যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

অলিম্পিকত ভাৰতৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ মিছন অলিম্পিক চেল (MOC) ত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সংখ্যা দুগুণ কৰিলে ক্ৰীড়া মন্ত্ৰালয়ে


ভাৰতৰ অলিম্পিকৰ প্ৰস্তুতি পৰিচালনা কৰিব প্ৰাক্তন খেলুৱৈসকলে- মিছন অলিম্পিক চেল পুনৰ গঠন

মনালিছা বৰুৱা মেহতাই মিছন অলিম্পিক চেলৰ দায়িত্ব অব্যাহত ৰাখিব

Posted On: 02 DEC 2021 4:13PM by PIB Guwahati

মিছন অলিম্পিক চেল (MOC) ক পূৰ্বতকৈ অধিক খেলুৱৈ-কেন্দ্ৰিক কৰি তুলিবলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ইয়াক পুনৰাই গঠনেৰে ইয়াৰ মূল সদস্য হিচাপে প্ৰাক্তন খেলুৱৈৰ সংখ্যা দুগুণ কৰিলে। এমঅ’চিয়ে মন্ত্ৰালয়টোৰ টাৰ্গেট অলিম্পিক পডিয়াম (TOPS) উদ্যোগৰ জৰিয়তে ভাৰতৰ অলিম্পিকৰ প্ৰস্তুতি চলায়। বিশ্ব ক্ৰীড়া মঞ্চখনত ভাৰতৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈকে এনে কৰা হৈছে।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে যোৱা অলিম্পিকৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয়। তেওঁ কয়, "সাম্প্ৰতিক এমঅ'চিৰ প্ৰাক্তন খেলুৱৈসকলৰ পৰামৰ্শই টকিঅ', ২০২০ ত অংশগ্ৰহণ আৰু ৭ টা পদক ও পেৰা অলিম্পিক গেমছত ১৯ টাকৈ পদক অৰ্জন কৰা খেলুৱৈসকলৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাত সহায়ত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।"

এতিয়া পুনৰাই গঠিত এমঅ'চিত থাকিব ভাৰতৰ ফুটবলৰ প্ৰাক্তন অধিনায়ক ভাইচুং ভুটিয়া, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ লং জাম্পত পদক বিজয়ী অঞ্জু ববি জৰ্জ, ভাৰতৰ হকীৰ প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিং, ৰাইফল শ্বুটিঙৰ কিংবদন্তি অঞ্জলি ভাগৱত, হকীৰ প্ৰাক্তন অধিনায়ক আৰু অলিম্পিক গ’ল্ড কোৱেষ্টৰ চিইঅ'  বীৰেন ৰাস্কুইনহা, টেবুল টেনিছ তাৰকা মনালিছা মেহতা আৰু বেডমিণ্টনৰ বিশাৰদ ট্ৰুপ্তি মুৰ্গুণ্ডে।

অলিম্পিয়ান নাবিক আৰু ক্ৰীড়া বিজ্ঞানৰ বিশেষজ্ঞ ডঃ মালৱ শ্ৰফে এমঅ'চিৰ দায়িত্ব অব্যাহত ৰাখিব। ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ অধ্যক্ষ শ্ৰী আদিলে সুমেৰিৱালা আৰু টপছৰ চিইঅ' পুষ্পেন্দ্ৰ গাৰ্গ এমঅ'চিৰ আন প্ৰাক্তন খেলুৱৈ। কেবিনেট মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা, শ্ৰী অজয় সিং ও ব্ৰজ ভূষণ শৰণ সিং তথা ভাৰতীয় আৰ্চাৰী এছ'চিয়েচন, ভাৰতীয় বক্সিং ফেডাৰেচন ও ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ অধ্যক্ষ এমঅ'চিৰ অংশ হ'ব।

মিছন অলিম্পিক চেলঃ বাইচুং ভুটিয়া, অঞ্জু ববি জৰ্জ, অঞ্জলি ভাগৱত, ট্ৰুপ্তি মুৰ্গুণ্ডে, চৰ্দাৰ সিং, বীৰেন ৰাস্কুইনহা, মালৱ শ্ৰফ, মনালিছা মেহতা, ভাৰতীয় অলিম্পিক এছ'চিয়েচন, ভাৰতীয় ৰেষ্টলিং ফেডাৰেচন, ভাৰতীয় আৰ্চাৰী এছ'চিয়েচন আৰু ভাৰতীয় বক্সিং ফেডাৰেচনৰ অধ্যক্ষ, এছএআইৰ কাৰ্য্যবাহী সঞ্চালক (দল); এমৱাইএএছৰ সঞ্চালক (ক্ৰীড়া); টপছৰ চিইঅ’ (আহ্বায়ক) আৰু টপছৰ যুটীয়া চিইঅ’ (সহ-আহ্বায়ক)।

এমঅ’চিৰ অধ্যক্ষতা কৰিব এছএআইৰ সঞ্চালক প্ৰধানে।

 

*****



(Release ID: 1779230) Visitor Counter : 143