স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতে 'এশ কোটি' টীকাকৰণৰ উল্লেখনীয় মাইলৰ খুঁটি আহৰণ কৰিছে


বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.১৫%; মাৰ্চ ২০২০ৰ পৰা সৰ্বাধিক

যোৱা ২৪ ঘণ্টাত ১৮,৪৫৪টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে

ভাৰতৰ সক্ৰিয় ঘটনাৰ সংখ্যা বৰ্তমান ১,৭৮,৮৩১

সাপ্তাহিক সক্ৰিয়তাৰ হাৰ (১.৩৪%) যোৱা ১১৮ দিনত ৩%তকৈ কম

Posted On: 21 OCT 2021 11:44AM by PIB Guwahati

এক ঐতিহাসিক প্ৰাপ্তি আহৰণ কৰি, দেশত প্ৰদান কৰা কোভিড-১৯ ভেকচিনৰ ড'জৰ সংখ্যাই ১০০ কোটিৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। এটা টুইটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক অভিনন্দন জনাইছে আৰু দেশৰ বিজ্ঞানী সমাজ আৰু স্বাস্থ্য কৰ্মীসকলক এই আকৰ্ষণীয় লক্ষ্যত উপনীত হোৱা বাবে শ্ৰদ্ধা নিবেদন কৰিছে।

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ মনসুখ মন্দাভিয়ায়ো এই অভিলেখ আহৰণ কৰাত দেশক অভিনন্দন জনাইছে।

 

যোৱা ২৪ ঘণ্টাত ১৭,৫৬১জন ৰোগীৰ আৰোগ্যৰ ফলত আৰোগ্য ৰোগীৰ মুঠ সংখ্যা (মহামাৰী আৰম্ভ হোৱাৰ পৰা) ৩,৩৪,৯৫,৮০৮ হ'লগৈ।

 

একেদৰে, ভাৰতৰ আৰোগ্যৰ হাৰ বৰ্তমান ৯৮.১৫%। মাৰ্চ ২০২০ৰ পৰা এয়া আৰোগ্যৰ হাৰ বৰ্তমান সৰ্বাধিক।

 

কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ দীৰ্ঘস্থায়ী আৰু সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত দৈনিক নতুন ঘটনাৰ সংখ্যা একেৰাহে ১১৬ দিন ধৰি ৫০,০০০ৰ তলত আছে। 

 

যোৱা ২৪ ঘণ্টাত ১৮,৪৫৪টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে।

 

সক্ৰিয় ঘটনাৰ সংখ্যা বৰ্তমান ২ লাখৰ তলত আছে আৰু বৰ্তমান ১,৭৮,৮৩১। বৰ্তমান সক্ৰিয় ঘটনাৰ দেশৰ মুঠ সক্ৰিয় ঘটনাৰ ০.৫২%, যিটো মাৰ্চ ২০২০ৰ পিছত সৰ্বনিম্ন।

 

সমগ্ৰ দেশজুৰি পৰীক্ষাৰ সক্ষমতা অহৰহ বাঢ়ি আছে। যোৱা ২৪ ঘণ্টাত মুঠ ১২,৪৭,৫০৬টা পৰীক্ষা কৰা হৈছে। বৰ্তমানলৈকে ভাৰতে মুঠ ৫৯.৫৭ কোটিৰো অধিক (৫৯,৫৭,৪২,২১৮) পৰীক্ষা সম্পন্ন কৰিছে।

 

সমগ্ৰ দেশতে পৰীক্ষাৰ সক্ষমতা বৃদ্ধি কৰাৰ বিপৰীতে, সাপ্তাহিক সক্ৰিয়তাৰ হাৰ হৈছে ১.৩৪% যিটো যোৱা ১১৮ দিনত ৩%ৰ কম। দৈনিক সক্ৰিয়তাৰ হাৰ হৈছে ১.৪৮%। দৈনিক সক্ৰিয়তাৰ হাৰ যোৱা ৫২ দিন ধৰি ৩%ৰ তলত আছে আৰু বৰ্তমান একেৰাহে ১৩৫ দিন ধৰি ৫%ৰ তলত আছে।

 

****

 

MV



(Release ID: 1766484) Visitor Counter : 199