কেবিনেট

০১-০৭-২০২১ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক ‘মৰগীয়া বানচ’ আৰু পেন্সনাৰসকলক ‘মৰগীয়া সকাহ’ৰ অতিৰিক্ত কিস্তি মোকলাই দিয়াৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন


বৰ্তমানে থকা মূল দৰমহা/পেন্সন-ৰ ২৮%ৰ ওপৰত ৩%ৰ বৃদ্ধিৰ সিদ্ধান্ত

এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ ৪৭.১৪লাখ কৰ্মচাৰী আৰু ৬৮.৬২লাখ পেন্সনাৰক উপকৃত কৰিব

‘মৰগীয়া বানচ’ আৰু ‘মৰগীয়া সকাহ’ৰ বাবদ প্ৰতি বছৰে ৰাজকোষৰ পৰা ওলাই যাব ৯,৪৮৮.৭০কোটি টকা

Posted On: 21 OCT 2021 3:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সভাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলক ০১-০৭-২০২১ৰ পৰা দিবলৈ থকা মৰগীয়া বানচ’/‘মৰগীয়া সকাহ অতিৰিক্ত কিস্তি মোকলাই দিয়াৰ এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে। শেহতীয়া ভাবে হোৱা মূল্যবৃদ্ধিৰ পৰা সকাহ দানৰ উদ্দেশ্যেই বৰ্তমানে থকা মূল দৰমহা/পেন্সনৰ ২৮% ওপৰত % বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সভাই।

সপ্তম কেন্দ্ৰীয় দৰ্মহা আয়োগ পৰামৰ্শৰ আধাৰত গৃহীত সূত্ৰ অনুসৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শেহতীয়া ভাবে দিব খোজা মৰগীয়া বানচ আৰু মৰগীয়া সকাহ বাবদ প্ৰতি বছৰে ৰাজকোষৰ পৰা ,৪৮৮.৭০কোটি টকা ওলাই যাব। এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ ৪৭.১৪লাখ কৰ্মচাৰী আৰু ৬৮.৬২লাখ পেন্সনাৰক উপকৃত কৰিব।

 

****

DS/KB



(Release ID: 1766599) Visitor Counter : 216