প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰপ্ৰধানসকলৰ এছচিঅ' পৰিষদৰ ২১ সংখ্যক বৈঠকৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধন

Posted On: 17 SEP 2021 2:22PM by PIB Guwahati

মহামহিম,

নমস্কাৰ!

জয়জয়তে, মই ৰাষ্ট্ৰপতি ৰহমনক এছচিঅ' পৰিষদত সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছো। তাজিক প্ৰেচিডেন্সিয়ে অতি প্ৰত্যাহ্বানপূৰ্ণ বৈশ্বিক আৰু আঞ্চলিক বাতাবৰণত সংস্থাটো দক্ষতাৰে পৰিচালনা কৰিছে। তাজিকিস্তানৰ স্বাধীনতাৰ ৩০ সংখ্যক বাৰ্ষিকীৰ এই বছৰত ভাৰতৰ হৈ মই সকলো তাজিক ভ্ৰাতৃ-ভগ্নী আৰু ৰাষ্ট্ৰপতি ৰহমনলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

 

মহামহিম,

এই বছৰ আমি এছচিঅ'ৰ ২০ সংখ্যক বাৰ্ষিকীও উদযাপন কৰি আছো। সন্তোষৰ কথা এয়ে যে নতুন বন্ধুসকলে এই পৱিত্ৰ অনুষ্ঠানত আমাৰ সৈতে যোগদান কৰিছে। মই ইৰানক এছচিঅ'ৰ নতুন সদস্য ৰাষ্ট্ৰ হিচাপে স্বাগতম জনাইছো। মই তিনি নতুন আলোচনা অংশীদাৰ- চৌদি আৰৱ, ইজিপ্ত আৰু কাটাৰকো স্বাগতম জনাইছো। এছচিঅ'ৰ সম্প্ৰসাৰণে আমাৰ সংস্থাৰ বৰ্ধিত প্ৰভাৱ প্ৰদৰ্শন কৰে। নতুন সদস্য আৰু সংলাপ অংশীদাৰৰ সৈতে এছচিঅ' অধিক শক্তিশালী আৰু অধিক বিশ্বাসযোগ্য হ'ব।

 

মহামহিম,

এছচিঅ'ৰ ২০ সংখ্যক বাৰ্ষিকীও এছচিঅ'ৰ ভৱিষ্যত সম্পৰ্কে চিন্তা কৰাৰ এক যথোপযুক্ত উপলক্ষ। মই বিশ্বাস কৰো যে এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰাজি শান্তি, নিৰাপত্তা আৰু বিশ্বাস-ঘাটিৰে সম্পৰ্কীয় আৰু এই সমস্যাৰাজিৰ মূল কাৰণ হৈছে ক্ৰমবৰ্ধমান মৌলবাদ। আফগানিস্তানৰ শেহতীয়া ঘটনা-প্ৰৱাহে এই প্ৰত্যাহ্বানটো অধিক স্পষ্ট কৰি তুলিছে। এছচিঅ'য়ে এই সন্দৰ্ভত এটা পদক্ষেপ গ্ৰহণ কৰা উচিত।

ইতিহাসৰ পাত লুটিয়ালে আমি দেখিম যে মধ্য এছিয়াৰ অঞ্চলটো পৰিমিত আৰু প্ৰগতিশীল সংস্কৃতি আৰু মূল্যবোধৰ এক দুৰ্গ হৈ আহিছে। চুফীবাদৰ দৰে পৰম্পৰা ইয়াত শতিকা জুৰি বিকশিত হৈ আহিছে আৰু সমগ্ৰ অঞ্চল আৰু বিশ্বখনতে ই বিয়পি পৰিছে। আমি এতিয়াও এই অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যত তেওঁলোকৰ প্ৰভাৱ দেখিবলৈ পাওঁ। মধ্য এছিয়াৰ এই ঐতিহাসিক ঐতিহ্যৰ আধাৰত, এছচিঅ'য়ে মৌলবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ এক উমৈহতীয়া টেমপ্লেটৰ বিকাশ সাধন কৰা উচিত।

ভাৰতত আৰু প্ৰায় সকলো এছচিঅ' দেশতে, ইছলামৰে সম্পৰ্কীয় পৰিমিত, সহনশীল আৰু সামগ্ৰিক প্ৰতিষ্ঠান আৰু পৰম্পৰা আছে। এছচিঅ'ই তেওঁলোকৰ মাজত এক শক্তিশালী নেটৱৰ্কৰ বিকাশ সাধনৰ অৰ্থে কাম কৰা উচিত। এনে প্ৰেক্ষাপটত, এছচিঅ'-আৰএটিএছে কৰা উপযোগী কামৰ মই প্ৰশংসা কৰো। আমি আশা কৰিছো, আমাৰ এছচিঅ' অংশীদাৰসকলে ভাৰতৰ এছচিঅ'-আৰটিএছত প্ৰেচিডেন্সিৰ বাবে আধাৰ গঢ়া কাৰ্য্যকলাপৰ কেলেণ্ডাৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।

 

মহামহিম,

মৌলবাদৰ বিৰুদ্ধে যুঁজ কেৱল আঞ্চলিক নিৰাপত্তা আৰু পাৰস্পৰিক বিশ্বাসৰ বাবেই নহয়, আমাৰ যুৱ প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবেও প্ৰয়োজনীয়। উন্নত বিশ্বখনৰ সৈতে প্ৰতিযোগিতাৰ অৰ্থে, আমাৰ অঞ্চলটো উদীয়মান প্ৰযুক্তিৰাজিৰ অংশীদাৰ হ'ব লাগিব। ইয়াৰ বাবে আমি আমাৰ প্ৰতিভাশালী যুৱক-যুৱতীসকলক বিজ্ঞান আৰু যুক্তিসঙ্গত চিন্তাধাৰাৰ প্ৰতি উৎসাহিত কৰিব লাগিব।

আমি আমাৰ যুৱ উদ্যোগী আৰু ষ্টাৰ্ট-আপসমূহক সংযোগ কৰি এই ধৰণৰ চিন্তা আৰু উদ্ভাৱনীমূলক উদ্দীপনাক প্ৰোৎসাহিত কৰিব পাৰো। এই পন্থাৰে, ভাৰতে যোৱা বছৰ প্ৰথম এছচিঅ' ষ্টাৰ্ট-আপ ফৰাম আৰু যুৱ বিজ্ঞানী সন্মিলন অনুষ্ঠিত কৰিছিল। বিগত বছৰকেইটাত, ভাৰতে ইয়াৰ উন্নয়নৰ যাত্ৰাত সফলতাৰে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে।

বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ অৰ্থে ইউপিআই আৰু ৰূপে কাৰ্ডৰ দৰে প্ৰযুক্তিয়েই হওঁক বা ক’ভিডৰ বিৰুদ্ধে যুঁজখনত আমাৰ আৰোগ্য-সেতু আৰু ক’উইনৰ দৰে ডিজিটেল প্লেটফৰ্মসমূহেই হওঁক, আমি একেদৰে স্বেচ্ছাই এইবোৰ আন দেশৰ সৈতেও আদান-প্ৰদান কৰিছো। আমি এই মুক্ত উৎস প্ৰযুক্তিৰাজি আমাৰ এছচিঅ' অংশীদাৰসকলৰ সৈতেও আদান-প্ৰদান কৰিবলৈ আৰু ইয়াৰ বাবে ক্ষমতা গঢ়া কাৰ্য্যকলাপ আয়োজন কৰিবলৈ সন্তোষ পাম।

 

মহামহিম,

এই অঞ্চলৰ বিশাল অৰ্থনৈতিক সম্ভাৱনাও মৌলবাদ আৰু নিৰাপত্তাহীনতাৰ বাবে অব্যৱহৃত হৈ আছে, সেয়া খনিজ সম্পদেই হওঁক বা আন্তঃএছচিঅ' বাণিজ্যই হওঁক, ইয়াৰ সম্পূৰ্ণ সুবিধা গ্ৰহণৰ অৰ্থে আমি পাৰস্পৰিক যোগাযোগ ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ইতিহাসত মধ্য এছিয়াৰ ভূমিকা মুখ্য আঞ্চলিক বজাৰৰ মাজত সংযোগ সেতু হৈ আহিছে। এইঅঞ্চলৰ সমৃদ্ধিৰ আধাৰো এয়াই আছিল। ভাৰতে মধ্য এছিয়াৰ সৈতে ইয়াৰ যোগাযোগ ব্যৱস্থা বৃদ্ধি কৰিবলৈ অংগীকাৰবদ্ধ।

আমি বিশ্বাস কৰো যে ভাৰতৰ বিশাল বজাৰৰ সৈতে যোগাযোগ স্থাপনেৰে স্থল-বেষ্টিত মধ্য এছিয়াৰ দেশসমূহ যথেষ্ট লাভান্বিত হ'ব পাৰে। দুৰ্ভাগ্যবশতঃ পাৰস্পৰিক বিশ্বাসৰ অভাৱত আজি তেওঁলোকৰ বাবে বহু সংযোগ বিকল্প মুকলি হোৱা নাই। ইৰানৰ চাবাহাৰ বন্দৰত আমাৰ বিনিয়োগ আৰু আন্তৰ্জাতিক উত্তৰ-দক্ষিণ কৰিড’ৰৰ প্ৰতি আমাৰ প্ৰচেষ্টাৰাজি এই বাস্তৱতাৰে চালিত হৈছে।

 

মহামহিম,

যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যিকোনো পদক্ষেপ এক-মুখী পথ হ'ব নোৱাৰে। পাৰস্পৰিক বিশ্বাস নিশ্চিতৰ অৰ্থে যোগাযোগ প্ৰকল্পৰাজি পৰামৰ্শমূলক, স্বচ্ছ আৰু অংশগ্ৰহণমূলক হোৱা উচিত। এই ক্ষেত্ৰত, সকলো দেশৰ প্ৰাদেশিক অখণ্ডতাৰ প্ৰতি সন্মান দৃঢ়বদ্ধ হ'ব লাগে। এই নীতিৰাজিৰ ওপৰত ভিত্তি কৰি, এছচিঅ’য়ে অঞ্চলটোত যোগাযোগ প্ৰকল্পৰাজিৰ বাবে উপযুক্ত নিয়মৰ বিকাশ সাধন কৰিব লাগে।

ইয়াৰ জৰিয়তে আমি এই অঞ্চলৰ পৰম্পৰাগত যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'ম আৰু তেতিয়াহে আমাৰ মাজৰ দূৰত্ব বৃদ্ধি নকৰিবলৈ যোগাযোগ প্ৰকল্পসমূহে আমাক সংযোগ কৰিবলৈ কাম কৰিব। এই প্ৰচেষ্টাৰ বাবে, ভাৰতে ইয়াৰফালৰপৰা যিকোনো বৰঙণি আগবঢ়াবলৈ সাজু।

 

মহামহিম,
 

এছচিঅ'ৰ সফলতাৰ এটা মুখ্য কাৰণ হৈছে ইয়াৰ মূল গুৰুত্ব অঞ্চলটোৰ অগ্ৰাধিকাৰৰ ওপৰত আছিল। মৌলবাদ, যোগাযোগ ব্যৱস্থা আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ ওপৰত মোৰ পৰামৰ্শই এছচিঅ'ৰ এই ভূমিকাক অধিক শক্তিশালী কৰিব। মই শেষ কৰাৰ আগেয়ে, মই আকৌ এবাৰ আমাৰ আয়োজক ৰাষ্ট্ৰপতি ৰহমনক ধন্যবাদ জনাইছো।
 

এই হাইব্ৰিড ফৰ্মেটৰ প্ৰত্যাহ্বান সত্বেও তেওঁ এই সন্মিলন আয়োজন আৰু সফলতাৰে পৰিচালনা কৰিছে। মই তদুপৰি উজবেকিস্তানক এছচিঅ'ৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে শুভেচ্ছা জনাইছো আৰু ভাৰতৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিওঁ।
 

ধন্যবাদ!

*****

DS/AK/SB



(Release ID: 1771881) Visitor Counter : 122