প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ক’ভিড ভেকছিনৰ দ্বিতীয় পালি প্ৰদানেৰে দেশত প্ৰথম স্থান লাভৰ বাবে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 06 DEC 2021 2:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ নিৰ্ধাৰিত যোগ্য নাগৰিকসকলক ক’ভিড ভেকছিনৰ দ্বিতীয় পালি প্ৰদানৰে দেশখনত প্ৰথম স্থান লাভৰ বাবে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰে কৰা এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"অলেখ অভিনন্দন @jairamthakurbjp জী। ক’ভিডৰ বিৰুদ্ধে যুঁজত হিমাচলৰ জনসাধাৰণে সমগ্ৰ দেশৰ বাবে এক দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিলে। জনসাধাৰণৰ এই উদ্দীপনাই যুঁজখনত নব্য ভাৰতক নতুন শক্তি প্ৰদান কৰিব।"

 

*****

DS/SH/SB


(रिलीज़ आईडी: 1778708) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam