আয়ুষ
azadi ka amrit mahotsav

সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত উদ্ভাৱন আৰু উদ্যোগশীলতাৰ বাবে ইনকিউবেচন চেণ্টাৰ উদ্বোধন কৰিব আয়ুষ মন্ত্ৰীয়ে

Posted On: 26 OCT 2021 11:17AM by PIB Guwahati

২৯ অক্টোবৰ, ২০২১ ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিতব্য এটি কাৰ্য্যসূচীত সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (AIIA) ত উদ্ভাৱন আৰু উদ্যোগশীলতাৰ বাবে ইনকিউবেচন চেণ্টাৰ (AIIA- iCAINE) উদ্বোধন কৰিব আয়ুষ আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে।

আয়ুষ আৰু মহিলা ও শিশু বিকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কলুভায়েও 'পোষণৰ বাবে আয়ুৰ্বেদ' বিষয়বস্তুৰে উদযাপন কৰা ৬ষ্ঠ আয়ুৰ্বেদ দিৱসৰ অংশ হিচাপে আয়োজিত কাৰ্য্যসূচীটোৰ শোভাবৰ্ধন কৰিব।

এই কাৰ্য্যসূচীৰ অংশ হিচাপে ৩০ অক্টোবৰত "আয়ুষ খণ্ডত ষ্টাৰ্ট-আপ- উদ্দেশ্য আৰু সুযোগ (AYUR-UDYAMAH)” শীৰ্ষক এখনি ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰো আয়োজন কৰা হৈছে।

সমগ্ৰ দেশখনৰ আয়ুৰ্বেদ খণ্ডৰ প্ৰতিনিধি আৰু এআইআইএৰ সহযোগত কাম কৰি থকা প্ৰায় ৪০০ আয়ুষ প্ৰতিষ্ঠান আৰু বুজাবুজি চুক্তি (MoU) ৰ অংশীদাৰসকল এই কাৰ্য্যসূচীৰ সাক্ষী হৈ ৰ’ব।

শৈক্ষিক জ্ঞান আহৰণ কৰা উদ্যোগীক উৎসাহিত কৰিবলৈ, সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (AIIA) য়ে ইয়াৰ চৌহদত এক নতুন যুগৰ উদ্যোগৰ এটি গোটত পৰিণতকৰণৰ অৰ্থে ইনকিউবেচন আৰু উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰিছে। এআইআইএক ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, সৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (MSME) অধীনত হ’ষ্ট ইনষ্টিটিউট (HI) হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে যিয়ে উদ্ভাৱকসকললৈ তেওঁলোকৰ ধাৰণা বিকশিত আৰু লালন-পালনৰ সুযোগ প্ৰদান কৰিব।

নতুন যুগৰ উদ্যোগৰ এটি গোটত পৰিণত কৰিবলৈ আৰু শৈক্ষিক জ্ঞানৰ ব্যৱহাৰৰে উদ্যোগীক প্ৰোৎসাহিতকৰণৰ অৰ্থে আয়ুষ মন্ত্ৰালয়ে এআইআইএক প্ৰদান কৰা আদেশৰ অধীনত ইনকিউবেচন কেন্দ্ৰটো স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্ট, ২০২১ ত তেখেতৰ স্বাধীনতা দিৱসৰ সম্বোধনত ভাৰতৰ ষ্টাৰ্টআপ আৰু ষ্টাৰ্টআপ বাতাবৰণটোক বিশ্বখনৰ সৰ্বশ্ৰেষ্ঠ কৰি তোলাৰ অৰ্থে নিৰন্তৰভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কয়, "ষ্টাৰ্টআপসমূহ হৈছে আমাৰ দেশত নতুন ধৰণৰ সম্পদ সৃষ্টিকৰ্তা"। ভাৰত চৰকাৰে আয়ুষ ব্যৱস্থাৰ ঔষধৰ বিকাশ সাধন আৰু প্ৰোৎসাহনৰ অৰ্থে ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জৰিয়তে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি ৰাষ্ট্ৰীয় আয়ুষ মিছন (NAM) ৰ ৰূপায়ণ কৰি আছে।

ওপৰত উল্লেখিতসমূহৰ লগতে, এআইআইএয়ে ১৬ বছৰ বয়সলৈকে শিশুৰ অৰ্থে 'বাল ৰক্ষা কিট' শীৰ্ষক এটি ইমিউনিটি বৰ্ধনকৰ বিকাশ সাধন কৰিছে যাক এই কাৰ্য্যসূচীত শুভাৰম্ভ কৰা হ'ব। আয়ুৰ্বেদ দিৱস উপলক্ষে শিশুসকলক ১০,০০০ বিনামূলীয়া বাল ৰক্ষা কিট বিতৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। শেহতীভাৱে সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰপৰা প্ৰাসঙ্গিক অনুজ্ঞাপত্ৰৰে এটি সু-সজ্জিত ব্লাড বেংকো স্থাপন কৰিছে যাক অনুষ্ঠানটোৰ দিনা উদ্বোধন কৰা হ'ব।

খাদ্য খণ্ডত আয়ুৰ্বেদৰ ক্ষমতা প্ৰদৰ্শনৰ অৰ্থে ভিন্ন উদ্ভাৱনীমূলক ৰেচিপি যেনেঃ ৰেডি-টু-ইট স্বাস্থ্যকৰ খাদ্য আৰু অন্যান্য প্ৰদৰ্শনৰে আয়ুৰ্বেদ ফুড এক্সপ’ হ’ব অনুষ্ঠানটোৰ এক মুখ্য আকৰ্ষণ। ই আয়ুৰ্বেদৰ ভিন্ন অংশীদাৰসকলক এখন চালৰ তলত একত্ৰিতকৰণৰ অৰ্থে আদৰ্শ মঞ্চ হিচাপে ক্ৰিয়া কৰিব।

৩০ অক্টোবৰ, ২০২১ ত, এআইআইএ চৌহদত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় আলোচনাচক্ৰত, আয়ুষ মন্ত্ৰালয়, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়, ক্ষুদ্ৰ, সৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (MSME), আইআইটি, এনচিআইএছএম, এনআইএফটিইএমৰ বিশিষ্ট বক্তাসকল, খাদ্য প্ৰযুক্তিবিদ, উদ্যোগীসকলে তেওঁলোকৰ দক্ষতাৰ অৱতাৰণা কৰিব। খাদ্য খণ্ডত আয়ুৰ্বেদৰ ক্ষমতা প্ৰদৰ্শনৰ অৰ্থে এই কাৰ্য্যসূচীত এক আয়ুৰ্বেদ খাদ্য এক্সপ’ও অনুষ্ঠিত কৰা হ'ব।

এই কাৰ্য্যসূচীত তদুপৰি স্বাস্থ্য খণ্ডৰ দক্ষতা পৰিষদ (HSCC) ৰ অধীনত আয়ুষ উপ খণ্ডৰ দক্ষতা পৰিষদৰ অৰ্থে কোৱালিফিকেশ্যন পেক মুকলি কৰা হ’ব। এআইআইএয়ে ২০১৮ ৰপৰা আয়ুষ খণ্ডত দক্ষতা বিকাশ কাৰ্য্যক্ৰম সম্পাদনৰ ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ অধীনত এক ন’ডেল সংস্থা হিচাপে কাম কৰি আছে আৰু মন্ত্ৰালয়ে এইচএছএছচিৰ অধীনত এআইআইএক দক্ষতা বিকাশত উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে মনোনীত কৰিছে।

 

****

SK/SB


(Release ID: 1767171) Visitor Counter : 168