাৰ পিছতে শ্ৰমিকসকলৰ পূজা কৰে। শ্ৰমিকসকলক পুষ্পবৃষ্টি কৰি তেওঁলোকক অভিনন্দন জনাওঁ।

 

ভাতৃ-ভগ্নীসকল,

 

সেইসকল তো কেমেৰাৱালা আছিল সেয়ে আপোনালোকৰ দৃষ্টিত আহিছিল কিন্তু আমাৰ চৰকাৰে তো দিনেনিশাই কাম কৰে, গৰীবৰ কাৰণে। আমাৰ চৰকাৰে ইউপিত ৩০লাখতকৈ অধিক গৰীবক পকা ঘৰ বনাই দিছে।

 

ভাতৃ ভগ্নীসকল,

 

যেতিয়া নিজৰ পকা ঘৰ হয় তেতিয়া সন্মানেৰে জীয়াই থকাৰ মন হয় নে নহয়? শিৰ উচ্চ হয় নে নহয়? বুকু ফুলি উঠে নে নুঠে? গৰীবেও দেশৰ বাবে কিবা কৰাৰ ইচ্ছা কৰে নে নকৰে? যদি মোদীয়ে এই কাম কৰে তেন্তে ঠিক আছে নে নাই? ৩০ লাখ গৰীবে নিজৰ পকা ঘৰ পাইছে, আমি তেওঁলোকৰ আশীৰ্বাদ পাম নে নাই? তেওঁলোকৰ আশীৰ্বাদেৰে আমি শক্তি পাম নে নাপাম? সেই শক্তিৰে আমি আপোনালোকৰ বেছি সেৱা কৰিব পাৰিম নে নোৱাৰিম? আমি জানে-প্ৰাণে আপোনালোকৰ বাবে কাম কৰিম নে নকৰিম?

 

ভাতৃ-ভগ্নীসকল,

 

ইয়াত শাহজাহানপুৰতো কেতিয়াবা কোনোবাই ভাবিছিল। সমগ্ৰ উত্তৰ প্ৰদেশত ইমান কাম কেতিয়াও হোৱা নাছিল। অকল আমাৰ ইয়াত শাহজাহানপুৰতো ৫০ হাজাৰ মানুহে পকা ঘৰ পাইছে, তেওঁলোকৰ জীৱনৰ সবাতোকৈ ডাঙৰ সপোন পূৰণ হ'ল। যিসকল লোকে এতিয়াও পিএম আৱাস যোজনাৰ ঘৰ পোৱা নাই, তেওঁলোকৰ বাবে ঘৰ অতি সোনকালে হওক, ইয়াৰ বাবেও মোদী আৰু যোগীয়ে দিনেনিশাই কাম কৰি আছে আৰু কৰি থাকিব। অলপতে আমাৰ চৰকাৰে ইয়াৰ বাবে ২ লাখ কোটি টকা স্বীকৃতি দিছে। কিমান- দুই লাখ কোটি টকা। আৰু কি কামৰ বাবে- দুখীয়াৰ পকা ঘৰ বনাবৰ বাবে। এই সম্পত্তি আপোনালোকৰ, আপোনালোকৰ বাবে, আপোনালোকৰ সন্তানসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বন্ধুসকল। পৰিয়ালৰ মংগলৰ বাবে আপোনালোকৰ পইচাৰ অপব্যৱহাৰ আমি কৰিব নোৱাৰো। আমি আপোনালোকৰ বাবেই কাম কৰো মোৰ ভাতৃ-ভগ্নীসকল।

 

ভাতৃ আৰু ভগ্নীসকল,

 

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আজি দুখীয়াৰ দুখ বুজি পোৱা, দুখীয়াৰ বাবে কাম কৰা চৰকাৰ হৈছে। প্ৰথমবাৰ ঘৰ, বিদ্যুৎ, পানী, পথ, শৌচালয়, গেছ কানেকচন, এনেকুৱা প্ৰাথমিক সুবিধাৱলীক ইমান অগ্ৰাধিকাৰ দিয়া হৈছে। বিকাশৰ এনেকুৱাই কামেই দুখীয়া, দলিত, বঞ্চিত, পিছপৰা লোকৰ জীৱন সলনি কৰে। আপোনালোকে এই ঠাইৰে অৱস্থা মনত পেলাওক,আগতে ইয়াত ৰাতি-বিয়লি কিবা ইমাৰ্জেঞ্চী হৈছিল, কাৰোবাক হাস্পতালৰ প্ৰয়োজন হৈছিল, তেন্তে হৰদোই, শাহজাহানপুৰ, ফৰুখাবাদৰ মানুহে লক্ষ্ণৌ, কানপুৰ, দিল্লীলৈ যাবলগীয়া হৈছিল। ইয়াত সিমান হাস্পতাল নাছিল, আৰু অন্য চহৰলৈ যাবৰ বাবে পথো নাছিল। আজি ইয়াত ৰাস্তাও নিৰ্মাণ হ'ল, এক্সপ্ৰেছৱেও নিৰ্মাণ হ'বলৈ গৈ আছে, আৰু মেডিকেল কলেজো খোলা হৈছে। হৰদোই আৰু শাহজাহানপুৰ, দুয়ো ঠাইতে এখন এখন মেডিকেল কলেজ! এনেকৈয়ে ইউপিত কেইবাডজন নতুন মেডিকেল কলেজ যোগী জীয়ে খুলিছে, তেওঁৰ সম্পূৰ্ণ টীমে। এনেকৈয়ে হয় সাহসী কাম, সৎ কাম।

 

ভাতৃ আৰু ভগ্নীসকল,

 

যিয়েই সমাজত পিছপৰি আছে, পিছপৰা, তেওঁলোকক শক্তিশালী কৰা, বিকাশৰ লাভ তেওঁলোকলৈকে পোৱাই দিয়া, এয়া আমাৰ চৰকাৰৰ প্ৰাথমিকতা। যোৱা বছৰবিলাকত বীজৰ পৰা বজাৰলৈকে যি ব্যৱস্থা আমি বনাইছো, তাত দেশৰ সেই ৮০ শতাংশতকৈ অধিক ক্ষুদ্ৰ কৃষকক অগ্ৰাধিকাৰ দিয়া হৈছে, যাৰ ওচৰত ২ হেক্টৰতকৈও কম মাটি আছে। এমএছপিত ৰেকৰ্ড বৃদ্ধি, ৰেকৰ্ড চৰকাৰী ক্ৰয় আৰু পইচা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ যোৱাত ক্ষুদ্ৰ কৃষকে বহুত সকাহ পাইছে।

 

বন্ধুসকল,

 

আমাৰ ফ'কাছ দেশত জলসিঞ্চনৰ পৰিধি বিস্তাৰ কৰাত। জলসিঞ্চনৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ওপৰত। সেয়ে ১ লাখ কোটি টকা আজি গ্ৰামীণ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত, ভাণ্ডাৰণ, ক'ল্ড ষ্ট'ৰেজৰ দৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত খৰচ কৰি থকা হৈছে। আমাৰ প্ৰয়াস গাঁৱৰ ওচৰতে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ কৰাৰ, যাৰ জৰিয়তে সোনকালে নষ্ট হোৱা, অধিক দাম দিয়া ফল-পাচলিৰ খেতি কৃষকে যিমান পাৰে বেছি যাতে কৰিব পাৰে আৰু সোনকালে বাহিৰত পোৱাব পাৰে। ইয়াৰ জৰিয়তে ফুড প্ৰচেছিং উদ্যোগৰো দ্ৰুতগতিত বিস্তাৰ হ'ব পাৰিব আৰু গাঁৱৰ ওচৰতে সংস্থাপনৰ নতুন সম্ভাৱনা সৃষ্টি হ'ব।

 

ভাতৃ আৰু ভগ্নীসকল,

 

যোৱা বছৰবিলাকত আমি কুঁহিয়াৰ খেতিয়কৰ কেইবা দশকৰ পুৰণি সমস্যা সততাৰে দূৰ কৰিবলৈ নতুন বিকল্প, নতুন সমাধান বিচাৰিবলৈ প্ৰয়াস কৰিছো। আজি ইথানলৰ পেট্ৰ'লত ব্লেণ্ডিঙকো অভূতপূৰ্ব উদগণি দি থকা হৈছে। ইয়াৰ ফলত কেঁচা তেল মগোৱাত দেশৰ পইচা তো বাচিছেই, দেশৰ চেনী খণ্ডও শক্তিশালী হৈ আছে।

 

ভাতৃ আৰু ভগ্নীসকল,

 

আমাৰ ইয়াত কিছুমান ৰাজনৈতিক দল এনেকুৱা আছে যাৰ দেশৰ ঐতিহ্যক লৈও সমস্যা হয় আৰু দেশৰ বিকাশক লৈও সমস্যা হয়। দেশৰ ঐতিহ্যক লৈ সমস্যা এই কাৰণেই, কিয়নো এওঁলোকক নিজৰ ভোট বেংকৰ চিন্তাই অধিক ব্যাকুল কৰে। দেশৰ বিকাশৰ সৈতে সমস্যা এই কাৰণেই, কিয়নো দুখীয়াৰ, সাধাৰণ মানুহৰ এওঁলোকৰ ওপৰত নিৰ্ভৰশীলতা দিনেদিনে কম হৈ আহিছে। এওঁলোকেই আতংকৰ গৰাকীবিলিকৰ বিৰুদ্ধে সেনাৰ তৎপৰতাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে। এইসকল লোকেই ভাৰতীয় বৈজ্ঞানিকে বনোৱা মেড ইন ইণ্ডিয়া কৰোণা ভেকচিনক কাঠগড়াত থিয় কৰাই দিয়ে।

 

ভাতৃ আৰু ভগ্নীসকল,

 

এই প্ৰদেশ, এই দেশ বহুত ডাঙৰ, বহুত মহান, চৰকাৰ আগতেও আহি গৈ থাকে। দেশৰ বিকাশৰ, দেশৰ সামৰ্থ্যৰ উৎসৱ আমি সকলোৱে মুকলি মনেৰে পালন কৰা উচিত। চৰকাৰে যেতিয়া সঠিকভাৱে কাম কৰে, তেতিয়া কি পৰিণাম আহে এয়া যোৱা ৪-৫ বছৰত ইউপিয়ে অনুভৱ কৰিছে। যোগী জীৰ নেতৃত্বত ইয়াত চৰকাৰ হোৱাৰ আগতে, পশ্চিম ইউপিত আইন ব্যৱস্থাৰ কি স্থিতি আছিল, ইয়াৰ সৈতে আপোনালোক ভালদৰেই পৰিচিত। কন্যাসকলৰ সুৰক্ষাক লৈ নিতৌ প্ৰশ্ন উঠিছিল। কন্যাসকলৰ স্কুল কলেজ যোৱাও বিপদজনক হৈ পৰিছিল। কেতিয়া ক'ত দাংগা হয়, ক'ত অথন্তৰ হয়, কোনেও ক'ব নোৱাৰিছিল। এয়া আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদে আমাক দিনেনিশাই কাম কৰাৰ প্ৰেৰণা দিছে ভাতৃ আৰু ভগ্নীসকল। কিন্তু যোৱা চাৰে চাৰি বছৰত যোগী জীৰ চৰকাৰে স্থিতি সংশোধন কৰিবলৈ বহুত পৰিশ্ৰম কৰিছে। সেয়ে আজি সমগ্ৰ ইউপিৰ জনসাধাৰণে কৈ আছে- ইউপি + যোগী, বহুত উপযোগী। ইউপি + যোগী, বহুত উপযোগী, ইউপি + যোগী, বহুত উপযোগী। মই আকৌ ক'ম- U.P.Y.O.J.I., ইউপি + যোগী, বহুত উপযোগী।

 

বন্ধুসকল,

 

মই ইয়াৰ আৰু এটা উদাহৰণ দিছো। এতিয়া কেইদিনমানৰ আগতে মই এটা খবৰ দেখিছিলো। এই খবৰ হৈছে আমাৰ সামৰ্থ্যবান চহৰ মেৰঠৰ, কিন্তু সমগ্ৰ ইউপি, দিল্লী এনচিআৰ আৰু দেশৰ বাকী ৰাজ্যয়ো এই কথা জনা দৰকাৰ।

 

ভাতৃ আৰু ভগ্নীসকল,

 

মেৰঠত এটা অট্টালিকা আছে, এখন বজাৰ আছে -সোতীগঞ্জ। এই সোতীগঞ্জ দেশজুৰি ক'ৰবাত গাড়ীৰ চুৰি হওক, সেয়া কাটিবলৈ, বেয়া ব্যৱহাৰৰ বাবে মেৰঠৰ সোতীগঞ্জলৈকে আহিছিল। দশক দশক ধৰি এনেকুৱাই চলি আছিল। যি চুৰি কৰা গাড়ীৰ কটাৰ গৰাকী আছিল, তেওঁৰ ওপৰত ব্যৱস্থা হ'ল, আগৰ চৰকাৰসমূহৰ সাহস নাছিল। এই কামো এতিয়া সাহসী যোগীজীৰ চৰকাৰ আৰু স্থানীয় প্ৰশাসনে কৰিলে। এতিয়া সোতীগঞ্জৰ এই ক'লা বেপাৰীৰ বজাৰ বন্ধ কৰি দিয়া হৈছে।

 

ভাতৃ আৰু ভগ্নীসকল,

 

যি মাফিয়াৰ সংগ পছন্দ কৰে, তেওঁ মাফিয়াৰেই ভাষা ক'ব। আমিতো সেইসকলৰ গুণগান কৰিম, যি নিজৰ তপ আৰু ত্যাগেৰে এই দেশক বনাইছে। স্বাধীনতাৰ অমৃত মহোৎসৱ এই ভাবনাৰে প্ৰতীক। দেশৰ স্বাধীনতাৰ বাবে জীৱন সমৰ্পিত কৰাসকলক তেওঁলোকৰ উচিত স্থান দিয়া, এয়া আমি সকলো দেশবাসীৰ কৰ্তব্য, আমাৰ দায়িত্ব। এই লগ্নতে শাহজাহানপুৰত শ্বহীদ সংগ্ৰহালয়ৰ নিৰ্মাণ কৰি থকা হৈছে। সংগ্ৰহালয়ত শ্বহীদসকলৰ স্মৃতিক সংযোগ কৰা হৈছে। এনে প্ৰয়াসৰ জৰিয়তে ইয়ালৈ অহা প্ৰজন্মই ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পনৰ প্ৰেৰণা সদায় পাই থাকিব। আপোনালোকৰ আশীৰ্বাদত ইউপিৰ বিকাশৰ এই কৰ্মযোগ এনেকৈয়ে নিৰন্তৰ অব্যাহত থাকিব। পূব হওক বা পশ্চিম, অৱধ হওক বা বুন্দেলখণ্ড, উত্তৰ প্ৰদেশৰ প্ৰতিটো কোণক বিকশিত কৰাৰ অভিযান অব্যাহত থাকিব। এবাৰ আকৌ আপোনালোক সকলোকে গংগা এক্সপ্ৰেছৱেৰ বহুত বহুত অভিনন্দন জনাইছো, বহুত বহুত শুভকামনা জনাইছো।

 

মোৰ সৈতে জোৰেৰে কওক,

 

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

বহুত বহুত ধন্যবাদ।

 

***

 

DS/AKJ/AK/DK



(Release ID: 1783866) Visitor Counter : 145