প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মণিপুৰত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত চলা আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 13 NOV 2021 6:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত অসম ৰাইফলছৰ কনভয়ত ওপৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। তেওঁ আজি শ্বহীদ হোৱা সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ

মণিপুৰত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছোঁ। আজি শ্বহীদ হোৱা সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ আত্মবলিদান কেতিয়াও পাহৰিব পৰা নাযাব। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছোঁ।

,

*****

DS/VJ/AK/KG


(ৰিলিজ আই ডি : 1772242) অতিথি কক্ষ : 160