নৌ-পৰিবহন মন্ত্ৰালয়

জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ কাৰ্গ’ টাৰ্মিনেল, টুৰিষ্ট জেটি আৰু ৰিভাৰ ফ্ৰণ্ট উন্নয়নৰ অৰ্থে ক্ষেত্ৰ পৰিদৰ্শন কৰিলে


ভাৰতৰ এক প্ৰধান নদী বন্দৰ হিচাপে ডিব্ৰুগড়ৰ হৃত গৰিমা ঘূৰাই আনিব বুলি ক’লে

Posted On: 24 OCT 2021 4:56PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত প্ৰস্তাৱিত কাৰ্গ’ টাৰ্মিনেল, টুৰিষ্ট জেটি আৰু ৰিভাৰ ফ্ৰণ্ট উন্নয়ন প্ৰকল্পৰ অৰ্থে ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু কামসমূহৰ ক্ষীপ্ৰ ৰূপায়ণ আৰম্ভৰ বাবে অংশীদাৰসকলৰ সৈতে এখনি বৈঠকত মিলিত হয়।

 

ঔপনিৱেশিক কালৰ এটি প্ৰধান নদী বন্দৰ ডিব্ৰুগড়ে ভাৰতৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। কেন্দ্ৰীয় মন্ত্ৰীজনে উল্লেখ কৰে যে ডিব্ৰুগড়ক দেশখনৰ এটি প্ৰধান নদী বন্দৰ হিচাপে গঢ়ি তুলিবলৈ আকৌ এবাৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনডব্লিউ ২ (ব্ৰহ্মপুত্ৰ) আৰু এনডব্লিউ ১৬(বৰাক) ৰ উন্নয়নত আগবঢ়োৱা সুযোগৰাজিয়ে বাংলাদেশৰ সৈতে আমাৰ যোগাযোগ ব্যৱস্থাক প্ৰশস্ত কৰিছে আৰু আমি বিশ্বখনৰ বজাৰসমূহত প্ৰৱেশৰ অৰ্থে পথ মুকলি কৰি তুলিছে। সেয়েহে আমি এমএমএলপি স্থাপন কৰিছো আৰু অসমৰ ভিন্ন প্ৰান্তৰ নদী বন্দৰসমূহৰ বিকাশ সাধন কৰিছো। ডিব্ৰুগড়ত কাৰ্গ’ আৰু যাত্ৰীসকলৰ অৰ্থে এটি বন্দৰ নিৰ্মাণ কৰা হ'ব," মন্ত্ৰীজনে কয়। তেওঁ লগতে কয় যে বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ মন্ত্ৰালয়, অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু উত্তৰ পূব সীমান্ত ৰে'লৱেই বগীবিল দলঙৰ সমীপত অঞ্চলটোৰ উন্নয়নৰ অৰ্থে একেলগে কাম কৰি আছে।

"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ এক্ট ইষ্ট পলিচীয়ে উত্তৰ পূবক এক যোগাযোগ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰী গতিশক্তি- ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ জৰিয়তে, ব্ৰহ্মপুত্ৰ নদীত কাৰ্গ’ চলাচল ত্বৰান্বিতকৰণৰ অৰ্থে এক সংহত পৰিকল্পনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ই নিয়োগৰ পথ প্ৰশস্ত কৰিব আৰু স্থানীয় পণ্যৰাজিক বৈশ্বিক বজাৰত প্ৰৱেশাধিকাৰ প্ৰদান কৰিব," কেন্দ্ৰীয় মন্ত্ৰীজনে কয়। তেওঁ লগতে কেনেদৰে উন্নত যোগাযোগ ব্যৱস্থাই জনসাধাৰণৰ জীৱন যাত্ৰাত আমূল পৰিৱৰ্তন সাধন কৰিছে, অঞ্চলটোৰ যুৱক-যুৱতী আৰু ব্যৱসায়ীসকলক ঘৰুৱা তথা একেদৰে আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে সেই সন্দৰ্ভত কয়।

এই কাৰ্য্যসূচীত আইডব্লিউএআইৰ সদস্য (কাৰিকৰী) শ্ৰী আশুতোষ গৌতম, অসম চৰকাৰ (GoA) ৰ প্ৰধান আয়ুক্ত (পৰিবহণ) শ্ৰী কেকে দ্বিবেদী, এনএফ ৰে'লৱেৰ জিএম শ্ৰী অংশুল গুপ্তা তথা বিষয়া-বৰ্গ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

****



(Release ID: 1766501) Visitor Counter : 170